• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সন্দেহেই কাল: স্বামীৰ সৈতে সম্পৰ্কৰ সন্দেহত নিজ ভগ্নীক গুলীয়ালে মহিলাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2023 7:40 pm
woman shot sister

প্ৰতিনিধিত্বমূলক ছবি

8.1k
VIEWS
Share on FacebookShare on Twitter

এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে দেশৰ ৰাজধানী চহৰ দিল্লী। সন্দেহৰ বশৱৰ্তী হৈ নিজ ভগ্নীক বন্দুকেৰে গুলীয়াইছে এগৰাকী মহিলাই। স্বামীৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছে বুলি সন্দেহ কৰিয়েই মহিলাগৰাকীয়ে তেওঁৰ নিজ ভগ্নীলৈ গুলীচালনা কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে গুলীচালনাৰ অভিযোগত ৩০ বৰ্ষীয় মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। চনু নামৰ ধৃত মহিলাগৰাকীৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ লগতে অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

মহিলাগৰাকীৰ আক্ৰমণত আহত হোৱা তেওঁৰ ভগ্নীক চুমাইলা বুলি চিনাক্ত কৰা হৈছে। অভিযোগ অনুসৰি চনুৱে গুলী চলোৱাৰ লগতে বন্দুকেৰে উপৰ্যুপৰি আঘাত কৰিছিল চুমাইলাক।

প্ৰকাশিত খবৰ অনুসৰি, তেওঁলোকৰ পৰিয়াল উত্তৰ-পূব দিল্লীৰ শাস্ত্ৰী পাৰ্কৰ বুলন্দ মছজিদ অঞ্চলত বাস কৰে। ২০ বছৰীয়া চুমাইলাৰ অভিযোগ মতে, জ্যেষ্ঠ ভগ্নী চনুৱে তেওঁক বুধবাৰে সন্ধিয়া প্ৰায় ৬:৩০ বজাত দেশীয় পিষ্টলেৰে গুলীয়াই হত্যা কৰাৰ চেষ্টা কৰিছিল।

কনিষ্ঠ ভগ্নীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত জ্যেষ্ঠ ভগ্নী চুমাইলাক গ্ৰেপ্তাৰ কৰে। এই সন্দৰ্ভত সত্যাসত্য নিৰ্ণয়ৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Recent News

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

এতিয়া ‘ফলৰ ৰজা’ আমৰ বতৰ, দৈনিক এটাকৈ আম খালে লাভ কৰিব বহু সুফল! সবিশেষ…

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন সংযোজন! ইঅ’এছ-০৯ উপগ্ৰহ উৎক্ষেপণৰ বাবে সাজু ইছৰো  

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ: ৬ সপ্তাহৰ ভিতৰত বাকী ২৫% ডিএ পৰিশোধ কৰিব লাগিব পশ্চিমবঙ্গ চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd