NORTHEAST NOW (Assamese)

ত্ৰিশতকীয় ইনিংছৰ পাছত মহাত্মা গান্ধীৰ বাণীৰে ডেভিড ৱাৰ্ণাৰক প্ৰশংসা পত্নী কেণ্ডিচ ৱাৰ্ণাৰৰ

December 4, 2019 7:17 am · এন ই নাও নিউজ
ডেভিড ৱাৰ্ণাৰ পৰিয়ালৰ সৈতে

পাকিস্তানৰ বিৰুদ্ধে সদ্য সমাপ্ত টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টত কেৰিয়াৰ প্ৰথমটো ত্ৰিশতৰাণ অৰ্জন কৰা অষ্ট্ৰেলিয়াৰ অপেনিং বেটছমেন ডেভিড ৱাৰ্ণাৰক প্ৰশংসাৰে ওপচাই পেলাইছে পত্নী কেণ্ডিচ ৱাৰ্ণাৰে।

ডেভিড ৱাৰ্ণাৰৰ পত্নী কেণ্ডিচে এটা টুইটত জাতিৰ পিতা মহাত্মা গান্ধীৰ বাণীৰ উদ্ধৃতিৰে ৱাৰ্ণাৰক প্ৰশংসা কৰে।

‘‘সক্ষমতা শাৰীৰিক সামৰ্থ্যৰ পৰা নাহে, সক্ষমতা আহে অদম্য ইচ্ছাৰ পৰা(মহাত্মা গান্ধী)। অন্য মানুহে তোমাৰ বিষয়ে কি ভাৱে সেয়া গুৰুত্বপূৰ্ণ নহয়, তোমাৰ নিজৰ ওপৰত কিমান বিশ্বাস আছে সেয়াহে গুৰুত্বপূৰ্ণ,’’ অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ গৰাকীৰ পত্নীয়ে উল্লেখ কৰে।

আনহাতে, ডেভিড ৱাৰ্ণাৰৰ পত্নী কেণ্ডিচে টুইটাৰত মহাত্মা গান্ধীৰ বাণী উল্লেখ কৰা প্ৰসংগত ভাৰতৰ লোকসকলে ৱাৰ্ণাৰ দম্পতীক উচ্চ প্ৰশংসা কৰিছে।

উল্লেখযোগ্য যে, পাকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ৱাৰ্ণাৰে ৩৩৫ ৰাণৰ অপৰাজিত ইনিংছ খেলি ডন ব্ৰেডমেন আৰু মাৰ্ক টেইলৰৰ ৩৩৪ ৰাণৰ অভিলেখ ভংগ কৰি মেথিউ হেনেডৰ পাছতে টেষ্টত দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।

হেডেনে ২০০৩ চনত জিম্বাবুৱেৰ বিৰুদ্ধে ৩৮০ ৰাণ সংগ্ৰহ কৰিছিল।

ডেভিড ৱাৰ্ণাৰে ত্ৰিশতকীয় ইনিংছ খেলাৰ পাছতে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বিৰেন্দ্ৰ ছেহৱাগৰ পৰা টেষ্টত দিঘলীয়া ইনিংছ খেলাৰ বাবে তেওঁ উৎসাহ লাভ কৰিছিল বুলি সংবাদ মাধ্যমত মন্তব্য কৰে।

Related News