• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, তথাপি সকাহ নাই মধ্যবিত্তৰ; সঞ্চয় নাই, মূল্যবৃদ্ধিয়ে কৰিছে কোঙা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2025 7:54 am
ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, তথাপি সকাহ নাই মধ্যবিত্তৰ; সঞ্চয় নাই, মূল্যবৃদ্ধিয়ে কৰিছে কোঙা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিজাৰ্ভ বেংকে একেৰাহে তিনিবাৰকৈ হ্ৰাস কৰিছে ৰেপো ৰেট। সেইটোও মুঠ এক শতাংশ। মোডী চৰকাৰ অৰ্থাৎ আৰ বি আইয়ে দাবী কৰিছিল মল্যবৃদ্ধি নিয়ন্ত্ৰণত আহিব। সেয়েহে এই সিদ্ধান্ত।

আশা কৰা হৈছিল যে এই সিদ্ধান্তৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণী উপকৃত হ’ব। সঞ্চয়ৰ ক্ষেত্ৰত ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ কমি আহিব পাৰে। কিন্তু একে সময়তে ঋণৰ কিস্তিও কমি আহিব। গাড়ী আৰু ঘৰৰ বাবে মানুহে অধিক ঋণ ল’ব। তাৰ ওপৰত বজাৰত চাহিদা বৃদ্ধিৰ বাবে আয়কৰতো ডাঙৰ ৰেহাই ঘোষণা কৰা হ’ল যাতে মানুহে সামগ্ৰী আৰু সেৱাত অধিক খৰচ কৰে। কিন্তু সেয়া সঁচাকৈয়ে হৈছে নে?

তথ্য অনুসৰি সুতৰ হাৰ কমিছে। কিন্তু ঋণ আৰু জমা বজাৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই। অর্থাৎ মূল্যবৃদ্ধিৰ বাবে সাধাৰণ জনতা এতিয়াও বিপৰ্যস্ত৷ তেওঁলোকৰ হাতত সঞ্চয় কৰিবলৈ পৰ্যাপ্ত ধন নাই। নতুন আয়কৰ গাঁথনিত হোম লোনৰ দৰে বিনিয়োগৰ ক্ষেত্ৰত কোনো ৰেহাই দিয়া হোৱা নাই। ফলত মধ্যবিত্ত শ্ৰেণীৰ মাজত ঋণৰ বোজা বহন কৰিবলৈ প্ৰবল অনিচ্ছাই বিৰাজ কৰিছে।

ভাৰত অতি সোনকালে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব বুলি নৰেন্দ্ৰ মোডী চৰকাৰে বুকু ফিন্দাই দাবী কৰি আহিছে।   দেশৰ অৰ্থনৈতিক অৱস্থা যে এতিয়াও বহুত ভাল সেই কথা কিন্তু বেংকৰ ঋণ আৰু জমা বজাৰে কোৱা নাই।

সেইবাবেই পূৰ্বৰ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে মোডী চৰকাৰৰ অপৰিসীম চাপৰ পিছতো ৰেপো ৰেট হ্ৰাস কৰা নাছিল। তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতে সঞ্জয় মালহোত্ৰাই গৱৰ্ণৰৰ দায়িত্ব গ্ৰহণ কৰে। আৰু পৰ্যায়ক্ৰমে ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়।

ৰন্ধন গেছৰ দাম এটা চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি পালে, ৭৫০ টা ঔষধৰ দাম বৃদ্ধি হ’ল, মূল্যবৃদ্ধিৰ বাবে চহৰত ক্ৰয়ৰ প্ৰৱণতা কমি গ’ল – ৰেপ’ হ্ৰাস কৰাৰ সিদ্ধান্তক একোৱেই ৰোধ কৰিব নোৱাৰিলে।

কিন্তু তাৰপিছত কি হৈছে? ক্ৰেডিট ৰেটিং এজেন্সী ‘কেয়াৰ এজ’ৰ মতে, ২৭ জুনত সমাপ্ত হোৱা পষেকটোত দেশত মুঠ ঋণৰ পৰিমাণ ১৮৫ লাখ কোটি টকা।ঋণৰ বৃদ্ধিৰ হাৰ ৯.৫%, যিটো যোৱা বছৰৰ একে সময়তে প্ৰায় ১৪ শতাংশ আছিল।

সংস্থাটোৱে দাবী কৰিছে যে এপ্ৰিল আৰু মে’ মাহত ঋণৰ বজাৰ সাধাৰণতে ভাল নহয়। কিন্তু জুন মাহতো সেয়া তথৈবচ, যিটো চিন্তনীয়। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ঋণ বৃদ্ধিৰ হাৰ আছিল ২০ শতাংশ। তাৰপিছৰ পৰাই তললৈ নামি গৈছে। কাৰণ মানুহে গাড়ী-ঘৰৰ দৰে ঋণ কম লৈছে। আনকি উদ্যোগিক কোম্পানীসমূহেও ব্যৱসায় সম্প্ৰসাৰণ বন্ধ কৰি দিছে।

আনহাতে, দেশৰ জমা ধন ২৩৪ লাখ কোটি টকা হৈছেগৈ। এবছৰত বৃদ্ধিৰ হাৰ ১০.১ শতাংশ। যোৱা বছৰৰ তুলনাত আধা শতাংশ বেছি। ‘কেয়াৰ এজ’ৰ দাবী যে সাধাৰণ মানুহে ফিক্সড ডিপ’জিটত যি জমা কৰে, সেয়া এবছৰত ৩ শতাংশ হ্ৰাস পাইছে।

আৰ্থিক বিশ্লেষকৰ মতে, জমা ধন হ্ৰাস পোৱাৰ মূলতঃ দুটা কাৰণ আছে। এটা, সাধাৰণ মানুহৰ উপাৰ্জন বৃদ্ধি হোৱা নাই। গতিকে সঞ্চয় বৃদ্ধি হোৱা নাই। দুই, সুতৰ হাৰ হ্ৰাস পোৱাৰ বাবে সাধাৰণ মানুহে সঞ্চয়ৰ পৰা আঁতৰি আহিছে। সেই ধন তেওঁলোকে আন ঠাইত খৰচ কৰিছে বা বিনিয়োগ কৰিছে।’

অর্থাৎ ‘ৰেপ’ আৰু ইয়াৰ সহায়ৰ জৰিয়তে বেংকৰ সুতৰ হাৰ কমি গ’লে উদ্যোগিক কোম্পানীসমূহৰ বোজা কমি যায়, মুনাফা বাঢ়ে। কোম্পানীটো লাভৱান হ’লে  ইয়াৰ ইতিবাচক প্ৰভাৱ শ্বেয়াৰ বজাৰত পৰে। বৰ্তমান শ্বেয়াৰ বজাৰ উৰ্ধমুখী থকা ইয়াৰ অন্যতম কাৰণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

অসমৰ প্ৰখ্যাত বাতৰিকাকত দ্যা আসাম ট্ৰিবিউন ক্ৰয় কৰিব সৰ্বানন্দ সোণোৱালে! ডা° ভবেন চৌধুৰীৰ প্ৰতিক্ৰিয়া

August 20, 2025 7:15 pm
জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

August 20, 2025 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd