অসম-মেঘালয় আন্তঃৰাজ্যিক সীমা সমস্যা সন্দৰ্ভত আলোচনাৰ অৰ্থে গুৱাহাটীত উপস্থিত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী

সীমা সমস্যা সমাধানৰ বাবে গুৱাহাটীত আহি উপস্থিত হৈছে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰিস্তন টিচঙ সহ মন্ত্ৰী বিধায়ক-বিষয়াৰ এটা দল।

কিছু সময় পিছতে দলটোৱে পৰিভ্ৰমণ কৰিব অসম-মেঘালয়ৰ বিবাদমান এলেকা।

মেঘালয়ৰ দলটোৰ সৈতে মন্ত্ৰী পিয়ুষ হাজৰিকা,বিধায়ক অতুল বৰা,উপায়ুক্ত বিশ্বজিত পেগুৰ লগতে উপস্থিত থাকিব শীৰ্ষ আমোলা-বিষয়া।

দুয়োখন ৰাজ্যৰ প্ৰতিনিধি দল দুটাই পৰিভ্ৰমণ কৰিব গুৱাহাটীৰ কইনাধৰা-পাতৰকুচি-পিলিংকটা আদি অঞ্চল।

এসপ্তাহ পূৰ্বে শ্বিলঙত দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ মাজত হৈছিল এখন বৈঠক।

এই বৈঠকত উপস্থিত আছিল মন্ত্ৰী অতুল বৰা,উপায়ুক্ত বিশ্বজিত পেগু।