NORTHEAST NOW (Assamese)

হাউলীৰ শতিকা প্ৰাচীন ৰাস মন্দিৰ ৰংগমঞ্চত অগ্নিকাণ্ড

June 15, 2020 8:48 pm · পুলেন্দ্ৰ দাস
Updated: June 15, 2020 8:50 pm
ফটো : নৰ্থ-ইষ্ট নাও

বৰপেটাৰ হাউলী ৰাস মন্দিৰ ৰংগমঞ্চত আজি বিয়লিৰ ভাগত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। ৰংগমঞ্চখন অকস্মাতে দাউ দাউকৈ জ্বলি উঠা জুই দেখি হাহাকাৰ লাগে চহৰখনৰ লোকসকলৰ মাজত।

ৰংগমঞ্চখনত জুই লগা দেখি স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে ততালিকে উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

হাউলী ৰাস মন্দিৰ আৰু মদনমোহন নামঘৰৰ সন্মুখত থকা ৰংগমঞ্চখনত কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ’ল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।

শতিকাপ্ৰাচীন মন্দিৰটোৰ অগ্নিকাণ্ডৰ ঘটনাটোক লৈ সমগ্ৰ হাউলী চহৰত আতংক বিৰাজ কৰে যদিও জুই নিৰ্বাপনৰ পিছেতে চহৰখনৰ ৰাইঝৰ মাজত শাম কাটে আতংক।

অগ্নিকাণ্ডটোৰ ফলত ৰংগমঞ্চখনৰ ওপৰত থকা কিছু সামগ্ৰী জুইত ভস্মীভূত হয়।

Related News