ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াত উচন প্ৰাথমিক বিদ্যালয়; বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ ভাবুকি

FB_IMG_1595479857372

ফটো: নৰ্থইষ্ট নাও

ব্ৰহ্মপুত্ৰৰ বান-গৰাখহনীয়াই বৰ্তমান নগাঁও আৰু শোণিতপুৰ জিলাৰ নৈপৰীয়া অঞ্চলত কালৰূপ ধাৰণ কৰিছে।

ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়াই নগাঁও জিলাৰ বৃহত্তৰ লাওঁখোৱা অঞ্চলৰ লগতে ভগামুখৰ বিস্তীৰ্ণ অঞ্চল আৰু শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিতো বিস্তৰ ক্ষতিসাধন কৰিছে৷

শোণিতপুৰ জিলাৰ অধীনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা বুঢ়াচাপৰিত বানপানীৰ লগতে গৰাখহনীয়াই প্ৰতিবছৰে নৈপৰীয়া ভূমিখণ্ড চপৰা-চপৰে খহাই ঝাৰণি, শিশুআটি আদি কেইবাখনো গাওঁ ওচন কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰি আহিছে।

ইপিনে, বহু সময়ত চৰকাৰ তথা ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগী ৰাইজে উত্থাপন কৰি আহিছে।

এইবাৰো ব্ৰহ্মপুত্ৰৰ বান আৰু গৰাখহনীয়া বৃদ্ধি পোৱাত এই সমাধানহীন প্ৰাকৃতিক দুৰ্যোগৰ কৱলত পৰি উচন হ’ল শোণিতপুৰ জিলাৰ অন্তৰ্গত ধনীয়া গাওঁস্থিত বুঢ়াচাপৰি প্ৰাথমিক বিদ্যালয়খন।

ব্ৰহ্মপুত্ৰৰ বুকুত পৰ্য্যায়ক্ৰমে বিলীন হ’ল ধনীয়া গাঁওস্থিত বিদ্যালয় খনৰ দুটাকৈ পৰিত্যক্ত গৃহ।

লগে-লগে চৰম অনিশ্চয়তাই আবৰি ধৰিছে গাওঁখনৰ বহু সংখ্যক স্থায়ী পৰিয়ালক। কোন সময়ত হেঁপাহৰ ঘৰখন, ভেঁটি-মাটি লুইতৰ বুকুত নিঃচিহ্ন হয় তাৰ নিশ্চয়তা পৰিয়াল সমূহৰ প্ৰায় নাইকীয়া হৈছে।

বৰ্তমান শোণিতপুৰ জিলাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত কেৱল বুঢ়াচাপৰি গাঁৱলৈয়ে যে চৰম ভাবুকি নামি আহিছে তেনে নহয়, ইয়াৰ সমান্তৰালভাৱে বিভিন্ন প্ৰজাতিৰ বহু সংখ্যক বন্য জীৱ-জন্তুৱে গিজগিজাই থকা সমীপৱৰ্ত্তী বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈও তীব্ৰ ভাবুকি আনিছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল বান আৰু গৰাখহনীয়াই।

শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি অঞ্চলৰ বান আৰু গৰাখহনীয়াৰ বাতৰি সংবাদ মাধ্যমত প্ৰতিবছৰে সময়ে-সময়ে সম্প্ৰচাৰ কৰি অহাৰ পাছতো আজি পৰ্যন্ত চৰকাৰ, জিলা প্ৰশাসন তথা সংশ্লিষ্ট জলসম্পদ বিভাগে অঞ্চলটোক বান-গৰাখহনীয়া সমস্যাৰ পৰা ৰক্ষা কৰিবৰ বাবে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা পোৱা নগ’ল।

যাৰ বাবে বছৰ বছৰ ধৰি বান আৰু গৰাখহনীয়াৰ সমস্যাত ভূগি থকা শোণিতপুৰৰ বুঢ়াচাপৰিৰ ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৷

আনহাতে, নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত লাওঁখোৱাৰ ভগামুখ অঞ্চলটোতো বছৰৰ তৃতীয়টো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। যাৰ বাবে বহুলোকৰ পৰিয়াল, ভেঁটি-মাটি, খেতি-বাৰি বানত ক্ষতিগ্ৰস্ত হৈছে।

লক্ষণীয়ভাবে, বৃহত্তৰ অঞ্চলটোত অকস্মাৎ বৃদ্ধি পোৱা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চামগুৰি লাওঁখোৱাৰ ৬নং ভগামুখৰ মাজেৰে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ অহা-যোৱা কৰা একমাত্ৰ পথটোৰ এচোৱা ছিঙি নিয়াত এতিয়া বন্যপ্ৰাণী অভয়াৰণ্য খনৰ লগতে ৬নং আৰু ৭নং ভগামুখৰ বৃহত্তৰ অঞ্চলটোৰ মাজত যোগাযোগ একপ্ৰকাৰ বিছিন্ন হৈ পৰা পৰিলক্ষিত হৈছে।