জাগুনৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ড; ২ লাখ টকাৰ সা-সামগ্ৰী নষ্ট হোৱাৰ আশংকা

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অসম অৰুণাচল সীমান্তৱৰ্তী জাগুনৰ সাপ্তাহিক বজাৰত আজি এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডটোৰ ফলত দুটাকৈ বাসগৃহৰ লগতে তিনিখনকৈ সাপ্তাহিক ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।

প্ৰাপ্ত তথ্য মতে আজি দিনৰ প্ৰায় ২ বজাত জাগুনৰ পাৰ্বতীপুৰ সাপ্তাহিক বজাৰত সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ সময়ত উক্ত স্থানত কোনো লোক উপস্থিত নাছিল। যাৰ বাবে নিমিষতে তাত থকা সকলো সামগ্ৰী জুইৰ লেলিহান শিখাত সম্পূৰ্ণ ৰূপে জাহ যায়। অগ্নিকাণ্ডটোত প্ৰায় দুই লক্ষাধিক টকাৰ সা-সামগ্ৰী নষ্ট হোৱাৰ আশংকা কৰা হৈছে।

উল্লেখযোগ্য যে অগ্নিকাণ্ড সংঘটিত হোৱা বাসগৃহ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ কোনো এখনতে বিজুলীৰ সংযোগ নাছিল, যাৰ বাবে কোনো দুৰ্বিত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।