NORTHEAST NOW (Assamese)

Flood in Assam: ‘বান বাৰিষাৰে বান, বাৰে বাৰে সহিম কিমান!’ হাজোত কেমেৰাৰ সন্মুখতে বানে উটুৱাই নিলে ঘৰ

June 17, 2022 10:43 am · মৃদুল প্ৰীতম ডেকা, কামৰূপ
ফটো: নৰ্থইষ্ট নাও।

নেৰানেপেৰা বৰষুণৰ ফলত হাজোত বৰলীয়া নৈয়ে ক্ৰমে সংহাৰী ৰূপে ধাৰণ কৰিছে।

চমূখাত বৰলীয়া নৈৰ পানীয়ে মথাউৰী চিগাৰ ফলত হাহাকাৰ অৱস্থা হৈছে বানাক্ৰান্তৰ।

ফটো: নৰ্থইষ্ট নাও।

হাজোৰ চৌমূখাত বৰলীয়া নৈৰ মথাউৰী ভঙাৰ বাবে প্লাবিত হৈছে শতাধিক গাঁও।

ফটো: নৰ্থইষ্ট নাও।

চকুৰ সন্মুখতে সংহাৰী বানে এটা ঘৰ উটুৱাই লৈ যোৱাৰ দৃশ্যই সকলোকে ব্যথিত কৰি তুলিছে। নৈৰ পাৰত গৃহস্থৰ হিয়া ভঙা কান্দোনত কৰুণ পৰিস্থিতিৰ সৃষ্টি হৈছে।

 

ফটো: নৰ্থইষ্ট নাও।

হাজোৰ বৰপুল্লা, বাৰংহাতী, দিমু আদি অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে। নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্তই। 

Related News