বিনা লাইচেন্সেৰে চলাব পৰা দেশৰ আটাইতকৈ সস্তা দুচকীয়া ইলেকট্ৰিক বাহন মুকলি

39023-cheap

ডেটেল ইজি।

বিশ্বৰ আটাইতকৈ সস্তা ফোন ২৯৯টকাত আৰু আটাইতকৈ সস্তা এল ই ডি টিভি মাত্ৰ ৩৯৯৯টকাত মুকলি কৰাৰ পাছত প্ৰসিদ্ধ ষ্টাৰ্টআপ কোম্পানী Detel য়ে এইবাৰ আটাইতকৈ সস্তা আৰু প্ৰথম ইলেকট্ৰিক দুচকীয়া বাহন Detel Easy (ডেটেল ইজি)মুকলি কৰিছে।

কোম্পানীটোৱে এই স্কুটাৰখন মিতব্যয়ী হোৱাৰ লগতে নিৰ্ভৰযোগ্য বুলিও দাবী কৰিছে।

এই স্কুটাৰখনৰ দাম আন স্কুটাৰৰ তুলনাত সম্পূৰ্ণ পৃথক। ডেটেল ইজি জিএছটি ধৰি মাত্ৰ ১৯,৯৯৯ টকাত আগবঢ়োৱা হৈছে।

কোম্পানীটোৱে দাবী কৰা মতে এই স্কুটাৰখন কেবল সস্তা দামত ক্ৰয় কৰাই নহয়, ইয়াক চলোৱাৰ খৰচো কম। কোম্পানীটোৰ ৱেবছাইটত গৈয়ো ইয়াক ক্ৰয় কৰিব পৰা যাব।

Detel Easy দুচকীয়া বাহনখনত ৬-পাইপ নিয়ন্ত্ৰিত 250W মটৰ লগোৱা হৈছে। দুচকীয়া ইলেকট্ৰিক বাহনখনৰ গতিবেগ প্ৰতি ঘন্টাত ২৫কিলোমিটাৰ।

বাহনখনত 48V 12A LifePO4 বেটেৰী দিয়া হৈছে যিটো ৭বা ৮ঘন্টাত ফুলচাৰ্জ কৰিব পাৰি। কোম্পানীটোৱে জানিবলৈ দিয়া মতে ফুলচাৰ্জ কৰাৰ পাছত ডেটেল ইজিৰে ৬০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পৰা যাব।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই দুচকীয়া বাহন চলাবলৈ চালকক লাইচেন্সৰ প্ৰয়োজন নহয়। তদুপৰি, এই ইলেকট্ৰিক বাহনৰ বাবে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিপিকেটৰো প্ৰয়োজন নাই।

কোম্পানীটোৱে এই বাহন বিশেষকৈ কিশোৰৰ বাবে মুকলি কৰিছে। লগতে এই বাহন কম দূৰত্ব যাত্ৰা কৰিবলগীয়া লোকসকলৰ বাবে লাভজনক হ’ব।

ডেটেল ইজি বাহনখনত দুজন লোক উঠি যাব পৰাকৈ বনোৱা হৈছে। বাহনখন তিনিটা ৰঙত মুকলি কৰা হৈছে।

আনহাতে বাহনখন চলোৱা চালকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীটোৱে বাহনখনৰ লগত হেলমেট ফ্ৰী দিছে।

Detel এটা নিৰ্ভৰযোগ্য আৰু মিতব্যয়ী ষ্টাৰ্টআপ কোম্পানী যিয়ে টিভি, ফিচাৰফোন আৰু ব্যায়ামৰ সঁজুলি উৎপাদনত জড়িত। ২০১৭চনত কোম্পানীটো স্থাপন হৈছিল।