কেন্দ্ৰৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা বিমুদ্ৰাকৰণৰ নিতীয়ে আজি ২টা বছৰ অতিক্ৰম কৰা উপলক্ষে প্ৰদেশ কংগ্ৰেছ কমিটিয়ে গুৱাহাটী মহানগৰীত বিমুদ্ৰাকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
গুৱাহাটী ৰে’লৱে ষ্টেশ্যনৰ সমীপৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়ৰ সন্মুখত আজি দিনৰ ১১:৩০ বজাৰ পৰা অনুষ্ঠিত কৰা এই উত্তাল প্ৰতিবাদত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়াকে ধৰি ৰাজ্যিক কংগ্ৰেছৰ বহু কেইগৰাকী শীৰ্ষ নেতা তথা দলটোৰ কেইবা শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে।
প্ৰতিবাদকাৰীসকলে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলাৰ লগতে আৰক্ষীৰ সৈতেও খণ্ডযুদ্ধত লিপ্ত হয়।
কংগ্ৰেছী প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেৰিকেড ভাঙি আগুৱাই যাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে বাধা দিয়াত দুইপক্ষৰ মাজত হতাহতিৰ সৃষ্টি হয়। আনহাতে বেৰিকেড ভাঙি প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, দলপতি দেবব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনকে ধৰি শতাধিক প্ৰতিবাদকাৰীক পাণবজাৰ আৰক্ষীয়ে আটক কৰে।
‘বিমুদ্ৰাকৰণ এক পৰিকল্পিত লুণ্ঠন’ বুলি উল্লেখ কৰি দেবব্ৰত শইকীয়াই কয় যে বিমুদ্ৰাকৰণৰ নিচিনা ক’লা দিন এটাৰ আজি ২বছৰ সম্পূৰ্ণ হ’ল। বিমুদ্ৰাকৰণৰ নামত সাধাৰণ জনতাৰ ওপৰত লুণ্ঠন চলোৱা হৈছে আৰু একে সময়তে পুঁজিপতি সকলৰ হাত মজবুত কৰা হৈছে।