• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লৰ্ডছত দ্বিতীয় ইনিংছত দ্ৰুত ৪টা উইকেট হেৰুৱালে ভাৰতে; জয়ৰ বাবে আৰু ১৩৫ ৰানৰ প্ৰয়োজন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 14, 2025 8:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লৰ্ডছ টেষ্টৰ চতুৰ্থ দিনৰ অন্যতম কৃতিত্ব আছিল ইংলেণ্ডক ১৯২ ৰানতে অল আউট কৰা। বুমৰহৰ নেতৃত্বত ছিৰাজ, আকাশ, নীতিশ, ৱাশ্বিংটনৰ সৌজন্যত এই কাম সম্ভৱ হৈছিল। অৱশ্যে দিনটোৰ শেষত ভাৰতীয় বেটছমেনৰ প্ৰদৰ্শনে টেষ্ট জয়ৰ ওপৰত শংকাৰ সৃষ্টি কৰিবলৈ যথেষ্ট।

চতুৰ্থ দিনৰ শেষত মাত্ৰ ৫৮ ৰান সংগ্ৰহ কৰিয়েই ৪টা উইকেট হেৰুৱায় ভাৰতে। প্ৰথম ইনিংছৰ পিছত দ্বিতীয় ইনিংছতো ব্যৰ্থ হয় শুভমন গিল। যশস্বী জয়ছোৱাল আৰু কৰুণ নায়াৰেও ৰান সংগ্ৰহত ব্যৰ্থ হয়। ভাগ্যৰ বলত বৰ্তি থাকিল লোকেশ ৰাহুল।

Apply Now

লৰ্ডছ টেষ্টত জয়ী হৈ শৃংখলাত আগবাঢ়ি থাকিবলৈ ভাৰতক আৰু ১৩৫ ৰানৰ প্ৰয়োজন। আনহাতে ইংলেণ্ডক প্ৰয়োজন ৬টা উইকেটৰ। পঞ্চম দিনটোত গম পোৱা যাব ভাগ্যই কাক সংগ দিয়ে।

তৃতীয় দিনৰ শেষত লৰ্ডছত শুভমন গিলক ভাল মুডত দেখা গৈছিল। চতুৰ্থ দিনতো সেই দমনীয় মেজাজ বজাই ৰাখিলে টিম ইণ্ডিয়াৰ ক্ৰিকেটাৰসকলে। ইংলেণ্ডে মাত্ৰ ১৯২ ৰানত অল আউট হোৱাৰ সময়তে ভাৰতে জয়ৰ গোন্ধ পাইছিল। মধ্যাহ্ন ভোজন বিৰতিৰ পূৰ্বে চাৰিটা উইকেট হেৰুৱাই ইংলেণ্ড হেঁচাত পৰিছিল।

মধ্যাহ্ন ভোজন বিৰতিৰ পিছতো তেওঁলোকৰ দুৰ্দশা শেষ নহ’ল। ইংলেণ্ডৰ হৈ জো ৰুটে (৪০) সৰ্বাধিক স্ক’ৰ কৰে। অধিনায়ক বেন ষ্টোকেছে ৩৩ ৰান সংগ্ৰহ কৰে। ৱাশ্বিংটন সুন্দৰে টিম ইণ্ডিয়াৰ হৈ বলিংত ব্যতিক্ৰমী প্ৰদৰ্শন আগবঢ়ায়। তেওঁ ২২ ৰানত ৪ টা উইকেট দখল কৰে।

আনহাতে, বুমৰাহ আৰু ছিৰাজে ২টাকৈ উইকেট দখল কৰে। আকাশ দীপ আৰু নীতিশ ৰেড্ডীয়ে ১ টাকৈ উইকেট দখল কৰে। এনে দলীয় বলিঙৰ প্ৰদৰ্শনো বহুদিনৰ মূৰত দেখা গ’ল। লিডছ টেষ্টত বুমৰাহৰ আধিপত্য দেখা গৈছিল। এজবাষ্টনত আকাশ দীপ আৰু মহম্মদ চিৰাজে ভাল প্ৰদৰ্শন কৰিছিল। লৰ্ডছত প্ৰথম ইনিংছত পুনৰ দুৰ্দান্ত ফৰ্ম দেখা গৈছিল। আৰু এইবাৰ ইংলেণ্ডৰ ইনিংছটো পাঁচজন বলাৰৰ সমূহীয়া প্ৰদৰ্শনে স্তব্ধ কৰিলে। ভাৰতৰ সন্মুখত লক্ষ্য আছিল ১৯৩ ৰান।

ইয়াৰ পিছত ছন্দপতন ঘটিছিল। যশস্বী জয়ছৱালে জোফ্ৰা আৰ্চাৰৰ অফ ষ্টাম্পৰ বাহিৰত বাউন্সাৰত আঘাত কৰি শূন্য ৰানতে উভতি আহে। মেচ বিজয়ী পৰিস্থিতিত এনে শ্বট খেলাটো ‘অক্ষমণীয় অপৰাধ’। ৰাহুলকো আৰম্ভণিতে অলপ শিথিল যেন লাগিছিল। ৫ ৰানত নিজৰ বলত ৰাহুলৰ সহজ কেচ ড্ৰপ কৰে ৱ’কেছে।

ইয়াৰ পিছতে ব্ৰাইডন কাৰ্টিছৰ বল এৰিবলৈ গৈ ১৪ ৰানৰ পিছত এলবিডব্লিউ আউট হয় কৰুণ নায়াৰ। এই টেষ্টৰ শ্ৰেষ্ঠ বেটছমেন ভাৰতীয় অধিনায়ক শুভমন গিলেও বেছি সময় বৰ্তি থাকিবলৈ সক্ষম নহ’ল। ফলত ৰাহুলক সংগ দিবলৈ ক্ৰীজলৈ আহিছিল নৈশ প্ৰহৰী আকাশ দীপ। কিন্তু কাম নিসিজিল।

ভাৰতক জয়ী হ’বলৈ আৰু ১৩৫ ৰানৰ প্ৰয়োজন। হাতত ৬টা উইকেট আছে। ৩৩ ৰানত বেটিং কৰি আছে ৰাহুলে। অৰ্থাৎ পঞ্চম দিনৰ আৰম্ভণিতে তেওঁৰ কান্ধত ডাঙৰ দায়িত্ব।

সংক্ষিপ্ত স্কোৰঃ

প্ৰথম ইনিংছ

ইংলেণ্ড-৩৮৭ (ৰুট ১০৪, বুমৰা ৫/৭৪)

ভাৰত- ৩৮৭ (ৰাহুল ১০০, ৱকছ ৩/৮৪)

দ্বিতীয় ইনিংছ

ইংলেণ্ড-১৯২ (ৰুট ৪০, ৱাশ্বিংটন ৪/২২)

ভাৰত-৫৮/৪ (ৰাহুল ৩৩ নট আউট, কাৰ্ছ ১১/২)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

নিজে নিজৰ শত্ৰু! শৰীৰক তিল তিলকৈ ধ্বংস কৰা ‘মাল্টিপল স্ক্লেৰ’ছিছ’ নামৰ ৰোগবিধ প্ৰকৃততে কি?

June 9, 2026 7:00 am
ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd