দিল্লীত মহিলাক অপহৰণ কৰি দুদিন ধৰি দলবদ্ধ ধৰ্ষণ পাঁচ দুৰ্বৃত্তৰ: যৌনাঙ্গত সোমোৱাই দিয়া হ’ল লোহাৰ ৰড

Gang-Rape in Delhi

দেশৰ ৰাজধানী চহৰ দিল্লীত সংঘটিত আন এক নৃশংস ধৰ্ষণকাণ্ডই পুনৰবাৰ জোকাৰি গৈছে সমগ্ৰ দেশ। এগৰাকী ৪০ বৰ্ষীয় মহিলাক অপহৰণ কৰি পাঁচ দুৰ্বৃত্তই দুদিন ধৰি দলবদ্ধ ধৰ্ষণৰ লগতে অমানুষিক শাৰীৰিক আতিশয্য চলাই মুমূৰ্ষ অৱস্থাত পথৰ কাষত পেলাই থৈ যোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

দিল্লীৰ গাজিয়াবাদত সংঘটিত হৈছে এই নৃশংস কাণ্ড। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে মহিলাগৰাকীৰ পৰিচিত পাঁচগৰাকী ব্যক্তিৰ দ্বাৰাই এনে ভয়াৱহ অত্যাচাৰৰ বলি হ’বলগীয়া হৈছে। ইতিমধ্যে ঘটনাৰ চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালে এক টুইট যোগে জানিবলৈ দিয়া মতে মহিলাগৰাকীক অমানুষিক অত্যাচাৰ চলাই যৌনাঙ্গত লোহাৰ ৰড ভৰাই দিয়া হৈছিল। অতি গুৰুতৰ অৱস্থাত চিকিৎসাধীন হৈ থকা মহিলাগৰাকীৰ দেহৰ ভিতৰত এতিয়াও লোহাৰ ৰড সোমাই আছে বুলি মালিৱালে জানিবলৈ দিছে।

প্ৰকাশিত খবৰ অনুসৰি মঙলবাৰে গাজিয়াবাদ আৰক্ষীয়ে চহৰখনৰ আশ্ৰম ৰোডৰ ওচৰত পৰি থকা মহিলাগৰাকীৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে অতি সংকটজনক অৱস্থাত তেওঁক উদ্ধাৰ কৰি স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰিছিল। লগতে মহিলাগৰাকীৰ ভাষ্য অনুসৰি আৰক্ষীয়ে এক অভিযোগ পঞ্জীয়ন কৰিছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে গাজিয়াবাদত এক জন্মদিনৰ অনুষ্ঠানৰ পিছত মহিলাগৰাকী দিল্লীলৈ উভতি যোৱাৰ বাবে তেওঁৰ ভায়েকে বাছ ষ্টেণ্ডত এৰি গৈছিল। বাছৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে এখন গাড়ী মহিলাগৰাকীৰ ওচৰলৈ আহে আৰু পাঁচগৰাকী লোকে মহিলাগৰাকীক বলপূৰ্বকভাৱে গাড়ীত উঠাই অজ্ঞাত স্থানলৈ লৈ যায়।

ইয়াৰ পিছত দুদিন ধৰি দুৰ্বৃত্ত কেইগৰাকীয়ে মহিলাগৰাকীক ধৰ্ষণ কৰে আৰু বিকৃত যৌন মানসিকতা পূৰণৰ নামত মহিলাগৰাকীৰ যৌনাঙ্গত লোহাৰ ৰড ভৰাই দিয়ে। গাজিয়াবাদৰ আৰক্ষীৰ এগৰাকী বিষয়াই সম্পত্তি সম্পৰ্কীয় বিবাদৰ পৰিণতিত প্ৰতিশোধ পূৰণৰ বাবে অভিযুক্তসকলে এনে নাৰকীয় অত্যাচাৰ চলায় বুলি জানিবলৈ দিছে।

ইফালে দিল্লী মহিলা আয়োগে গাজিয়াবাদৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক অভিযুক্তৰ বিৱৰণ বিচাৰি এক জাননী জাৰি কৰিছে। স্বাতী মালিৱাল স্বাক্ষৰিত জাননীখনত উল্লেখ কৰা মতে প্ৰচুৰ ৰক্তক্ষৰণ হৈ থকা মহিলাগৰাকীক গুৰুতৰ অৱস্থাত পোৱা গৈছিল। সংকটজনক অৱস্থাত থকা মহিলাগৰাকীৰ দেহৰ ভিতৰত এতিয়াও এডাল লোহাৰ ৰড আছে বুলি মালিৱালে লগতে উল্লেখ কৰিছে।