NORTHEAST NOW (Assamese)

ভয়ংকৰ অগ্নিকাণ্ডত ভষ্মীভূত হ’ল সাতটাকৈ বাসগৃহ, বিনষ্ট লক্ষাধিক টকাৰ সম্পত্তি

December 10, 2020 7:49 pm · চানু গগৈ
ফটো: নৰ্থইষ্ট নাও

মৰিগাঁও জিলাৰ গেৰুৱাৰ ওচৰৰ হাতিমুৰীয়া গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

ঘটনা অনুসৰি পোনতে ধানখেৰৰ পৰা নিৰ্গত হোৱা জুঁইয়ে এটা বাসগৃহক ছানি ধৰে। তাৰ পাছতেই লাহে লাহে বাঢ়ি অহা জুঁইৰ লেলিহান শিখাত এটা চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পাছতেই এটা এটাকৈ ওচৰ চুবুৰীয়াৰ সাতটাকৈ বাসগৃহ নিমিষতে জুঁইয়ে আগুৰি ধৰে।

ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে লগে লগে মৰিগাঁও জিলা অগ্নি-নিৰ্বাপক বাহিনীক খবৰ দিয়ে।

অগ্নি-নিৰ্বাপক বাহিনীৰ ‘বৰুণ’ আহি পোৱাৰ আগতেই গাঁৱৰ ৰাইজে আপ্ৰাণ চেষ্টা কৰিও জুঁইত ভষ্মীভূত হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে গৃহস্থৰ বহু মূল্যৱান সা- সামগ্ৰী।

গাঁৱখনৰে এগৰাকী প্ৰত্যক্ষদৰ্ক্ষীয়ে জনোৱা অনুসৰি মৰিগাঁৱৰ পৰা  ‘বৰুণ’ আহি পোৱাৰ পাছতেই আজিৰ এই ভয়ানক ৰূপ ধাৰণ কৰা ঘটনাৰ পৰা সমগ্ৰ অঞ্চলটো কথমপি ৰক্ষা পৰে।

আনহাতে, অবাঞ্ছিত অগ্নিকাণ্ডটোৰ ফলত বহু মূল্যবান সা-সামগ্ৰীৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তিও জুঁইত জাহ যায়।

Related News