জনজাতিকৰণৰ আওতাত নহাত অৰ্ধ-উলংগ হৈ দিচপুৰ কঁপালে কলিতা জনগোষ্ঠী সন্মিলনে

৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে যদিও সেইসকলৰ দৰে কলিতাসকলকো জনজাতিকৰণৰ আওতালৈ আনিবৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ পিছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে। যাৰ বাবে আজি বিধানসভা অধিবেশনৰ প্ৰথম দিনটোতে কলিতা জনগোষ্ঠী সন্মিলনে দিচপুৰ লাষ্টগেটত অৰ্ধ উলংগ হৈ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে বৰ্তমানলৈকে কলিতা জনগোষ্ঠীৰ নাম জনজাতিকৰণৰ প্ৰক্ৰিয়া তালিকাতে অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলি জানিবলৈ দি কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ড০ সোমেশ্বৰ কলিতাই লগতে কয় যে জনজাতিকৰণৰ মডেলিটিৰো কোনোধৰণৰ সলনি হোৱা নাই।

তেওঁ লগতে কয় যে ২০১৬ চনতে সেই সময়ৰ ভাৰতৰ মহা পঞ্জীয়ক চন্দ্ৰ মৈলী আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰামে কলিতা জনগোষ্ঠী সন্মিলনক জনাইছিল যে যদিহে ৰাজ্য চৰকাৰে জনজাতিকৰণৰ বাবে আপত্তিবিহীন প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে, তেতিয়া জনজাতিকৰণৰ মডেলিটি সলনি কৰি অসমৰ কলিতাসকলকো তালিকাভুক্ত কৰাত কোনো সাংবিধানিক অসুবিধা নাই।

অহা ৩ ফেব্ৰুৱাৰিৰ ভিতৰত ৰাজ্য চৰকাৰে বিধানসভাত জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰস্তাৱ গ্ৰহণ কৰি তাক কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব লাগে বুলি দাবী জনাই কলিতাই কয়, ‘দুৰ্ভাগ্যৰ কথা যে, যোৱা ৩ বছৰে কলিতা জনগোষ্ঠী সন্মিলনক চৰকাৰে প্ৰতিশ্ৰুতি দিও এতিয়ালৈকে বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰাটো দূৰৰে কথা, জনজাতিকৰণৰ বাবে ‘বিশেষজ্ঞ কমিটিয়েই’ গঠন নকৰিলে।‘

আনহাতে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সম্পূৰ্ণ বিভাজনবাদী নীতিৰে অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচাৰিছে বুলি অভিযোগ কৰি কলিতাই কয়, ‘এইক্ষেত্ৰত চৰকাৰে ‘খিলঞ্জীয়া কলিতা’ সকলক প্ৰতাৰণা কৰিব বিচাৰিছে।‘

‘তেওঁলোকে কেৱল সাম্প্ৰদায়িকতাৰ দৃষ্টিভংগীৰে কেইটামান জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্য্যাদা দিয়ে, তেন্তে তেওঁলোকে জ্বলা জুইত ঘিউ ধলালেখীয়া সিদ্ধান্ত লোৱা হ’ব।‘ কলিতাই কয়।

জনজাতিকৰণ নিদিয়া পৰ্য্যন্ত চৰকাৰৰ নেতা-মন্ত্ৰীসকলক কেতিয়াও ৰেহাই দিয়া নহ’ব বুলি চৰকাৰক সকীয়াই দি তেওঁ কয় যে অসমৰ তিনিটা লোকসভা সমষ্টি আৰু ২৭ টা বিধানসভা সমষ্টিত কলিতা জনগোষ্ঠীৰ লোকৰ সংখ্যা সৰ্বাধিক তথা কলিতা জনগোষ্ঠীৰ ১৮ জন বিধায়ক আছে।

গতিকে ‘কলিতা জনগোষ্ঠীক বাদ দি খিলঞ্জীয়াক ৰক্ষণাবেক্ষণ কেতিয়াও সম্পূৰ্ণ নহ’ব’ বুলি মন্তব্য কৰি তেওঁ এইক্ষেত্ৰত কলিতা জনগোষ্ঠীৰ বিধায়কসকল জনগোষ্ঠীটোৰ স্বাৰ্থত পদক্ষেপ ল’বলৈ আহ্বান জনায়।