ডিমা হাচাওত শান্তিপূৰ্ণ পূজাৰ পিছত প্ৰতিমা বিসৰ্জন ঘাটত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত; ৪জন আহত

Procession held at Haflong

ডিমা হাচাও জিলাত দুৰ্গোৎসৱ সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আছিল যদিও জিলাখনৰ মাইবাঙত দশমীৰ দেৱী বিসৰ্জন দিবলৈ যোৱা এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত চাৰিজন লোক আহত হৈছে। ইয়াৰে এজনৰ আঘাত গুৰুতৰ আৰু তেওঁক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জিলাখনত থকা নীপকোৰ কপিলী জলবিদ্যুৎ প্ৰকল্পত হোৱা দুৰ্ঘটনাই পূজাৰ উচাহ ভালেখিনি ম্লান কৰি ৰাখিছিল। ৭ অক্টোবৰত প্ৰকল্পটোৰ পাইপলাইন বিস্ফোৰণৰ ফলত নিৰুদ্দিষ্ট চাৰিজন লোকৰ কোনো সন্ধান এতিয়াও পোৱা নাই কৰ্তৃপক্ষবোৰে।

ইয়াৰ মাজতে জিলা প্ৰশাসনৰ কটকটীয়া নিৰ্দেশনা আৰু নিৰাপত্তাৰ ব্যৱস্থাৰ মাজেৰে জিলাখনত দেৱীৰ বিসৰ্জন কাৰ্য্যসূচীৰ সামৰণি পৰে। উমৰাংচুৰ প্ৰশাসনে প্ৰতিমা বিসৰ্জন উপলক্ষে কোনো ধৰণৰ হৈ-হাল্লা বা তেনে শোভাযাত্ৰা কৰাৰ অনুমতি নিদিলে।

প্ৰতিমা বিসৰ্জনৰ সময়ত হাফলং লেইকৰ উপৰি দিয়ুং নৈতো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰে প্ৰশাসনে।

উল্লেখনীয়, পাৰ্বত্য জিলাত এইবাৰ মুঠ ৬৩খন পূজা অনুষ্ঠিত হৈছিল। ইয়াৰে হাফলঙত ২১টা, উমৰাংচুত ১৫টা, মাইবাঙত ৬টা, হাৰাংগাজাওত ৪টা, দিয়ুংমুখত ৪টা, লাংটিঙত ৪টা, হাতীখালীত ২টা, মাহুৰত ৫টা, দেহাংগী আৰু মান্দাৰদিচাত ১টাকৈ স্থানত প্ৰতিমা প্ৰতিষ্ঠা কৰা হৈছিল।

যোৱা প্ৰায় এটা দশক ধৰি ডিমা হাচাও জিলাত সাধাৰণ ৰাইজৰ মাজত পূজাক কেন্দ্ৰ কৰি তেনে কোনো অপ্ৰীতিকৰ ঘটনাৰ উদাহৰণ নাই। অৱশ্যে জিলাখনত ভৈয়ামৰ নিচিনা দুৰ্গা পূজাক লৈ কোনো প্ৰতিযোগিতাও নাই। বাহ্যিক উল্লাসতকৈ অধিক নিষ্ঠা আৰু আধ্যাত্মিকতাৰে দেৱীৰ পূজা সম্পন্ন কৰা হয়।

হাফলঙৰ বিশেষকৈ জগন্নাথ বাৰী, ৰামকৃষ্ণ সেবা সমিতি আৰু কালীবাৰীৰ পূজা আৰু হাৰাংগাজাওৰ ঠাকুৰবাৰীৰ পূজা, মাইবাঙত মাইবাং দুৰ্গাবাৰী, ৰে’লৰ পূজা  লাঙটিং দুৰ্গাবাৰীৰ পূজা অন্যতম।