যোৱা ছেপ্তেম্বৰ মাহৰ শেষৰফালে দৰং জিলাৰ দুনীত অনুষ্ঠিত এক যোগ শিবিৰৰ সামৰণি অনুষ্ঠানত পতঞ্জলি যোগপীঠৰ প্ৰচাৰক আৰু বাবা ৰামদেৱৰ শিষ্য সতীনাথ বাৰালে গুৰুজনাৰ লগতে মহাপুৰুষীয়া সংস্কৃতিক লৈ কৰা উদ্ভট আৰু তিৰ্যক মন্তব্য কৰাত অসমীয়া মানুহ জঁকি উঠিছে।
নানা ঠাইত সতীনাথ বাৰাল আৰু ৰামদেৱৰ পুত্তলিকা জ্বলিছে, বাৰালৰ বিৰুদ্ধে একাধিক থানাত গোচৰ ৰুজু হৈছে, তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী কৰা হৈছে, পতঞ্জলিৰ সামগ্ৰী অসমত বিক্ৰী কৰাত বাধা আৰোপ কৰা হৈছে আৰু পতঞ্জলিক নিঃচৰ্ত ক্ষমা খুজিবলৈ কোৱা হৈছে।
অসমত বৰ্তমানৰ বৃ্হৎ ব্যৱসায়িক মুনাফা আৰু ভৱিষ্যতলৈ সি বৃ্হত্তৰ হোৱাৰ উজ্জ্বল সম্ভাৱনালৈ চাই, আৰু বাৰালৰ মন্তব্যই সেই ৰম-ৰমীয়া ব্যৱসায়িক পৰিস্থিতিত আউল লগাবৰ উপক্ৰম দেখি, পতঞ্জলিৰ সৰ্বময় কৰ্তা ৰামদেৱে দূৰদৰ্শন যোগে বাৰালৰ মন্তব্যক লৈ মাৰ্জনা বিচাৰিছে, “পূজ্য স্বামী সন্ত শংকৰদেৱজী মহাৰাজজী”ক লৈ বাৰালে কৰা এনে অভদ্ৰ আৰু মূৰ্খতাপূৰ্বক উক্তিক গৰিহণা দিছে আৰু বাৰালক পতঞ্জলিৰ পৰা বহিষ্কাৰ কৰা বুলি জনাইছে। লগতে তেওঁ কৈছে যে পতঞ্জলিৰ দ্বাৰা পূজিত অনেক গুৰুৰ মাজত “শংকৰদেৱজী মহাৰাজজী”ও এজন।
কি কৈছিল শ্ৰী শ্ৰী সতীনাথে? সতীনাথে কৈছিল যে শংকৰদেৱ কোনো ডাঙৰ গুৰু বা পণ্ডিত নহয়, কীৰ্তন-ঘোষা, নামঘোষাত বিশেষ একো ভাল কথা নাই, অসমীয়া ভাগৱত শাস্ত্ৰখন ভুল, অসমীয়াই ঘিৰ ব্যৱহাৰ নাজানিহে নামঘৰত মিঠাতেলৰ চাকি জ্বলায় যিটো এক মূৰ্খামি বুলি ক’বলৈ শ্ৰী শ্ৰী সতীনাথ বাৰাল বাধ্য।
এই বাৰাল বাবু আচলতে কোন? এওঁৰ ঘৰ হৈছে পশ্চিমবংগৰ পুৰুলিয়াত। পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ যোগ প্ৰচাৰক শাখাৰ সৈতে জড়িত বাৰালে উত্তৰ-পূব ভাৰতৰ যোগ নিৰীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। শ্ৰী বাৰালৰ ফে’চবুক আৰু টুইটাৰ একাউণ্টৰ স্থিৰছবি নিৰীক্ষণ কৰি ধাৰণা হয় যে বাবা ৰামদেৱৰ সৈতে তেওঁৰ নিশ্চয় একধৰণৰ ঘনিষ্ঠতা আছে, যদিও তাৰ গভীৰতা বা মাত্ৰা সম্পৰ্কে আমি জানিব পৰা অৱস্থাত নাই। কিন্তু, তেওঁৰ টুইটাৰ একাউণ্টৰ মূল স্থিৰছবিখনত তেওঁ ৰামদেৱৰ নিচেই কাষতে বহি থকালৈ চাই তেওঁলোকৰ সম্পৰ্ক বেছ ঘনিষ্ঠ যেন লাগে। যদি সেইটো হয়, তেন্তে আজি বহিষ্কৃত হ’লেও পৰিস্থিতি স্বাভাৱিক হৈ পৰিলে আৰু অসমত পতঞ্জলিৰ ওপৰলৈ নামি অহা কলীয়া ডাৱৰ আঁতৰি গ’লে বাৰালক নিশ্চয় পতঞ্জলিত আকৌ সামৰি লোৱা হ’ব আৰু ভাৰতৰ অন্য প্ৰান্তত যোগ প্ৰচাৰৰ দায়িত্ব দিয়া হ’ব।
কিন্তু, প্ৰশ্ন উঠে বাৰালৰ এই বিতৰ্কিত মন্তব্য কি একান্তই বিচ্ছিন্ন আৰু ব্যক্তিগত? অসমৰ অসমীয়া চিন্তিত হ’ব লগাকৈ ইয়াৰ কোনো বিশেষ তাৎপৰ্য নাই? আমি ভাবোঁ, কথাটো তেনেকুৱা নহয়। অসমীয়া জাতিসত্তাক হীনবল কৰি ন্যস্তস্বাৰ্থ পূৰাব খোজা কেতবোৰ শক্তিয়ে ধাৰাবাহিকভাৱে চলাই অহা অসমীয়া-বিৰোধী এক প্ৰক্ৰিয়াৰ পৰা বাৰালৰ ঘটনা বিচ্ছিন্ন বুলি আমি নাভাবোঁ। এইখিনিতে যোৱা ফেব্ৰুৱাৰি মাহত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কৃষ্ণগোপালে গুৱাহাটী বিশ্ববিদ্যালয়ত দিয়া বক্তৃতাত শংকৰদেৱ বিৰচিত ‘বৰগীত’ক ‘ভজন’ আখ্যা দিয়া আৰু তেৰাৰ সৃষ্টিত অসম নহয় ভাৰতেহে ঠাই পোৱা বুলি কৰা বিতৰ্কিত মন্তব্যৰ কথা মনত পেলাব পাৰোঁ। আমি মনত পেলাব পাৰোঁ কেনেকৈ এক প্ৰভাৱশালী নেতাই মন্তব্য কৰিছিল যে পোনতে গুৰু দুজনাইহে অসমলৈ হিন্দুত্ববাদ আনিছিল। আমি চাগৈ পাহৰা নাই যে অসমৰ ইতিহাসত অনেক চিৰপূজ্য ব্যক্তিত্ব থকাৰ পিছতো কেনেকৈ দীনদয়াল উপাধ্যায়ৰ নামত কেবাখনো মহাবিদ্যালয় স্থাপন কৰা হৈছিল।
এনে মন্তব্য আৰু ঘটনাৰ বিৰুদ্ধে অসমীয়া জাঙুৰ খাই উঠিলে ততাতৈয়াকৈ শান্তিজল ছটিয়াই দিয়া হয় সঁচা, কিন্তু ইবোৰৰ পৌনঃপুনিকতাই আমাক ভবাই তোলে। আমি নাভাবি নোৱাৰোঁ যে অসমীয়া সমাজৰ বিশেষ চৰিত্ৰ, সমাজখনে পোষণ কৰি অহা বিশেষ প্ৰমূল্য, সমাজখনৰ সমুখত আৰ্হি স্বৰূপে প্ৰতিষ্ঠিত আদৰ্শনীয় ব্যক্তিসকল আৰু সৰ্বোপৰি অসমীয়াৰ ভাষিক-সাংস্কৃতিক জাতীয়তাবাদ কেতবোৰ আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় শক্তিৰ দিগ্বিজয়ৰ সমুখত হেঙাৰ স্বৰূপ। এনে দুই শক্তি হৈছে দেশী-বিদেশী বৃ্হৎ ক’ৰ্প’ৰেট গোষ্ঠী (গুৰু ৰামদেৱ তাত অন্তৰ্ভুক্ত) আৰু হিন্দুত্ববাদ (গুৰু ৰামদেৱ ইয়াতো অন্তৰ্ভুক্ত)। এক শক্তিশালী অসমীয়া ভাষিক জাতীয়তাবাদে বৃ্হৎ পুঁজিৰ লুণ্ঠনকো বাধা দিব পাৰে আৰু একক হিন্দু-ভাৰতীয় জাতি-সংস্কৃতিৰ ধাৰণাকো প্ৰত্যাহ্বান জনাব পাৰে। সেয়ে প্ৰণালীবদ্ধভাৱে অসমীয়া সংস্কৃতি সহিতে অসমীয়া ভাষিক জাতীয়তাবাদক নিশকতীয়া কৰাই বিধেয়।
সেয়ে পাৰিলে শংকৰ-মাধৱক বিকৃত কৰি হিন্দুত্ববাদী গুৰু সজোৱা হওক, নোৱাৰিলে তেওঁলোকৰ গুৰুত্ব হ্ৰাস কৰাৰ চেষ্টা কৰা হওক। প্ৰথমে আমাৰ জাতীয় গুৰু আৰু নায়কসকলৰ কাষে-পাঁজৰে দীনদয়াল উপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জী, বাবা ৰামদেৱ আদি হিন্দুত্ববাদী গুৰু-নায়ক আদিক বহুৱাবৰ চেষ্টা কৰা হওক আৰু পিছলৈ সুযোগ বুজি সেইসকলহে আচল গুৰু বা নেতা আৰু আমাৰ সকল “ডাঙৰ গুৰু” বা নেতা নহয় – এনেকুৱা বাগধাৰা প্ৰতিষ্ঠা কৰি আমাৰসকলক আসনৰ পৰা উঠাই দি বাহিৰৰ সকলক ভালকৈ বহুৱাই দিব পৰা যাব। এনে প্ৰয়াস এবাৰ-দুবাৰ অসমীয়াই ব্যৰ্থ কৰিব পাৰে, কিন্তু “এবাৰত নোৱাৰিলে শতবাৰ কৰা!” বাৰম্বাৰ খুন্দা দি থাকিলে নিশ্চয় অসমীয়া হীনমন্যতাৰ চিকাৰ হ’ব আৰু এটা সময়ত প্ৰতিৰোধ শক্তি হেৰুৱাই পেলাব। প্ৰক্ৰিয়াটোক ইন্ধন যোগাবৰ বাবে অসমীয়া মাধ্যমৰ শিক্ষা আৰু শিক্ষানুষ্ঠান দুৰ্বল কৰা হওক, যাতে নতুন প্ৰজন্মৰ অসমীয়াই নিজৰ গুৰু, নেতা আদি চিনি নোপোৱা হয় আৰু আমদানিকৃত নেতা আৰু গুৰুক আঁকোৱালি লোৱাত অসুবিধা নোপোৱা হয়। আন এক ঘৃতাহুতিৰে অসমীয়াবধী বনজুই দপ-দপাই জ্বলাই দিয়া হওক আৰু সেয়া হৈছে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান।
মুঠকথা, হিন্দু বাংলাদেশী আনয়ন, অসমীয়া মাধ্যম দুৰ্বলকৰণ, আমদানিকৃত হিন্দুত্ববাদী নেতা-গুৰুৰ জয়ঢোল বাদন, শংকৰ-মাধৱৰ বিৰুদ্ধাচৰণ বা বিকৃতিকৰণ বা পনীয়াকৰণ আদি ভিন ভিন পথৰ লক্ষ্য একেটাই আৰু সেয়া হৈছে অসমীয়া জাতিসত্বাৰ দুৰ্বলকৰণ আৰু তাৰদ্বাৰা অসমত বৃ্হৎ পুঁজিৰ লুণ্ঠনৰ লগতে হিন্দুত্ববাদৰো পথ সুগমকৰণ।
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক
email: [email protected]