• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাজনীতিৰ কলীয়া ডাৱৰে ঢাকিছে ‘অপাৰেচন সিন্দূৰ’ক ! কংগ্ৰেছৰ তালিকা অগ্ৰাহ্য কৰি শশী থাৰুৰক প্ৰতিনিধি নিযুক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 17, 2025 10:00 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদৰ বিষয়ে আলোচনাৰ বাবে বিভিন্ন দেশলৈ সাতটা প্ৰতিনিধি দল পঠোৱাৰ সিদ্ধান্ত লৈছে, য’ত বিভিন্ন দলৰ সাংসদসকলক অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু এই প্ৰক্ৰিয়াত কংগ্ৰেছৰ প্ৰস্তাৱিত নামৰ তালিকা অগ্ৰাহ্য কৰি বিজেপি চৰকাৰে তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰক এটা দলৰ নেতা হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তই ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছে।

জানিব পৰামতে শুকুৰবাৰে কেন্দ্ৰই কংগ্ৰেছৰ পৰা চাৰিটা নাম প্ৰস্তাৱ কৰিবলৈ কৈছিল, আৰু দুপৰীয়াৰ ভিতৰত কংগ্ৰেছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মা, লোকসভাৰ উপ-নেতা গৌৰৱ গগৈ, ৰাজ্যসভাৰ সাংসদ চৈয়দ নাছিৰ হুছেইন, আৰু ৰাজা বাৰাদৰ নাম প্ৰেৰণ কৰিছিল। কিন্তু এই তালিকাত শশী থাৰুৰৰ নাম অন্তৰ্ভুক্ত নাছিল। তথাপিও শনিবাৰে কেন্দ্ৰই থাৰুৰক প্ৰতিনিধি দলৰ নেতা হিচাপে ঘোষণা কৰে, যাৰ ফলত কংগ্ৰেছৰ ভিতৰত অস্বস্তিৰ সৃষ্টি হৈছে। থাৰুৰে এই নিযুক্তিক “সন্মানজনক” বুলি উল্লেখ কৰি কৈছে, “জাতীয় স্বাৰ্থৰ ক্ষেত্ৰত আমি সদায় উপস্থিত থাকিম।”

Apply Now

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে শনিবাৰে সামাজিক মাধ্যমত পোষ্টৰ জড়িয়তে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁলোকৰ প্ৰস্তাৱিত তালিকা অগ্ৰাহ্য কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে। শনিবাৰে চৰকাৰে জানিবলৈ দিয়ে যে প্ৰতিনিধি দলসমূহৰ নেতৃত্বত থাকিব বিজেপিৰ ৰবি শংকৰ প্ৰসাদ, জেডিইউৰ সঞ্জয় কুমাৰ ঝা, বিজেপিৰ বৈজয়ন্ত পাণ্ডা, ডিএমকেৰ কণিমোঝি কৰুণানিধি, এনচিপিৰ সুপ্ৰিয়া চুলে, শিৱসেনাৰ শ্ৰীকান্ত শিণ্ডে, আৰু শশী থাৰুৰ। এই ঘটনাই কংগ্ৰেছৰ ভিতৰত থাৰুৰক লৈ পূৰ্বৰ বিতৰ্ক পুনৰ উজ্জীৱিত কৰি তুলিছে। কেইমাহমান পূৰ্বে থাৰুৰে আমেৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বৈঠকৰ প্ৰশংসা কৰি বিতৰ্কৰ মাজত সোমাই পৰিছিল। তেতিয়া তেওঁ স্পষ্ট কৰিছিল যে তেওঁ কংগ্ৰেছৰ হৈ কাম কৰিবলৈ সদায় সাজু, কিন্তু দলত তেওঁৰ প্ৰয়োজন নহ’লে তেওঁৰ “অন্যান্য কাম” আছে।

উল্লেখ্য যে ‘অপাৰেচন সিন্দূৰ’ৰ পাছত ভাৰত-পাকিস্তানৰ সামৰিক সংঘাতৰ মাজত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ ভাৰতে এই প্ৰতিনিধি দল প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কাৰিছে। এইক্ষেত্ৰতো দলীয় ৰাজনীতিৰ  খেল দেখিবলৈ পোৱা গৈছে। প্ৰসংগক্ৰমে চলিত মাহৰ আৰম্ভণিতে তিৰুৱনন্তপুৰমত ভিংজাম বন্দৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে থাৰুৰৰ উপস্থিতিৰ উল্লেখ কৰি কংগ্ৰেছৰ সমালোচনা কৰিছিল। এই সকলো ঘটনাই কংগ্ৰেছৰ ভিতৰত থাৰুৰৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd