ডেপুটি ৰেঞ্জাৰ উমেশ চন্দ্ৰ দত্তক গ্ৰেপ্তাৰ : এজন এজনকৈ জালত পৰি আছে দৈগ্ৰোং বালি মহল কেলেংকাৰিৰ অভিযুক্ত

SandMahal

যোৱা ১ আগষ্টত দৈগ্ৰোং বালি মহল কেলেংকাৰিৰ প্ৰধান অভিযুক্ত গোলাঘাটৰ ডি এফ অ’ ৰাজীৱ কুমাৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি আন এজন অভিযুক্ত বন বিষয়া উমেশ চন্দ্ৰ দত্তকো গ্ৰেপ্তাৰ কৰিছে কেলেংকাৰিটোৰ তদন্তকাৰী অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই (বি আই ই অ’)। দত্ত কেলেংকাৰিটো সংঘটিত হোৱা সময়ত গোলাঘাটত ডেপুটি ৰেঞ্জাৰ হিচাপে কৰ্মৰত আছিল।

উল্লেখযোগ্য যে গোলাঘাটৰ দৈগ্ৰোং বালিৰ মহলক কেন্দ্ৰ কৰি প্ৰায় ১ কোটি টকাৰ কেলেংকাৰি হৈছিল বুলি ৰাজ্য চৰকাৰৰ অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই (BIEO) যোৱা বছৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

তদন্তকাৰী দলটোৱে প্ৰধান অভিযুক্ত গোলাঘাটৰ ডি এফ অ’ ৰাজীৱ কুমাৰ দাসকে ধৰি কেইবাজনো বিষয়াৰ সাক্ষ্য গ্ৰহণ কৰিছিল। কিন্তু সাক্ষ্য দিয়াৰ পিছতে এই বিষয়াসকলে গ্ৰেপ্তাৰৰ হাত সাৰিবলৈ আত্মগোপন কৰি আছিল। গ্ৰেপ্তাৰৰ ভয়ত কেইবাজনো অভিযুক্ত বিষয়াই আগতীয়া জামিন লোৱাৰ চেষ্টা কৰি আছিল যদিও সফল হোৱা নাছিল।

ইয়াৰ মাজতে যোৱা ১ আগষ্টত মুখ্য অভিযুক্ত গোলাঘাটৰ বন  সংমণ্ডল  প্ৰাধিকাৰী ৰাজীৱ কুমাৰ দাসকো গ্ৰেপ্তাৰ কৰিবলৈ তদন্তকাৰী শাখাটো সক্ষম হৈছে। ইয়াৰ পূৰ্বে ডেপুটি ৰেঞ্জাৰ মুকুল আলী হাজৰিকা আৰু বালি মহলদাৰ আব্দুল মিলুক গ্ৰেপ্তাৰ কৰিছিল। যোৱা ২ জুলাইত গ্ৰেপ্তাৰ কৰিছিল ৰেঞ্জাৰ প্ৰাণেশ্বৰ দাসক।

আজি উমেশ দত্তক আই এছ বি টিৰ পৰা গ্ৰেপ্তাৰ কৰিছে অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই। কেলেংকাৰিটোত অভিযুক্ত আন দুজন ক্ৰমে, গোলাঘাটৰ এ চি এছ প্ৰফুল্ল চন্দ্ৰ লহকৰ আৰু প্ৰটেকশ্যন ৰেঞ্জ অফিচাৰ জিতেন্দ্ৰনাথ দত্ত এতিয়াও পলাতক।