নদী-শৃংখলা নষ্টৰ অনিবাৰ্য পৰিণাম; নদী বান্ধৰ ভয়াবহতা আৰু পৰিণাম সম্বন্ধে এক বিশ্লেষণ

VBK-SUBANSIRI_DAM_-750x375

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

আমি সৰুৰে পৰা শুনি আহিছোঁ অতিবৃষ্টি আৰু খৰাং এলেকাৰ কথা। যিবোৰ অঞ্চলত বৃষ্টিপাত বেছি সেইবোৰক অতিবৃষ্টি এলেকা আৰু বৰষুণ কমকৈ হোৱা অঞ্চলক খৰাং এলেকা নাম দিয়া হৈছিল।

বেছি আৰু কমৰ নিৰ্ণয় কৰিবলৈ যাওঁতে নিশ্চয় “স্বাভাৱিক”ৰ মাপ নিৰ্ণয় কৰা হৈছে। কিন্ত এই ষ্টেণ্ডাৰ্ড হিচাপটো সদায় বাহিৰৰ পৰা কৰা হয় ।

সেই অঞ্চলৰ মানুহেই এই কম বৃষ্টি ,অতি বৃষ্টি সম্পৰ্কে যি ধাৰণা আগবঢ়োৱা হয় সেই সম্পৰ্কত অজ্ঞ। উদাহৰণ স্বৰূপে ভাৰতবৰ্ষৰ ৰাজস্থান,গুজৰাট,পশ্চিমবংগৰ পুৰুলিয়া-বাঁকুড়া চিৰকালেই খৰাং অঞ্চল হিচাপে চিহ্নিত হৈ আহিছে।

বাস্তৱতে কিন্ত এই অঞ্চলৰ মানুহে এই ধাৰণা লৈ কেতিয়াও থকা নাই। বাহিৰৰ পৰা অহা মানুহে আৰু চৰকাৰী নীতি সমূহেহে তেওঁলোকৰ মুৰত এই ধাৰণা সোমোৱাই দিয়ে। দেখা যায় এইলৈ সেই অঞ্চলৰ মানুহে বিশেষ মুৰ নঘমায় যিহেতু তেওঁলোকে নিজকে সেই অঞ্চলৰ পৰিবেশৰ সৈতে আৰামদায়ক ভাবে খাপ খুৱাই লয়।

ৰাজস্থান,গুজৰাটৰ এলেকাত যিকণ বৰষুণৰ পানী পায় সেইকণকে কৌশলগত পদ্ধতিৰে ব্যৱহাৰ কৰাৰ নিয়ম আৱিষ্কাৰ কৰি লৈছে।
পশ্চিম ৰাজস্থানৰ মৰুভূমি লাগোয়া অঞ্চলৰ মানুহে সাতশ বছৰ পুৰণা বিপৰাসৰ ঘড়সিসৰ কিংবা আৰু সৰু জলাশয় দেখুৱাই নিশ্চিন্ত হৈ কয়-যদি পাঁচ বছৰো বৰষুণ নহয় এইবোৰ শুকাই নাযাব।

পশ্চিমবংগৰ সকলোতকৈ কৌশলী আৰু বিচিত্ৰ পানী সংৰক্ষণ পদ্ধতি হৈছে পুৰুলিয়া-বাঁকুড়াত।

ভাৰতবৰ্ষ এখন নদী প্ৰধান দেশ ৷ ইয়াৰ লোক সকলৰ জীৱন যাত্ৰা নদী আৰু বৰষুণলৈ অভ্যস্ত ৷ সকলো লোকেই জানে এক নিদিষ্ট ঋতুত বৰষুণ আহিব ৷ ঋত শব্দৰ অৰ্থ হৈছে সত্য ৷ এইবুলি কব পাৰি ই অলংঘ্য৷যাৰ ব্যতিক্ৰম নহয় ৷ অঞ্চলটোৰ সৈতে তাৰ ঋতুৰ সৈতে তাৰ প্ৰাকৃতিক নিয়মাৱলীক লৈ অভ্যস্ত সেই অঞ্চলৰ লোক সকল৷আৰু বিষয়বোৰৰ সৈতে তেওঁলোকৰ মানসিক,সমাজিক আৰু ব্যক্তিগত প্ৰস্তুতি থাকে ৷

সেইবাবে বৰষুণৰ সময়ৰ পানী সংৰক্ষণ কৰি খৰাং সময়ত সেইখিনি ব্যৱহাৰ কৰাৰ বিভিন্ন কৌশলৰ আৱিষ্কাৰ কৰি লয৷অৰ্থাৎ তেওঁলোকে পৰিবেশলৈ হা হুতাশন কাঢ়ি থকাতকৈ নিজকে পৰিবেশৰ সৈতে আৰামদায়ক ভাবে চলাৰ ব্যৱস্থা কৰি লয়।
কোশী নদীৰ অৱবাহিকাত প্ৰবল বানপানীৰ পৰা আৰম্ভ কৰি গংগা,ব্ৰহ্মপুত্ৰ,কৃষ্ণা,গোদাবৰী,কাবেৰীৰ সমগ্ৰ অৱবাহিকা সমূহত বৰ্ষাৰ পলসক কৃষি সভ্যতাই আৰ্শীবাদ বুলি মানি আহিছে ৷ নদী মাতৃক আৰু দৈব মাতৃক এই দুই শব্দৰ পৰা বুজা যায় ইয়াত কেৱল হঠাৎ হোৱা বৰষুণৰ ওপৰত কৃষি কাৰ্য নিৰ্ভৰ নকৰে ৷

তাৎক্ষণিক ভাবে হোৱা বৰষুণৰ ওপৰত হোৱা কৃষি কাৰ্যক দৈবমাতৃক নাম দিয়া হয় আৰু নদী পুখুৰীত সঞ্চিত পানীৰে কৃষি কাৰ্য হলে নদীমাতৃক প্ৰণাম কৰা হয় ৷ নদীমাতৃক কৃষিকৰা মানুহৰ অঞ্চল ভেদে বৰষুণ,মাটিৰ প্ৰকাৰ,মাটিৰ ঢাল ,নদীৰ গতিপথ অনুযায়ী অন্তত আশী বিধ জলসিঞ্চনৰ পদ্ধতি আছে।

দক্ষিণ বিহাৰৰ ফল্গু নদী অন্তঃসলিলা হোৱাৰ বাবে গোটেই বছৰ মাটি খান্দি পানী দৈনন্দিন কামত ব্যৱহাৰ কৰা হয়।তেনেকৈটো খেতিবাতি কৰিব নোৱাৰি। বৰ্ষাৰ সময়ত কিন্ত ফল্গুনদী অতি খৰস্ৰোতা।

স্থানীয় মানুহে সুতিৰ বিপৰীতে মুখ কৰি বক্ৰ নলা কাটি দিয়ে। য’ত নদীৰ পাৰ অলপ ওখ সেইবিলাকলৈ নদীৰ পৰা নলা কটা হয়। ইয়াক কয় “পইন”৷

বেকা কৰি ওখৰপৰা কটাৰ ফলত ইয়াত পানী খুব বেগত সোমায়৷কেৱল পানী নহয়। লগতলৈ আহে পলস, নলাইদি এই পানী নিজৰ গতিত প্ৰায় আঠ-দহ কিলোমিটাৰ বৈ যায় ইয়াৰ শেষ প্ৰান্তত থাকে বৃহৎ গামলা আকৃতিৰ ঠাই তাক কোৱা হয় ” আহৰ”৷

গয়া অঞ্চলৰ মাটি ছিদ্ৰবহুল। গাংগেয় অঞ্চলৰ সমভূমিৰ দৰে আঠালেতীয়া নহয়। গতিকে আহৰবোৰত বহুদিন পানী জমা কৰি ৰখা সম্ভৱ নহয়। আহৰৰ পৰা সৰু সৰু নলাৰে বিভিন্ন অঞ্চলত পানী বিতৰণ কৰি দিয়া হয় যাক কয় “ভোগলা”৷

এই অঞ্চল কিন্ত ধান খেতি হোৱা এলেকা নহয়। জলসিঞ্চনৰ পানী যোগান ধৰা হয় নানান ধৰণৰ ডাইল,মাকৈ,বুটৰ খেতিত। পচিশ-ত্ৰিশ দিনৰ পিচত পইন আৰু আহৰৰ পানী মাটিৰ ভিতৰলৈ সোমাই গলে আহৰৰ থপথপীয়া বোকাত ছোলা বা বুটৰ বীজ সিঁচি দিয়া হয়।

তাত কোনো জলসিঞ্চনৰ বা সাৰৰ প্ৰয়োজন নহয়। ইমানেই বুটৰ খেতি হয় যে বিহাৰত এই অঞ্চলৰ নাম “চনাবোৰা” অৰ্থাৎ বুটৰ বস্তা। দুই তিনি বছৰ ধৰি পইনত জমাহোৱা উৰ্বৰ মাটি গাঁৱৰ বা কাষৰপাজৰৰ খেতিয়কে কাটি নি নিজৰ খেতি পথাৰত দিয়েগৈ। এই সকলোবোৰ নিজৰ নিয়মত কৰে। জাতকটো এই পদ্ধতিৰ কথা উল্লেখ আছে।

পশ্চিম ৰাজস্থান কৃষিভূমি নহয়। কৃষিকৰ্মৰ বাবে পৰিবেশৰ অভাৱ। তেওঁলোক প্ৰধানকৈ পশু পালক। হলেওটো তেওঁলোকক আহাৰৰ প্ৰয়োজন। আনৰ পৰা আমদানি কৰি পাকঘৰ চলোৱা সহজ নহয় আৰু সেইয়া সভ্যতাৰ পৰিচায়ক নহয়।

এই অঞ্চলত বাৰ্ষিক বৰষুণ গড়ে ১৬০ মিলিমিটাৰ। ইয়াৰ মানুহে সৰু সৰু গাঁৱত বাস কৰে যাক কোৱা হয় “ঢাণী”৷ যিমান পানী সিমানটা পৰিয়াল।

প্ৰাচীন কালৰ পৰা পানীৰ উৎস সমূহ চিহ্নিত কৰা আছে৷ঢাণীৰ লোক সকলে যি ধৰণে খেতি কৰে সেই পদ্ধতি সচাই অলৌকিক যেন লাগে৷তাৰ বাহিৰে বিকল্প কোনো ব্যৱস্থাৰ কথাও যে চিন্তা কৰিব নোৱাৰি। অসমান বা ওখোৰা-মোখোৰা অনুসৰি যি কণ বৰষুণ হয় সেই অংশ ক’ৰ পৰা কলৈ প্ৰবাহিত হৈ যাব সেইয়া তেওঁলোকৰ নখ দৰ্পণত আৰু জানে বতাহৰ গতিপথ।

এই দুই জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰি যি খেতি পথাৰ তৈয়াৰ কৰে তাক কয় খডীন”৷ সেই খেতি পথাৰৰ সংলগ্ন অঞ্চলৰ পৰা কাঁইটিয়া আৰু শুকান লতা দিনৰ পিছত দিন কঢ়িয়াই জমা কৰে। অৱসৰৰ সময়ত যিকোনো সৰুৰ পৰা বুঢ়ালৈকে সকলোৱে এই কাম কৰে৷যি পথেৰে বৰষুণৰ পানীবৈ যায় সেই পথত এই গছ লতাৰ বেৰা তৈয়াৰ কৰা হয়। এই বেৰাৰ নাম ” ধোহৰে” ৷

ধোহৰা তৈয়াৰৰ বাবে থাকে অভিজ্ঞতা থকা লোক ৷ তেওঁলোকৰ প্ৰধান কাম হ’ল বতাহৰ গতিৰ বিষয়ে সবিশেষ নিখুঁত ভাবে জানিলৈ তাৰ ঠিক বিপৰীতে বেৰাখন চন্দ্ৰাকৃতীকৈ গাঁথা৷মৰুভূমিত যেতিয়া বতাহ বলে তেতিয়া বালিৰ লগতে মাটিৰ কণাও লগতে উৰুৱাই নিয়ে।

মাটিৰ কণিকাৰ ওজন যিহেতু বালিৰ কণাতকৈ গধুৰ সেইবাবে এইবোৰ ধোহৰেৰ তলৰ ফালে জমা হবলৈ ধৰে। এই মাটিৰ কণা জমা হৈ হৈ খডীন তৈয়াৰ হয়। এই খডীন এবছৰত তৈয়াৰ নহয়। প্ৰথম এক দুই বছৰ মাটি জমা হোৱাৰ পিছত তাক পিটি পিটি টান কৰি পেলোৱা হয়।

তাৰ ওপৰত চলে আৰু বোজা দি আৰু কিছু পৰিমাণে কঠিন আৰু ওখ কৰাৰ কাম৷কিছুমান পুৰণা ধোহৰে ছয় সাত ফুট অবিধি ওখ হয়৷এই গোটেই ঘটনা শুনি আচৰিত হৈ বাৰ্কলে ইউনিভাৰ্চিটিৰ গৱেষণাৰত এক ভূতত্ববীদে ” মই জানিছিলোঁ প্ৰাচীন আফ্ৰিকাৰ কোনোবা জাতীয়ে এইদৰে কৃষিকৰ্ম কৰে কিন্ত আমাৰ নিজৰ দেশতো এনে হয় কোনোদিনে নাজানিছিলোঁ৷”
খডীনত খেতি কৰা কোনো ব্যক্তি বা পৰিয়ালৰ পক্ষে সম্ভৱ নহয়৷ইয়াৰ মাটি কোনো বিশেষ ব্যক্তিৰ মালিকিস্বত্বাধীন নহয়। যৌথ ভাবে অপূৰ্ব পদ্ধতিত খেতি কৰা হয় আৰু তাৰ নাম “লাসিপা”৷

সেইয়া আৰু আশ্চৰ্য্যজনক ঘটনা। যৱ,মাকৈ,মাটি মাহ উৎপন্ন হয়৷আৰু কিছুপৰিমাণে সৰিয়হ৷তাৰ উপৰিও সেউজীয়া ৰঙৰ আকন্দ,আৰু শংখপুষপী লতাৰ আলপনা থাকে।

প্ৰাকৃতিক বৈচিত্ৰ ঋতুৰ দৰে প্ৰাকৃতিক অলঙ্ঘ্য নিয়ম। হাজাৰ হাজাৰ বছৰ ধৰি অঞ্চলৰ বাসিন্দাই নতুন পদ্ধতি উদ্ভাৱন কৰি প্ৰকৃতিৰ সৈতে নিজকে খাপখোৱাকৈ সৃষ্টি কৰি লৈছে। উদ্ভৱনৰ দক্ষতাৰ সহায়ত সেই উপায় সমূহত যুক্ত হৈছে সৌন্দৰ্য,সহযোগিতাৰ লাৱণ্য,প্ৰাচীন নিয়মৰ সৈতে নবীন নিৰীক্ষাৰ আনন্দ। এই দেশৰ সমাজিক সাংস্কৃতিক ইতিহাস সেই বৈচিত্ৰ আৰু তাৰ সৈতে ফেৰ মাৰি উদ্ভাৱনৰ নিপুনতা।

আচৰিতকৈ কেইটামান দশকৰ ভিতৰতে অবিশ্বাস্য ভাবে ইতিহাসৰ পৰিৱৰ্তন ঘটিল। দক্ষতা আৰু নিপুনতাৰে পানীকে জীৱনৰ মুল হিচাপে লোৱা সকলোবোৰ হেৰুৱাই বৰষুণ হৈ পৰিল আতংকৰ কাৰণ। আগৰ যি খেতিৰ আৰু জলসিঞ্চনৰ পদ্ধতি ৷

উৰ্বৰা মাটিৰ সৃষ্টিৰ কৌশল,অভাৱৰ দিনত পানী সংৰক্ষণৰ পদ্ধতি,বৰ্ষাহীন দিনটো নদী পুখুৰীত প্ৰিয় খাদ্য মাছৰ উৎপাদন।বানপানী সাধাৰণতে চাৰি বা পাঁচ বছৰৰ মূৰত। খৰাঙৰো অনুভৱ আছিল তেতিয়াও। সেই সময়ত দুৰ্দশাও নোহোৱাকৈ থকা নাছিল। অভিজ্ঞ সকলে তেতিয়াও প্ৰকৃতিৰ পূৰ্বাভাস দিছিল তেনেদৰে তাৰ সুৰক্ষাৰো যথাসাধ্য ব্যৱস্থা কৰাও হৈছিল কিন্ত এতিয়া যি অৱস্থাৰ সৃষ্টি হৈছে তেতিয়াৰ অৱস্থা ইমান বেয়া নাছিল এই কথা নিশ্চিত।

নদীক আমাৰ দেশৰ প্ৰাণ বুলি কলে কোনো অত্যুক্তি কৰা নহয়। পানীৰ নিয়ম হৈছে তলৰ ফালে বৈ যোৱা।এই শৃংখলাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ধাপ হ’ল নদী-এই কথা সকলোৱে জানে৷যাক কোৱা হয় সভ্যতাৰ প্ৰতীক,যাৰ আলমত এটা জাতিৰ এখন সমাজৰ সৃষ্টি হয়।

আশ্চৰ্যৰ কথা যে এই অসামান্য নদী সংসাৰ যোৱা ষাঠি সত্তৰ বছৰৰ ভিতৰত অনায়াসে স্বাভাৱিকতা উলংঘা কৰা হৈছে। এই বিষয়ত দেশৰ পৰিচালক,ৰাজনৈতিক নেতা,বিদ্ব সমাজ,সংস্কৃতিক কৰ্মী আচৰিত ভাবে নীৰৱ আৰু উদাসীন। সেই বিশৃংখলতাৰ বাবে যে একো অঘটন ঘটা নাই বা তাক কোনেও উমান পোৱা নাই এনে নহয়।

নদীৰ স্বাভাৱিক গতিৰ হস্তক্ষেপৰ প্ৰথম বিধ্বংসী ধাপ আছিল বৃহৎ বান্ধ। বছৰৰ পিছত বছৰ ধৰি ভুক্তভোগী মাটি-ভেটি হেৰুৱা মানুহৰ জীৱনৰ সৈতে ধ্বংস হ’ল নদীৰ গতিপথ৷ধ্বংস হ’ল মাটিৰ খলাবমাৰ প্ৰাথমিক শৃংখলা৷নদী অঞ্চলৰ কাষত গঢ়ি উঠা ডাঙৰ চহৰ নগৰ ,তাৰ লোকৰ জীৱিকা সমূহ আছিল নদীকলৈ জড়িত৷নদীৰ প্ৰবাহ বন্ধ হোৱাৰ লগে লগে তেওঁলোকৰ জীৱনলৈ নামি আহিল বিপৰ্যস্ত৷ বান্ধৰ অন্যতম যুক্তি আছিল অধিক আৰু উচ্চ মানৰ শস্যৰ উৎপাদনৰ বাবে জলসিঞ্চনৰ ব্যৱস্থা কৰা।

ইন্টাৰনেচনেল ৰিভাৰ নেটৱৰ্কৰ দীৰ্ঘকালিন চেয়াৰমেন “প্যাত্ৰিক ম্যাককুলি” য়ে তেওঁৰ “চাইলেণ্সড ৰিভাৰচ” নামৰ কিতাপ খনত স্তৰে স্তৰে বিশ্লেষণ কৰি দেখুৱাইছে নদী বান্ধৰ সপক্ষে দিয়া যুক্তিৰ অসাৰতাৰ কথা। তেওঁ স্পষ্টকৈ কৈছে “নদী আৰু বান্ধ হৈছে পৰস্পৰৰ বিৰোধী বিষয়”৷ প্ৰবাহিত হোৱাই নদীৰ ধৰ্ম৷আৰু বান্ধ হ’ল স্বাভাৱিক গতিক তচনচ কৰি দিয়া এটা উপায়।
অৰুন্ধতী ৰায়ে তেওঁৰ “গ্ৰেটাৰ কমন বুক” নামৰ কিতাপখনত খোলাখুলিকৈ দেখুৱাইছিল ভাৰতৰ ক্ষেত্ৰত এই দাবীৰ মিথ্যাচাৰৰ কথা।

কিন্ত চৰকাৰৰ উদ্যোগত আৰম্ভ হয় জলসিঞ্চনৰ বহুলতাৰে অ-প্ৰাকৃতিক খেতি। তৃতীয় বিশ্বৰ আন কৃষি সমৃদ্ধ দেশৰ লগতে ভাৰতেও নতুন কৃষিৰ জালত ভৰি দি অধিক জলসিঞ্চনৰ ব্যৱস্থাৰে অনেক নিৰুপায়ত পৰি নিৰ্ভৰশীল হব লগা হৈছে। ফলত নদীৰ পানী ভাগ কৰাকলৈ তীব্ৰ বিদ্বেষ,সংঘৰ্ষ নিয়মিত ঘটনা হৈ পৰিছে আৰু হৈ পৰিছে ৰাজনীতিৰ শক্তিশালী খোৰাক। সাৱধানবাণী কিন্ত তেতিয়াও বাৰম্বাৰ উত্থাপন হৈছিল।

১৯৯৩ত অন্ধ্ৰপ্ৰদেশৰ চিপিআইএমএল নেতা বাল গোপাল কৃষ্ণা নদীৰ পানীলৈ অন্তঃ জিলাৰ তীব্ৰ ঘৃণা আৰু মাৰপিট পৰিপেক্ষিতত স্পষ্টকৈ কৈছে “নদীৰ পৰা দীঘলীয়া জলসিঞ্চনৰ খাল কটাৰ বাবেই নদীৰ পানী শুকাবলৈ লৈছে। সৰুকৈ জলসিঞ্চনৰ ব্যৱস্থা,মাটিৰ সংৰক্ষণ কৰা,ভূগৰ্ভস্থ পানীৰ ওপৰত চাপ নিদিয়াই চৰকাৰৰ নীতি হোৱা উচিত। যাতে এক দুইবছৰ বৰষুণৰ পৰিমাণ কম হলেও সেইয়া আহি ভয়ংকৰ খৰাং হোৱাৰ পৰিস্থিতি আহি নপৰে”৷

জীৱনৰ প্ৰায় সমস্ত কাল বৰষুণৰ পানী সংৰক্ষণৰ কথা কৈ অহা অনুপম মিশ্ৰ ডাঙৰীয়াই ২০০৭ত কাবেৰী নদীৰ বিবাদ প্ৰসংগত কয় ” নদী চিৰকাল এক ভূমিৰ ওপৰেৰে প্ৰবাহিত হৈ আহিছে। তাৰ দুয়োকাষৰ মানুহে নদীক ভাল পাই আহিছে, শ্ৰদ্ধা কৰি আহিছে,সেই পানীৰে গা ধুইছে,সেই পানী খাবলৈ ব্যৱহাৰ কৰিছে,নদীকলৈ বিভিন্ন উৎসৱৰ আয়োজন কৰে। সেইঠাইত আমি পানীৰ অংশৰ বাবে পৰস্পৰৰ সৈতে মাৰপিটত লিপ্ত হৈছোঁ। নদীয়ে আমাৰ খেতিত বেছি পানীৰ ব্যৱস্থা কৰিব -তাক আমি কৰ পৰা কলৈ নমাই আনিছোঁ৷”

পৰিবেশবিদ ধ্ৰৱজ্যোতি ঘোষে পূৰ্ব কলিকতাৰ জলভূমিৰ ৰক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বুজাবলৈ আক্ষৰিক আন্দোলন কৰিলে অথচ সিদ্ধান্ত লোৱাৰ যাৰ দায়িত্ব আছিল ,তেওঁলোক ভাবলেশহীনহৈ পৰি থাকিল।

নদীবান্ধে আটাইতকৈ জুৰুলা কৰিছে অসমক৷অসমত বিভিন্ন সময়ত কৃষক মুক্তি সংগ্ৰাম পৰিষদ,সদৌ অসম ছাত্ৰ সন্থা আৰু আন বহু সংগঠনে নদীবান্ধৰ বিৰোধিতা কৰি আহিছে। জনসাধাৰণৰ মত আৰু আন্দোলনক গুৰুত্ব নিদি চৰকাৰে দেশৰ উন্নয়নৰ অজুহাত দেখুৱাই জনতাৰ আৱেগ অনুভূতিক ভৰিৰে মোহাৰি পেলায়।

বহুলোকৰ মতে নদীবান্ধৰ প্ৰথমটো বিপৰ্যয় আহিছিল সোৱণশিৰিত সৃষ্টি হোৱা প্ৰাকৃতিক নদী বান্ধৰ সময়ত৷সেইয়া আছিল চাগে নদীবান্ধ হলে কি বিপৰ্যয় হব পাৰে তাৰ সাৱধান বাণী।

১৯৫০ চনৰ সময়ত ৮.৬ প্ৰাবল্যৰ ৰিখটাৰ স্কেলৰ ভুমিকম্পৰ আগৰ কথা৷মুষলধাৰে বৰষুণৰ ফলত প্ৰচণ্ড ভূমিস্খলনৰ আৰম্ভ হয় আৰু ই গৈ সোৱণশিৰিৰ উৎসক ভেটা দিয়ে আৰু প্ৰাকৃতিক নদীবান্ধৰ সৃষ্টি কৰে। তিনিদিনৰ বাবে সোৱণশিৰি নৈ শুকাই যায়।

এই প্ৰাকৃতিক পৰিঘটনাক কোনেও গুৰুত্ব দিব লগা বুলি নাভাবি মাছ ধৰাৰ উল্লাসত উটিভাহি গ’ল। কিন্ত এজন ইংৰাজ ভদ্ৰলোকে তেওঁৰ নিজৰ আকাশী জাহাজেৰে সত্যতা উদ্ঘাটন কৰিবলৈ যাত্ৰা কৰে। তেওঁৰ এই যাত্ৰাতে উদ্ঘাটন হয় ভয়ংকৰ দৃশ্য৷যিকোনো মুহূৰ্তত এই প্ৰাকৃতিক বান্ধ ভাগি প্ৰলয়ৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰি কিছুমান পত্ৰিকা লিখি জনসাধাৰণৰ মাজত বিলাই দিয়ে।

কোনেও তেওঁৰ কথা কৰ্ণপাতেই নকৰিলে ফলত এদিন পোৱা যেতিয়া সকলো মাছ ধৰা আনন্দত আত্মহাৰা হৈ আছিল বান্ধ ভাগি পৰে। নিমিষতে চাৰিওপিনে পানীয়ে সকলো সংহাৰমূৰ্ত্তি ধৰি উটুৱাই নিলে৷সমগ্ৰ লক্ষীমপুৰ জিলা বিধ্বংসী বানপানীৰ কবলত পৰে। প্ৰতক্ষ্যদৰ্শীৰ মতে সেই পানীৰ উচ্চতা নাৰিকল গছ এজোপামান হব।

আজি সোৱণশিৰিৰ বুকুত ১২০০মেগাৱাটৰ যি জলবিদ্যুৎ প্ৰকল্প গঢ়ি উঠিছে তাৰো পৰিণাম যে বেয়া হব তাক নুই কৰিব নোৱাৰি। ঠিক তেনেকৈ ৰঙানদীৰ ওপৰত জলবিদ্যুৎ প্ৰকল্পই জ্বলাকলা খোৱাইছে লক্ষীমপুৰৰ বাসিন্দাক৷মাত্ৰ ৪০০মেগাৱাট বিদুৎৰ যোগান ধৰা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী ভাগ বহন ক্ষমতাৰ অধিক হলে হঠাৎ এৰি দিয়ে ফলত তাৰ দাতিকাষৰীয়া অঞ্চলত বানপানীৰ সৃষ্টি হয়৷তেনেক্ষেত্ৰত ২০০০ মেগাৱাটৰ নদীবান্ধ সৃষ্টি হলে আৰু কেনেধৰণৰ বিপদৰ সৃষ্টি হব সেইয়া অদৃষ্টইহে জানে।

২০০৪ আৰু ২০০৭ চনৰ বিপৰ্যয়ৰ কথা নামনি অসমৰ মানুহৰ অন্তত ভালকৈ মনত ৰাখিছে নিশ্চয়। প্ৰতিবাৰ ভূটানৰ কুৰিশ্বু নদীৰ বান্ধ খুলি দিয়াৰ ফলত তেনে হৈছিল। মাত্ৰ ৬০ মেগাৱাট বিদ্যুত উৎপাদনৰ নদীবান্ধে যদি অসমবাসীক এনে বিপৰ্যয়ৰ মুখত পেলাইছে তেনে বৰ্তমান নিৰ্মাণ কৰিবলৈ লোৱা ৬০০ মেগাৱাট বিদ্যুত উৎপাদনৰ শক্তি থকা নদীবান্ধে কি বিপদ আনিব পাৰে তাক অসমবাসীয়ে ঠাৱৰ কৰিব পাৰিছে নে?

ইমান খিনি বিপৰ্যয়ৰ মুৰ পাতি ললেও অসমবাসী বিশেষ লাভবান হব বুলি ঠাৱৰ কৰিব নোৱাৰি৷বৰ্তমান বিদ্যুতৰ চাহিদা হ’ল ১২০০ মেগাৱাট আৰু ৰাজ্যৰ নিজা উৎপাদন ২০০ মেগাৱাট৷বাহিৰৰ পৰা ক্ৰয় কৰে ৮০০ মেগাৱাট৷তথাপি প্ৰয়োজন হয় আৰু ২০০ মেগাৱাট।

সোৱনশিৰি প্ৰকল্পৰ পৰা লাভ কৰে মাত্ৰ ২৫ মেগাৱাট বিনামূলীয়াকৈ আৰু ২০০ মেগাৱাট উত্তৰ প্ৰদেশে কৰ আৰোপ কৰাৰ পিছতহে কিনিব পাৰিব। অথাৎ অসমৰ সম্পদ ব্যৱহাৰ কৰি অসমৰ ৰাইজক গিনিপিগ সাজি কণা হাঁহক পতান ধান দিছে এই বিদ্যুত উৎপাদন কাৰী সংস্থাবোৰে৷সোৱনশিৰি বান্ধৰ সময়ত বিশেষজ্ঞই বান্ধি দিয়া নিয়মৰ উলংঘা কৰাৰো অভিযোগ উঠিছে ৷

উত্তৰ পূৰ্বাঞ্চল যিহেতু ভুমিকম্প প্ৰবণ এলেকা গতিকে যিকোনো সৰু ভুলত বান্ধ ভাগি গোটেইখন ধ্বংসমুখী পৰিৱেশৰ সৃষ্টি হব পাৰে। বিপৰ্যয়ৰ ভিতৰত জলজ উদ্ভিদ আৰু পানীত থকা প্ৰাণী সমূহৰ জীৱনলৈ সংশয় নমাই আনিছে। তাৰ উপৰিও বান্ধবোৰত গেদ নিষ্কাষণৰ ব্যৱস্থা নথকাত নদীবোৰ তৰাং হবলৈ ধৰিছে আৰু শেষত ইয়াৰ পৰাই বানপানীৰ সৃষ্টি হৈছে।

এনেকৈ থাকিলে এই নদীৰ মৃত্যু হোৱাটো খাটাং৷ এদিন এনে সময় আহিব পাৰে সোৱণশিৰিৰ বুকুত থিয়হৈ কব লগা হব পাৰে “এদিন ইয়াত এখন নদী আছিল”৷

প্ৰধান নদীবোৰ যেতিয়া নষ্ট হবলৈ ধৰিল সৰু নদী,কোনো জলাধাৰ,নহলে জলাশয় সমস্ত মাটি বেদখলকাৰীৰ লোভৰ কবলত পৰিল। দেশৰ প্ৰাকৃতিক সম্পদো যে ব্যক্তিগত সম্পত্তি হিচাপে ব্যৱহাৰ কৰি মুনাফা পাব পাৰি এই কথা চাৰিওপিনে প্ৰচাৰ হ’ল লগতে ৰাষ্ট্ৰৰো প্ৰত্যক্ষ পৰোক্ষ সহাৰি পাই আৰু বলিয়ান হ’ল।

স্বয়ং ৰাজ্য চৰকাৰে মহানদীৰ অন্যতম প্ৰধান উপনদী শিওনাথৰ তেইশ কিলোমিটাৰ জনৈক ব্যক্তিক ব্যক্তিগত মালিকীস্বত্বত বিক্ৰী কৰি দিয়ে। এটা সময়ত যেন ৰাষ্ট্ৰৰ কোনো নিয়ন্ত্ৰণ নাইকিয়া হৈ আহিল৷নিয়ন্ত্ৰণ নাইকিয়া হ’ল ৰাজনৈতিক নেতাৰো৷যি কোনো খালী ঠাই ,নদীৰ পাৰ,বিস্তৃত সমতল ভূমি নতুন অৰ্থনীতিৰ নামত বহুতলা ঘৰেৰে ভৰি পৰিল ৷

ফ্লেট, বজাৰ, চপিংমল আৰু ক্ৰমশ বিস্তৃত হব ধৰা ৰাজপথেৰে ভৰি পৰিল৷নিৰ্মাণশিল্পৰ উন্নতিৰ ৰথ চলিল প্ৰাকৃতিক সংস্থাপনবোৰৰ ওপৰেৰে। জল সম্পৰ্কৰ নহলেও আনুসাংগিক বহুত ঘটনাই হাজাৰ হাজাৰ বছৰে চলি অহা জল সংৰক্ষণৰ ওপৰত বিৰূপ প্ৰভাব পেলালে।

চেন্নাইৰ দৰে প্ৰাচীন চহৰ পানী শূন্য হৈ পৰা আৰু ২০২০ত প্ৰায় ২১খন নগৰ চহৰৰ একেই অৱস্থা হবলৈ গৈ আছে- ভাৰতৰ নীতি আয়োগৰ এই ঘোষণাই গোটেই ৰাষ্ট্ৰত ত্ৰাসৰ কাৰণ হৈ পৰিছে কিন্ত আয়োগে এই কথা স্পষ্ট কৰি নিদিলে যে এই সংকত কালৰ বাবে চৰকাৰীভাবে কি ব্যৱস্থাপনা হাতত লৈছে বৰঞ্চ সাম্প্ৰতিক বাজেট ভাষণত দেশৰ অৰ্থমন্ত্ৰীয়ে ঘোষণা কৰিলে ২০২৫ চনৰ ভিতৰত ভাৰতৰ প্ৰতিটো পৰিয়াললৈ পানীৰ যোগান ধৰা হব। ইফালে ভেলোৰৰ পৰা ট্ৰেনেৰে চেন্নাইলৈ পানীৰ যোগান ধৰা হৈছে। এই পানী কৰ পৰা আহিল?ভেলোৰত ইমান ডাঙৰ নদীৰটো কথা শুনা নাই কিন্ত এই পানী আহিছে কৰ পৰা?নিশ্চয় সেইয়া ভূপৃষ্ঠৰ তলৰ পানী।

ইতিমধ্যে সচেতন নাগৰিকে দৈনন্দিন ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় পানী কিদৰে কমাব পাৰি তাৰ চেষ্টা কৰিব লাগিছে। নতুনকৈ পানীৰ বাবে মিটাৰ আৰু টেক্স আৰম্ভ কৰাৰ কথাও উঠিছে৷কিন্ত টেক্স সমাধান হব নোৱাৰে। ধনীয়ে বেছি টেক্স দি নিজৰ ব্যৱহাৰৰ পানীৰ পৰিমাণ অব্যাহত ৰাখিব আৰু দৰিদ্ৰই নিজৰ প্ৰাপ্যৰ পৰাও বঞ্চিত হব।

ভূপৃষ্ঠৰ পৰা উঠোৱা পানীৰ শতকৰা ৮ভাগ গাৰ্হস্থ্যত আৰু বাকী ৬৩ ভাগ খৰছ হয় কৃষি কৰ্মত৷গতিকে ঘৰুৱা কাৰ্য্যৰ ক্ষেত্ৰত সজাগ হলেই হব জানো?

আগৰ দিনত প্ৰাকৃতিক জলচক্ৰৰ সৈতে সামঞ্জস্য ৰাখি কৃষিকৰ্ম কৰা হৈছিল। কিন্ত ষাঠি দশকৰ পৰা কৃষি খাদ্য উৎপাদনৰ সীমা পাৰ কৰি মুনাফা লাভৰ বাবে আৰম্ভ হ’ল৷নতুন কৃষি ব্যৱস্থাত দহবছৰত খৰছ বাঢ়িবলৈ ধৰিলে আৰু উৎপাদন কমিবলৈ।

ৰাসায়নিক সাৰ প্ৰয়োগ,অধিক উৎপাদনৰ বাবে হকেবিহকে দৰব প্ৰয়োগৰ ফলত মাটিৰ উৰ্বৰতাৰ লগতে স্বাস্থ্যৰ বাবে ভাবুকি আহি পৰিল। পুৰণা ব্যৱস্থা ধ্বংস কৰি নতুন ব্যৱস্থাৰ ঋণাত্মক দিশটোৰ কথা আঙুলি টোৱালে আজুহাত দেখুৱা হ’ল জনসংখ্যাৰ কিন্ত দৰিদ্ৰ জনসাধাৰণৰ বা নিজৰ মাটিত খেতি কৰা সকলৰ অভাবৰ মুলতে হ’ল সঠিক বিতৰণ অৱস্থাৰ অভাৱ৷উৎপাদনৰ পৰিমাণ কম হোৱাটো কাৰণ হবই নোৱাৰে। মনত খোকোজা থাকিলে চৰকাৰী দফতৰৰ পৰা আৰম্ভ কৰি পণ্ডিত আৰু গৱেষকৰ গৱেষণা পত্ৰতে পোৱা যাব।

নদীবান্ধৰে জলসিঞ্চন অসফল প্ৰমাণিত হ’ল ঠিকেই কিন্ত তেতিয়ালৈ জলসিঞ্চনৰ ওপৰত নিৰ্ভৰ কৰি বহুতো বীজৰ কৃষি কাৰ্য্য একমাত্ৰ কৃষিপদ্ধতি হবলৈ ধৰিছিল। আৰম্ভ হ’ল ভূপৃষ্ঠৰ পানী পাম্পেৰে ওলিয়াই খেতি পথাৰত দিয়া।

কোটি কোটি বছৰ ধৰি জমাহৈ থকা ভূপৃষ্ঠৰ পানী বেহিচাপী ভাবে ওলিয়াই পেলোৱা হ’ল। যোৱা দুই তিনি বছৰত বিক্ৰী হোৱা লাখলাখ পাম্পচেটৰ সংখ্যা কিমান পালেগৈ এই কামৰ নামত? প্ৰয়োজনীয় বিদ্যুতৰ যোগান ধৰিবলৈ গৈ ক’ত নদীৰ মৃত্যু হ’ল ,যিয়ে অত’দিনে চৰকাৰী সাহায্য অবিহনেই পানী আৰু পলসমাটিৰ যোগান ধৰি আহিছিল?কিহৰ মূল্য পোৱা গ’ল বহুত এগালমান ডিজেলৰ? তাৰ পিছত আমাৰ প্ৰাপ্তিৰ হিচাপত পালো কেইবা লাখ খেতিয়কৰ মৃতদেহ।

এনে নহয় যে যোৱা ত্ৰিশ চল্লিশ বছৰে কোনো আপত্তি উঠা নাই এনে কৃষিৰ বিৰুদ্ধে৷সাধাৰণ-শিক্ষিত বহুলোকে এই কৃষি পদ্ধতিৰ বিৰুদ্ধে মাত মাতি আহিছে যদিও উত্তৰ আছিল একেই -বিপুল জনসাধাৰণৰ পেটৰ ভোক কেনেকৈ মৰিব? কিন্ত ভাৰতবৰ্ষৰ সকলো মানুহে জানো ভাত খায়? ভৌগোলিক বিচিত্ৰতা অনুসৰি খাদ্য অভ্যাসো ভিন্ন৷গতিকে স্বাভাৱিকতে জলসিঞ্চনৰ ওপৰত হেচা নপৰে৷আজি যদি প্ৰশ্ন তোলে যে মানুহৰ খাদ্যসংস্থানেই যদি সহজে হোৱা শস্যক ধ্বংস হোৱাৰ কাৰণ হয় তেন্তে ভাৰত কেনেকৈ চাউল ৰপ্তানিত দ্বিতীয় স্থান অধিকাৰ কৰিব পাৰিছে? দেশৰ প্ৰতি জনতাৰ মুখত ভাত তুলি দিব পাৰিছে নে?

নতুন কৃষি পদ্ধতিত সাৰ,কীটনাশক প্ৰয়োগত বহু বিৰল পতংগৰ বিলুপ্তিৰ গৰাহত৷তাতোকৈও ডাঙৰ ভয়ংকৰ তথ্য হাতত পৰিছে সেইয়া হৈছে এক কেজি হাইব্ৰিড চাউল উৎপাদনৰ বাবে তিনিৰ পৰা চাৰি হাজাৰ লিটাৰ পানী দৰকাৰ ৷ যিখিনি পোৱা হয় ভূপৃষ্ঠৰ পানীৰ পৰা। তেনেহলে দ্বিতীয় সৰ্বাধিক চাউল লগত কিমান কোটি লিটাৰ ভূপৃষ্ঠৰ পানী বিদেশলৈ ৰপ্তানি হয়।

তাৰ উপৰিও ভুতৰ ওপৰত দানহহৈ চৰকাৰী অনুমতি লৈ বহুজাতিক ঠাণ্ডা পানীয় আৰু মিনাৰেল ৱাটাৰৰ বৃকৎ ব্যৱসায়। দৈনিক ভূপৃষ্ঠৰ পৰা উঠোৱা পানীৰ পৰিমাণৰ হিচাব কেতিয়াবা চৰকাৰে লৈছে নে? প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওৰ আমোলত তেওঁৰ গাঁৱৰ মানুহে পানীৰ অভাৱত গাওঁ এৰি গুচি যাব লগা হৈছিল। কুঁৱাৰ পানী শুকাই হাহাঁকাৰৰ সৃষ্টি হৈছিল।

সেই ঠাইত অৱস্থিত এটা বহুজাতিক ঠাণ্ডা পানীয় আৰু মিনাৰেল ৱাটাৰ কোম্পানীলৈ এই দুৰ্দশাৰ বাবে বাৰেবাৰে আঙুলি উঠিছে। এই বটলিং প্লান্টে সাধাৰণতে কৰা পানীৰ উত্তলন তিনি কোটি লিটাৰ৷বিপুল লাভৰ শিল্পায়ন কিহৰ মুল্যত?
চহৰ নগৰৰ নিৰ্মাণকাৰ্যই সমস্ত ভূপৃষ্ঠলৈ যাব লগা পানীৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিয়ে৷আনহাতে নগৰৰ প্ৰয়োজনীয় পানী আহিল প্ৰকাণ্ড বোৰওৱেল বহায়। অথচ এই বোৰওৱেল বহুৱা কাৰ্য বেআইনী সেইটো চাগৈ নিৰ্মাতা বা পৌৰ কৰ্তৃপক্ষৰ জ্ঞাত নহয়।

দেবাচ চহৰ সৌন্দৰ্যৰ বাবে দেবদাস নাম পাইছিল৷আজি এক দশকৰ পৰা শুকান মৰুময়৷লাতুৰ চহৰৰো প্ৰায় একে দশা। মায়া নগৰী মুম্বাই তিনিদিনৰ বৰষুণত নাকৰ পানী চকুৰ পানীৰে হাহাঁকাৰ কৰি উঠিছে। এতিয়া প্ৰায় সকলোৱে জানে ইয়াৰ বাবে দায়ী কোন।

একটো বৰষুণৰ পানী ধৰি ৰখাৰ ব্যৱস্থা নথকা আনটো বৰষুণৰ পানী বাগৰি যাবলৈ ঠাই নোহোৱা। এতিয়া একেখন ঠাইয়েই প্ৰায় একেলগে খৰাং,বানপানী নিয়মিত ঘটনা।

গাওঁবোৰেও উন্নতিৰ মুখেৰে অগ্ৰসৰ হবলৈ ধৰিছে ফলত বৰষুণৰ পানী বাগৰি পথাৰলৈ যাবলৈ বাট বিচাৰি নাপায়। কাৰণ এতিয়া পকাঘৰৰ চাৰিওপিনে পকি ওখ ওখ বেৰ৷ৰাষ্টাবোৰ পকী ৷ মাটিত বোকা নলগাকৈ চোতাল চিমেণ্টেৰে বন্ধোৱা। পাম্পেৰে হোহোৱাই যি পানী তোলা হৈছে আৰ খেতি মাটিলৈ বাগৰাই দিয়া হৈছে আৰু এক ফুটো মাটিৰ তললৈ যাব নোৱাৰাকৈ ব্যৱস্থা কৰা হৈছে।

তাৰ ওপৰিও মাটিক ধৰি ৰখা মিশ্ৰ বনভূমি ৰাচেল কৰচনে যাক” পৃথিৱীৰ সেউজীয়া পোচাক ” বুলি অভিহিত কৰিছিল ৷ ঠিক পাঁচ বছৰৰ পৰা গাৰোৱাল হিমালয়ৰ কুৰি লাখ গছ ধ্বংস কৰা হৈছে৷পশ্চিম ঘাট পৰ্বতমালা বিস্ফোৰণত ছিন্নভিন্ন।

অৰণ্য ধ্বংস বন্ধ কৰা নীতিক ভেঙুচালি কৰি বৃক্ষ ধ্বংসত লিপ্ত হৈ পৰিছে সকলো। এতিয়া ৰাজস্থানৰ উদয়পুৰৰ পৰা গুজৰাটৰ আহমেদাবাদ পৰ্যন্ত নতুন বাইপাছৰ কাম আৰম্ভ হৈছে ৷ এইবাৰ বিস্ফোৰণত উৰিব আৰাৱলীৰ অন্তত পঞ্চাশটি সৰু শিখৰ,ষাঠি হাজাৰ পুৰণা গছ৷বেছি ভাগেই পুৰণা নিম,মহুৱা,খেজড়ি গছ। উদয়পুৰৰ পৰাই আৰম্ভ হৈছিল বিশনই সম্প্ৰদায়ৰ খেজড়ি সুৰক্ষা আন্দোলন৷মহুৱা সমস্ত আদিবাসী গোষ্ঠীৰ পবিত্ৰ গছ৷কিন্ত ক’ত আছে ভাৰতীয় ধৰ্ম সংস্কৃতিৰ ধ্বজাবাহক সকল।

আৰু এক বিধ্বংসী কাৰ্য্য হ’ল খনি সমূহ। ডেৰশ দুশ ফুট পৰ্যন্ত গাত কৰি মাটি তুলি পেলোৱা হয় খনন কাৰ্য্যৰ নামত আৰু গাত খান্দি পোৱা মাটি আহি পৰে নদীৰ বুকুত।

এইবাৰ অসম আৰু উত্তৰ বংগৰ বানপানীৰ পিছত আৰু নিশ্চয় বেলেগ উদাহৰণৰ প্ৰয়োজন নহব।
মাৰ্কচা আত্মজীৱনীত লিখিছিল ” লিভিং টু টেল দা টেল” ৷ কৰ্পৰেট কোম্পানীৰ উন্নয়নত উজাৰ হৈ যোৱা বাস্তৱৰ জনবসতিৰ কথা-য’ত এবাৰ হাত দিয়ে,সেই ঠাইত ভোগ কৰিবলৈ একো নাথাকেগৈ।