প্ৰতিশ্ৰুতি ৰক্ষাত ব্যৰ্থ মোদী : টাৱাৰত উঠি আত্মহত্যাৰ চেষ্টা কাগজকলৰ ভুক্তভোগী কৰ্মচাৰীৰ

PaperMill

যোৱা প্ৰায় দুবছৰ ধৰি বন্ধ হৈ থকা নগাওঁ কাগজকলৰ কৰ্মচাৰীয়ে কলটো পুনৰুজ্জীৱিত কৰাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কোনো অগ্ৰগতি দেখা নাপাই প্ৰতিবাদ কৰিবলৈ আত্মহত্যাৰ দৰে পন্থা ল’ব লগীয়া হৈছে।

২৫ ডিচেম্বৰত বগীবিল দলং উদ্বোধনৰ কাৰ্য্যসূচী লৈ মোদীৰ অসম ভ্ৰমণৰ ২৪ ঘণ্টাৰ দিনৰ পূৰ্বে আজি জাগীৰোডস্থিত কাগজকলটোৰ এজন হতাশাগ্ৰস্ত কৰ্মচাৰীয়ে ম’বাইল টাৱাৰত উঠি আত্মহত্যাৰ চেষ্টা চলায়।

আত্মহত্যাৰ ভাবুকিৰে সুউচ্চ ম’বাইল টাৱাৰত উঠি থকা ব্যক্তিজনক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনাৰ বিষয়ে জানিব পাৰি আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ মানুহজনক বুজাবৰ চেষ্টা কৰে। আৰক্ষী, প্ৰশাসন আৰু উপস্থিত ৰাইজৰ অনুৰোধত অৱশেষত কৰ্মচাৰীজন টাৱাৰৰ পৰা কিছু সময়ৰ পূৰ্বে নামি আহে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে যোৱা ২২ মাহে দৰমহা পোৱা নাই নগাওঁ কাগজ কলৰ কৰ্মচাৰীয়ে। ফলত পৰিয়াল চলোৱা, নিজৰ সন্তানৰ পঢ়া-শুনাৰ খৰচ আদি যোগাৰত চৰম সংকটত পৰিছে কৰ্মচাৰীসকল।

কাগজকলটোৰ আন এজন কৰ্মচাৰীয়েও পূৰ্বে আত্মহননৰ চেষ্টা চলাইছিল। আনহাতে সন্দিকৈ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়েও মুখ্য মন্ত্ৰী সোণোৱালৰ আগত কাগজকলটো বন্ধ হৈ পৰাত কৰ্মচাৰী দেউতাকৰ অৱস্থাৰ কথা বিৱৰি চকুলো টুকিছিল।

আনহাতে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ আগে আগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলচৰৰ এখন জনসভাত ভাষণত ২০১৫ চনৰ অক্টোবৰৰ পৰা বন্ধ হৈ থকা কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ২০১৬ চনৰ ১৩ মাৰ্চৰ পৰা নগাওঁ কাগজকলৰ উৎপাদনো বন্ধহে হ’ল। ফলত কাগজকল দুটাত কৰ্মৰত শ শ কৰ্মচাৰীৰ পৰিয়ালত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

ইফালে বন্ধ হৈ থকা নগাওঁ কাগজকলটো পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰৰ উদ্যোগ বিচাৰি কাগজকল মজদুৰ সংঘৰ এটা সঁজাতী দলে যোৱা বছৰৰ ডিচেম্বৰ মাহত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাত কৰিছিল। তেতিয়াও ৰাজ্যপালজনে কলটো পুনৰুজ্জীৱিত কৰিবৰ বাবে তেওঁ নিজে উদ্যোগ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এই সকলোবোৰ প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকিল।

মোদীৰ ভ্ৰমণৰ দিনাই মানৱ শৃংখলেৰে প্ৰতিবাদ কৰিব নগাওঁ আৰু কাছাৰ কাগজকলৰ কৰ্মচাৰীয়ে

আনহাতে কাগজকল কৰ্মী য়ুনিয়নে জানিবলৈ দিছে যে তেওঁলোকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদত ২৫ ডিচেম্বৰৰ দিনা এটা প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব। এই প্ৰতিবাদী কাৰ্য্যসূচীত দুয়োটা কলৰ কৰ্মচাৰীসকলে নগাওঁ কাগজকলৰ পৰা দেওশাল শিৱমন্দিৰলৈকে বৃহৎ মানৱ শৃংখল উলিয়াব কৰ্মচাৰীসকলে। ২৪ ডিচেম্বৰত অনুষ্ঠিত এখন সংবাদমেলত য়ুনিয়নে এই কথা জানিবলৈ দিয়ে।