NORTHEAST NOW (Assamese)

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

July 14, 2025 9:10 am · এন ই নাও নিউজ, নতুন দিল্লী

৬ দিন সন্ধানহীন হৈ থকাৰ পিছত ত্ৰিপুৰাৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে। স্নেহা দেৱনাথ নামৰ যুৱতীগৰাকী আছিল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী। বান্ধৱীক লগ কৰিবলৈ ওলাই গৈ আৰু ঘূৰি নাহিল।

ত্ৰিপুৰাৰ ছাবৰুমৰ পৰিয়ালে যোগাযোগ কৰিব নোৱাৰি আৰক্ষীক খবৰ দিয়ে। মুখ্যমন্ত্ৰী মাণিক সাহাইও ঘটনাটোত হস্তক্ষেপ কৰে। অৱশেষত যমুনা নদীত উদ্ধাৰ হয় স্নেহাৰ মৃতদেহ।

দিল্লীৰ গীতা কলনীৰ এখন ফ্লাই অভাৰৰ সমীপত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় স্নেহাৰ মৃতদেহ। উদ্ধাৰ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

তদন্তৰ অন্তত আৰক্ষীয়ে জনোৱা মতে, স্নেহাই হাতে লিখা এখন টোকা এৰি থৈ গৈছিল, য’ত আত্মহত্যাৰ ইংগিত পোৱা গৈছে। সূত্ৰ অনুসৰি তেওঁৰ পঢ়া-শুনাক লৈ কোনো অশান্তি নাছিল, বৰঞ্চ মানসিক অশান্তি মূলতঃ পাৰিবাৰিক কাৰণতহে হৈছিল।

যোৱা ৭ জুলাইত ছাত্ৰীগৰাকীয়ে কেবত উঠি উত্তৰ দিল্লীৰ চিগনেচাৰ ব্ৰীজ পৰ্যন্ত গৈছিল। তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল। আৰক্ষীয়ে টেকনিকেল চাৰ্ভাইলেঞ্চৰ জৰিয়তে তেওঁৰ মোবাইল লোকেশ্যন ট্ৰেক কৰি জনায় যে তেওঁৰ শেষ স্থান আছিল চিগনেচাৰ ব্ৰীজ। উত্তৰ দিল্লীৰ মজনু কা টিলাৰ অলপ তলত ১০ কিলোমিটাৰ নিলগৰ গীতা কলনীৰ সমীপত নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় তেওঁৰ মৃতদেহটো।

আৰক্ষীয়ে জনোৱা মতে, কেব চালকজনৰ সৈতে কথা পতাৰ পিছত ঘটনাৰ সময়কাল পুনৰ নিৰ্মাণ কৰা হৈছে। কেইবাজনো প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছিল যে তেওঁলোকে দলঙৰ ওপৰত থিয় হৈ থকা এগৰাকী ছোৱালীক দেখিছিল যদিও পিছত তেওঁক দেখা পোৱা নাছিল।

স্নেহাৰ সন্ধানত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু দিল্লী আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। উত্তৰ দিল্লীৰ নিগম বোধ ঘাটৰ পৰা উত্তৰ প্ৰদেশৰ নয়ডালৈকে যোৱা কেইদিনমানৰ পৰা এই অভিযান অব্যাহত আছিল।

আৰক্ষীয়ে লগতে জনোৱা মতে, ৭ জুলাইৰ পুৱা স্নেহাই তেওঁৰ একাংশ ঘনিষ্ঠ বন্ধুলৈ ইমেইল আৰু মেছেজ প্ৰেৰণ কৰিছিল। বন্ধুসকলে আৰক্ষীক জনোৱা মতে, যোৱা কেইমাহমানৰ পৰা স্নেহা মানসিকভাৱে অস্থিৰ হৈ আছিল।

এই ঘটনাৰ পিছত স্নেহাৰ পৰিয়াল আৰু একাংশ বন্ধুৱে অভিযোগ কৰিছে যে যদিও চিগনেচাৰ ব্ৰীজত পৰ্যাপ্ত নিৰীক্ষণ  আছে, তথাপিও ঘটনাৰ সময়ত কোনো চিচিটিভি কেমেৰা কাম কৰা নাছিল। তেওঁলোকৰ মতে, কেমেৰাবোৰ সুচল থকা হ’লে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি তেওঁক উদ্ধাৰ কৰিব পৰা গ’লহেঁতেন।

Related News