নতুন দিল্লীত পুনৰ উত্থাপিত হ’ল স্বায়ত্ত শাসিত ৰাজ্যৰ দাবী

KAAC

কাৰ্বি স্বায়ত্ত পৰিষদৰ কাৰ্যালয়ৰ ফাইল ফটো

পুনৰ এখন সুকীয়া স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীত বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুক সাক্ষাৎ কৰে কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্ত পৰিষদৰ এটা প্ৰতিনিধি দলে।

প্ৰতিনিধি দলটোক নেতৃত্ব দিয়ে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে।

এখন সুকীয়া স্বায়ত্ত শাসিত ৰাজ্যৰ তেওঁলোকৰ দাবী উত্থাপন কৰি নেতাসকলে লগতে ৰিজিজুক এইক্ষেত্ৰত এক ৰাজনৈতিক স্তৰত আলোচনাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

‘’ গৃহ মন্ত্ৰ্যালয়ে আমাক আশ্বাস দিছে যে আমাৰ দাবীক লৈ প্ৰতি তিনিমাহত এখন বৈঠক অনুষ্ঠিত কৰা হ’ব,’’-ৰংহাঙে কয়।

প্ৰতিনিধি দলটোৱে লগতে তেওঁলোকৰ দাবীসমূহ উল্লেখ কৰি ৰিজিজুৰ হাতত এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

‘’ আমি নিৰন্তৰ বিশ্বাস কৰো যে আমি উত্থাপন কৰা সকলোবোৰ সমস্যাৰে শ্ৰেষ্ঠ সমাধান তথা এখন ঐক্যবদ্ধ তথা শান্তিপূৰ্ণ অসমৰ বাবে ভাৰতীয় সংবিধানৰ ২৪৪ (এ) অনুচ্ছেদৰ অধীনত স্বায়ত্ত শাসিত ৰাজ্য গঠন কৰিব লাগে,’’-প্ৰতিনিধি দলটোৱে এইদৰে ব্যক্ত কৰে।