NORTHEAST NOW (Assamese)

আৰক্ষীৰ জালত দিল্লীৰ ‘লেডী ডন’! এক কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ

February 21, 2025 2:23 pm · এন ই নাও নিউজ, গুৱাহাটী

কেইবাবছৰ ধৰি চলোৱা সন্ধানৰ পাছত অৱশেষত আৰক্ষীৰ জালত পৰিল দিল্লীৰ ‘লেডী ডন জ’য়া খান। ২৭০ গ্ৰাম হেৰইনৰ সৈতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য এক কোটি টকা।

’য়া হৈছে গেংষ্টাৰ হাছিম বাবাৰ তৃতীয় পত্নী। দীৰ্ঘদিন ধৰি তেওঁ দিল্লী আৰক্ষীৰ চকুত আছিল। এজন গেংষ্টাৰৰ পত্নী হোৱাৰ পাছতো আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ড্ৰাগছ ব্যৱসায়ৰ কোনো শক্তিশালী প্ৰমাণ বিচাৰি উলিয়াব পৰা নাছিল। ফলত আৰক্ষীৰ চোৰাংচোৱাগিৰিত থাকিও তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নগল। হাছিম জেললৈ যোৱাৰ পাছত জ’য়াই হাছিমৰ ড্ৰাগছ সাম্ৰাজ্যৰ দায়িত্ব লয়। কিন্তু তেওঁ গোটেই ব্যৱসায়টো ইমানেই চতুৰতাৰে চম্ভালিছিল যে তেওঁৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপৰ কোনো আৰক্ষীয়ে প্ৰমাণ গোটাব পৰা নাছিল।

উল্লেখ্য যে, হাছিমৰ বিৰুদ্ধে হত্যা, ধন দাবী, চোৰাং ব্যৱসায়কে ধৰি ১২টাতকৈও অধিক গোচৰ আছে। বৰ্তমান তেওঁ কাৰাগাৰত আছে। কিন্তু তেওঁৰ অনুপস্থিতিত ‘লেডী ডনে সমগ্ৰ গেংটো পৰিচালনা কৰে। স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছত ২০১৭ চনত হাছিমক বিয়া কৰাইছিল জ’য়াই। দুয়োজনেই উত্তৰ-পূব দিল্লীৰ বাসিন্দা আৰু সংঘটিতভাৱে ইজনে সিজনৰ চুবুৰীয়া। সেই সূত্ৰৰ ওপৰত ভিত্তি কৰি কথা-বতৰা, প্ৰেম আৰু তাৰ পিছত বিবাহ। সূত্ৰ অনুসৰি জয়াৰ এই ব্যৱসায়ত জড়িত হোৱাৰ আঁৰত আছিল ডাউদ ইব্ৰাহিমৰ ভগ্নী হাছিনা পাৰ্কাৰ।

আৰক্ষীৰ সূত্ৰৰ মতে, ড্ৰাগছ সাম্ৰাজ্য চলোৱাৰ পাছতো জয়াই নিজৰ প্ৰতিচ্ছবি বজাই ৰাখিছিল। ধনী মানুহৰ লগত আড্ডা দিছিল, পাৰ্টিলৈ গৈছিল, বিলাসী কাপোৰ আৰু গহনা পৰিধান কৰিছিল। ছচিয়েল মিডিয়াত তেওঁ যথেষ্ট সক্ৰিয়। তেওঁৰ বহু অনুগামীও আছে। দিল্লী আৰক্ষীৰ বিশেষ কোষে কেইবাবছৰ ধৰি জ’য়াক ধৰিবলৈ চেষ্টা চলাইছিল। কিন্তু একো পোৱা নাছিলোঁ। অৱশেষত উত্তৰ-পূব দিল্লীৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ হয়।

য়াৰ পৰিয়ালৰ সদস্যসকলো অপৰাধমূলক কাৰ্যত জড়িত হৈ আছে। ২০২৪ চনত তেওঁৰ মাতৃক ছেক্স ৰেকেট চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান জামিনত মুক্ত। জ’য়াৰ দেউতাক ড্ৰাগছৰ ব্যৱসায়ত জড়িত। উত্তৰ-পূব দিল্লীত সক্ৰিয় কেইটামান গেংৰ ভিতৰত হাছিম বাবা গেং অন্যতম। ইয়াৰ উপৰিও চেনু গেং আৰু নাছিৰ পেহলৱান গেঙো তাত যথেষ্ট সক্ৰিয়।

Related News