বৰাকৰ সোনাইত এআইইউডিএফ-বিজেপিৰ মাজত নিৰ্বাচনী হিংসা; আৰক্ষীৰ শূন্যলৈ গুলী

New-Project-1

প্ৰতিনিধিত্বমূলক ফটো।

অসম বিধানসভাৰ নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে বৰাকৰ সোনাই সমষ্টিৰ ধনেহৰিত নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হয়।

বিজেপি আৰু এআইইউডিএফৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ সংঘটিত হোৱাৰ বাতৰি পোৱা গৈছে।

বাতৰি অনুসৰি, সোনাইৰ বিজেপি প্ৰাৰ্থী আমিনূল হক লস্কৰৰ ওপৰত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

উক্ত আক্ৰমণৰ ফলত আমিনূল হক লস্কৰৰ তিনিগৰাকী দেহৰক্ষী আহত হয়৷

আনহাতে উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় ৷

এই ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বিশাল বাহিনী শিলচৰৰ পৰা সোনাইলৈ নিয়া হয়।

উল্লেখ্য যে সোনাইত বিজেপি প্ৰাৰ্থী বৰ্তমান অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰিমুদ্দিন বৰভূঞাৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।

এইবাৰ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত হোৱা মিত্ৰতাৰ বাবে বিজেপি প্ৰাৰ্থীগৰাকী প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।