NORTHEAST NOW (Assamese)

ভুৱা প্ৰচাৰ! মেৰাপানী নিউজ নেটৱৰ্ক ৱেব পৰ্টেলক গোলাঘাট জিলা উপায়ুক্তৰ সকীয়নি

May 15, 2021 7:11 am · মীনাক্ষী ফুকন

মেৰাপানী নিউজ নেটৱৰ্ক নামৰ ৱেব পৰ্টেল এটাই কাছমাৰী আদৰ্শ চিকিৎসালয়ক কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা বুলি প্ৰচাৰ কৰা বাতৰি সম্পূৰ্ণৰূপে মিছা।

সংকটৰ সময়ত এনে ভুৱা বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থকা উচিত। কিয়নো ইয়াৰ দ্বাৰা সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ লগতে অসুস্থ লোকসকল চিকিৎসাৰ পৰা বঞ্চিত হ’ব।

জিলা প্ৰশাসন আৰু গোলাঘাট স্বাস্থ্য বিভাগে দিনে নিশাই ক’ভিড পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।

এনে পৰিস্থিতিত একোটা ভুৱা বাতৰিয়ে ৰাইজক বিভ্ৰান্ত কৰিব পাৰে। এনে ভুৱা বাতৰি প্ৰচাৰ কৰা লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা উপায়ুক্তই সকীয়াই দিছে।

এনে কাৰ্য কৰা লোকৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উপায়ুক্তগৰাকীয়ে  স্পষ্ট কৰি দিছে।

Related News