• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰেপো ৰেট হ্ৰাস ৰিজাৰ্ভ বেংকৰ, তথাপি সকাহ নাই মধ্যবিত্তৰ; সঞ্চয় নাই, মূল্যবৃদ্ধিয়ে কৰিছে কোঙা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2025 7:54 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিজাৰ্ভ বেংকে একেৰাহে তিনিবাৰকৈ হ্ৰাস কৰিছে ৰেপো ৰেট। সেইটোও মুঠ এক শতাংশ। মোডী চৰকাৰ অৰ্থাৎ আৰ বি আইয়ে দাবী কৰিছিল মল্যবৃদ্ধি নিয়ন্ত্ৰণত আহিব। সেয়েহে এই সিদ্ধান্ত।

আশা কৰা হৈছিল যে এই সিদ্ধান্তৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণী উপকৃত হ’ব। সঞ্চয়ৰ ক্ষেত্ৰত ফিক্সড ডিপ’জিটৰ সুতৰ হাৰ কমি আহিব পাৰে। কিন্তু একে সময়তে ঋণৰ কিস্তিও কমি আহিব। গাড়ী আৰু ঘৰৰ বাবে মানুহে অধিক ঋণ ল’ব। তাৰ ওপৰত বজাৰত চাহিদা বৃদ্ধিৰ বাবে আয়কৰতো ডাঙৰ ৰেহাই ঘোষণা কৰা হ’ল যাতে মানুহে সামগ্ৰী আৰু সেৱাত অধিক খৰচ কৰে। কিন্তু সেয়া সঁচাকৈয়ে হৈছে নে?

Apply Now

তথ্য অনুসৰি সুতৰ হাৰ কমিছে। কিন্তু ঋণ আৰু জমা বজাৰত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই। অর্থাৎ মূল্যবৃদ্ধিৰ বাবে সাধাৰণ জনতা এতিয়াও বিপৰ্যস্ত৷ তেওঁলোকৰ হাতত সঞ্চয় কৰিবলৈ পৰ্যাপ্ত ধন নাই। নতুন আয়কৰ গাঁথনিত হোম লোনৰ দৰে বিনিয়োগৰ ক্ষেত্ৰত কোনো ৰেহাই দিয়া হোৱা নাই। ফলত মধ্যবিত্ত শ্ৰেণীৰ মাজত ঋণৰ বোজা বহন কৰিবলৈ প্ৰবল অনিচ্ছাই বিৰাজ কৰিছে।

ভাৰত অতি সোনকালে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব বুলি নৰেন্দ্ৰ মোডী চৰকাৰে বুকু ফিন্দাই দাবী কৰি আহিছে।   দেশৰ অৰ্থনৈতিক অৱস্থা যে এতিয়াও বহুত ভাল সেই কথা কিন্তু বেংকৰ ঋণ আৰু জমা বজাৰে কোৱা নাই।

সেইবাবেই পূৰ্বৰ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে মোডী চৰকাৰৰ অপৰিসীম চাপৰ পিছতো ৰেপো ৰেট হ্ৰাস কৰা নাছিল। তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছতে সঞ্জয় মালহোত্ৰাই গৱৰ্ণৰৰ দায়িত্ব গ্ৰহণ কৰে। আৰু পৰ্যায়ক্ৰমে ৰেপো ৰেট হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হয়।

ৰন্ধন গেছৰ দাম এটা চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি পালে, ৭৫০ টা ঔষধৰ দাম বৃদ্ধি হ’ল, মূল্যবৃদ্ধিৰ বাবে চহৰত ক্ৰয়ৰ প্ৰৱণতা কমি গ’ল – ৰেপ’ হ্ৰাস কৰাৰ সিদ্ধান্তক একোৱেই ৰোধ কৰিব নোৱাৰিলে।

কিন্তু তাৰপিছত কি হৈছে? ক্ৰেডিট ৰেটিং এজেন্সী ‘কেয়াৰ এজ’ৰ মতে, ২৭ জুনত সমাপ্ত হোৱা পষেকটোত দেশত মুঠ ঋণৰ পৰিমাণ ১৮৫ লাখ কোটি টকা।ঋণৰ বৃদ্ধিৰ হাৰ ৯.৫%, যিটো যোৱা বছৰৰ একে সময়তে প্ৰায় ১৪ শতাংশ আছিল।

সংস্থাটোৱে দাবী কৰিছে যে এপ্ৰিল আৰু মে’ মাহত ঋণৰ বজাৰ সাধাৰণতে ভাল নহয়। কিন্তু জুন মাহতো সেয়া তথৈবচ, যিটো চিন্তনীয়। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ঋণ বৃদ্ধিৰ হাৰ আছিল ২০ শতাংশ। তাৰপিছৰ পৰাই তললৈ নামি গৈছে। কাৰণ মানুহে গাড়ী-ঘৰৰ দৰে ঋণ কম লৈছে। আনকি উদ্যোগিক কোম্পানীসমূহেও ব্যৱসায় সম্প্ৰসাৰণ বন্ধ কৰি দিছে।

আনহাতে, দেশৰ জমা ধন ২৩৪ লাখ কোটি টকা হৈছেগৈ। এবছৰত বৃদ্ধিৰ হাৰ ১০.১ শতাংশ। যোৱা বছৰৰ তুলনাত আধা শতাংশ বেছি। ‘কেয়াৰ এজ’ৰ দাবী যে সাধাৰণ মানুহে ফিক্সড ডিপ’জিটত যি জমা কৰে, সেয়া এবছৰত ৩ শতাংশ হ্ৰাস পাইছে।

আৰ্থিক বিশ্লেষকৰ মতে, জমা ধন হ্ৰাস পোৱাৰ মূলতঃ দুটা কাৰণ আছে। এটা, সাধাৰণ মানুহৰ উপাৰ্জন বৃদ্ধি হোৱা নাই। গতিকে সঞ্চয় বৃদ্ধি হোৱা নাই। দুই, সুতৰ হাৰ হ্ৰাস পোৱাৰ বাবে সাধাৰণ মানুহে সঞ্চয়ৰ পৰা আঁতৰি আহিছে। সেই ধন তেওঁলোকে আন ঠাইত খৰচ কৰিছে বা বিনিয়োগ কৰিছে।’

অর্থাৎ ‘ৰেপ’ আৰু ইয়াৰ সহায়ৰ জৰিয়তে বেংকৰ সুতৰ হাৰ কমি গ’লে উদ্যোগিক কোম্পানীসমূহৰ বোজা কমি যায়, মুনাফা বাঢ়ে। কোম্পানীটো লাভৱান হ’লে  ইয়াৰ ইতিবাচক প্ৰভাৱ শ্বেয়াৰ বজাৰত পৰে। বৰ্তমান শ্বেয়াৰ বজাৰ উৰ্ধমুখী থকা ইয়াৰ অন্যতম কাৰণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd