• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হৰিশিঙা বিস্ফোৰণৰ পাছতো কামাখ্যা-ডেকাৰগাঁও ৰেলপথত নাই পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা

ছাজিদ খান by ছাজিদ খান
December 3, 2018 5:44 pm
20181203_104808
321
VIEWS
Share on FacebookShare on Twitter

যোৱা শনিবাৰে নিশা প্ৰায় ৭-০০ মান বজাত ওদালগুৰি জিলাৰ হৰিশিঙাৰ ওচৰত কামাখ্যা-ডেকাৰগাঁও ইণ্টাৰচিটি এক্সপ্ৰেছত আইইডি বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতো গা লৰা নাই ৰে’লৱে কৰ্তৃপক্ষৰ। এতিয়াও পৰ্যাপ্ত নিৰাপত্তাৰক্ষীৰ অভাৱত আছে ষ্টেশ্যনসমূহ। কামাখ্যা-ডেকাৰগাঁও যাত্ৰাপথত থকা আৰু ৰঙিয়া আৰু কামাখ্যাৰ পাছতেই ব্যস্ত টংলা আৰু ৰঙাপৰা ৰে’লৱে ষ্টেশ্যনত এই পৰ্যন্ত নাই পৰ্যান্ত নিৰাপত্তাৰক্ষী। এই ষ্টেশ্যন দুটাত শ শ যাত্ৰীয়ে দৈনিক অহা-যোৱা কৰে।

পৰিস্থিতি আৰু অধিক শোচনীয় কৰিছে এইটো যাত্ৰাপথত থকা ভালেমান নিৰাপত্তাৰক্ষী বিহীন প্ৰৱেশপথে। এই  প্ৰৱেশপথসমূহেৰে অকৰ্তৃত্বশীল যাত্ৰী আৰু বেপাৰীয়ে অবাধে ষ্টেশ্যনত প্ৰৱেশ কৰিব পাৰে। টংলা ৰে’লৱে ষ্টেশ্যনত মেটেল ডিটেক্টৰ বা এক্সৰে’ মেচিনৰ কথাই নাই আনকি চিচিটিভি কেমেৰা আদি প্ৰাথমিক নিৰাপত্তা ব্যৱস্থাও নাই।

টংলা ৰে’লৱে ষ্টেশ্যনৰ এগৰাকী এগৰাকী বিষয়াই জনাইছে যে টংলা ৰে’লৱে ষ্টেশ্যনত প্ৰায় ১৪খন ৰেলগাড়ীৰে নিয়মীয়াকৈ প্ৰায় ৫০০০ৰ পৰা ৬০০০ যাত্ৰীয়ে উঠা-নমা কৰে।

পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ অভাৱত ষ্টেশ্যনটো কূটাঘাতৰ লক্ষ্য হৈ পৰাতো নিশ্চিত।  টংলা অনুসন্ধান কেন্দ্ৰৰ জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়া হাছানুৰ জামানে কৈছে, ‘‘আমি এইটো যাত্ৰাপথত চিচিটিভিকে আদি কৰি নিৰাপত্তা আহিলাৰ বাবে বহু বাৰ অনুৰোধ কৰি আহিছোঁ কিন্তু কৰ্তৃপক্ষই আমাক সেয়া যোগান ধৰা নাই।’’ তেওঁ আৰু কয় যে খৈৰাবাৰী, টংলা, হৰিশিঙা, ৰৌতা, ওদালগুৰিৰ পৰা মাজবাটলৈকে  টংলা জিআৰপিৰ এক্তিয়াৰ ভিতৰুৱা ৰে’লৱে ষ্টেশ্যন।

নাম প্ৰকাশত অনিচ্ছুক টংলাৰ এগৰাকী বিশিষ্ট ব্যক্তিয়ে কৈছে, ‘‘শেহতীয়া বিস্ফোৰণটোৱে ৰে’লৱেৰ নিৰাপত্তা ব্যৱস্থাত থকা ফাঁকটো প্ৰকট কৰি তুলিছে। যাত্ৰীৰ পৰা যথেষ্ট পৰিমাণৰ ৰাজহ সংগ্ৰহ হোৱাৰ পাছতো যাত্ৰীৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰাত কৰ্তৃপক্ষ সম্পূৰ্ণ ব্যৰ্থ হৈছে। তেওঁ আৰু কৈছে যে ষ্টেশ্যনৰ সৌন্দৰ্য বৰ্ধনতকৈও নিৰাপত্তা ব্যৱস্থাৰ উন্নীতকৰণে অগ্ৰাধিকাৰ পোৱা উচিত।

Recent News

চিবিআইৰ ওপৰত আস্থা হেৰুৱাইছে আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ অভিভাৱকে! নতুন তদন্তকাৰী সংস্থাৰ দাবী

চিবিআইৰ ওপৰত আস্থা হেৰুৱাইছে আৰজিকৰ কাণ্ডৰ ভুক্তভোগীৰ অভিভাৱকে! নতুন তদন্তকাৰী সংস্থাৰ দাবী

১৪ বছৰ পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় যুৱকঃ ৰাখী পিন্ধিব নোৱাৰাৰ আক্ষেপ ভগ্নীৰ

১৪ বছৰ পাকিস্তানৰ জে’লত বন্দী ভাৰতীয় যুৱকঃ ৰাখী পিন্ধিব নোৱাৰাৰ আক্ষেপ ভগ্নীৰ

দাম্পত্য কন্দলৰ চৰম পৰিণতি! পত্নী আৰু দুই সন্তানক হত্যা কৰি পলায়ন যুৱকৰ

দাম্পত্য কন্দলৰ চৰম পৰিণতি! পত্নী আৰু দুই সন্তানক হত্যা কৰি পলায়ন যুৱকৰ

সংবাদ মাধ্যমৰ স্বাধীনতাক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ! ধৰ্মস্থলত “গণ সমাধি” সন্দৰ্ভত মুক্তভাৱে প্ৰতিবেদন দিব পাৰে সংবাদ মাধ্যমে!

সংবাদ মাধ্যমৰ স্বাধীনতাক সমৰ্থন উচ্চতম ন্যায়ালয়ৰ! ধৰ্মস্থলত “গণ সমাধি” সন্দৰ্ভত মুক্তভাৱে প্ৰতিবেদন দিব পাৰে সংবাদ মাধ্যমে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd