কোভিডৰ সংহাৰৰ মাজতে দিল্লীত পুনৰ ডেংগুৰ সংহাৰ

ভূতৰ ওপৰত দানহ পৰা দি দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত এইবাৰ পুনৰ ডেংগুৱে মহাত্ৰাসৰ সৃষ্টি কৰিছে।

কোভিডে জুৰুলা কৰা দিল্লীত এতিয়া আৰম্ভ হৈছে ডেংগুৰ সংক্ৰমণ । কিছু বছৰ আগতে ৰাজধানী চহৰ খনত ডেংগুই বিষম পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

শেহতীয়াকৈ পুনৰ ৰাজধানী চহৰ খনত কমেও ২০ টা ডেংগু ৰোগৰ ঘটনা সংঘটিত ধৰা পৰিছে। ১-২২ জানুৱাৰীলৈ এই ডেংগু ৰোগীসকলক চিনাক্ত কৰা হৈছে।

উল্লেখ্য ২০১৭ চনত ৰাজধানী চহৰ খনত চনত তিনিটা আৰু ২০১৮ চনত পাঁচটা ডেংগু সংক্ৰমণৰ ঘটনা ধৰা পৰিছিল।

ডেংগু সাধাৰণতে জুলাইৰ পৰা নৱেম্বৰৰ ভিতৰত বেছিকৈ ধৰা পৰে যদিও এইবাৰ জানুৱাৰী মাহত ধৰা পৰাত চিন্তিত হৈ পৰিছে দিল্লীৰ চৰকাৰ

যোৱা বছৰ দিল্লীত ৯,৬১৩ গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছিল। ২০১৬ চনত দিল্লীত এক প্ৰকাৰৰ মহামাৰীৰ ৰূপ ধাৰণ কৰিছিল।

ৰাজধানী চহৰ খনৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ ডেংগু বিয়পি পৰিছিল।

মাজৰ কেইটামান বছৰত ৰাজধানী চহৰ খনত ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা কমিছিল যদিও এতিয়া পুনৰ নতুনকৈ ২০ গৰাকী লোক ডেংগুত আক্ৰান্ত হোৱাত চিন্তিত হৈছে ৰাজ্য খনৰ চৰকাৰ।