এইবাৰ কোভিড প্ৰট’কল মানি ভক্তই দৰ্শন কৰিব লাগিব ১২০ বছৰীয়া দেৱী দুৰ্গাৰ কাঠৰ প্ৰতিমা

VideoCapture_20200914

ফটো: নৰ্থইষ্ট নাও

শৰতৰ ধূসৰ কুঁৱলীৰ আস্বাদনৰ মাজেৰে ধৰাৰ বুকুলৈ নামি অহে দেৱী দূৰ্গা। কিন্তু এইবাৰ সকলোবোৰেই যেন ব্যতিক্ৰম!

কালান্তক ক’ৰনা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি-নিৰ্দেশনাৰ মাজেৰে অনুষ্টুপীয়াকৈহে ৰাজ্যত উদযাপন কৰিব পৰা যাব দূৰ্গোৎসৱ।

ইয়াৰ বাবেই দেৱী দুৰ্গাৰ ঐতিহ্যমণ্ডিত কাঠৰ প্ৰতিমাৰে পূজা-অৰ্চনা কৰি অহা নগাঁও জিলাৰ পুৰণিগুদামৰ পূজা মণ্ডপত এইবাৰ নাই কোনো ধৰণৰ পূজাৰ প্ৰস্তুতি।

শিল্পী লেশধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰে বেল কাঠৰে নিৰ্মাণ কৰা দেৱী মাৰ প্ৰতিমাক ১৯০১ চনৰ পৰা পূজা-অৰ্চনা কৰি অহা পুৰণিগুদামত এই বছৰ প্ৰথমবাৰৰ বাবে অনুষ্টুপীয়াকৈ দূৰ্গা পূজা অনুষ্ঠিত কৰা হ’ব।

সৰ্বত্ৰে ক’ৰণাৰ ভয়াবহতা যে সম্প্ৰতি বিষম হৈ পৰিছে তাক সকলোৱে সহজে অনুমান কৰিব পাৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত দুৰ্গতি নাশিনী দেৱী দুৰ্গা তথা কাঠৰ প্ৰতিমা ভাগক দৰ্শন কৰিবলৈ এইবাৰ ভক্তপ্ৰাণ ৰাইজে মুখত মাক্স আৰু সামাজিক দূৰত্ব বজাই আঁতৰৰ পৰাই সেৱা ল’ব লাগিব।

দূৰৈৰ পৰাই আগবঢ়াই দিব লাগিব ধূপ-দীপ-নৈবদ্য, শৰাই-শলিতা। মণ্ডপৰ ভিতৰত জনসমাগম কৰিবলৈ দিব পৰা নাযাব বুলি জানিবলৈ দিয়ে লেৰেলা খনিকৰৰ আজো নাতি যোগেন শৰ্মাই।

মুঠতে ১১৯ বছৰ গৰকি ১২০ বছৰত উপনীত হ’ব লগীয়া পুৰণিগুদামৰ ঐতিহ্যমণ্ডিত কাঠৰ প্ৰতিমা ভাগক পূৰ্বৰ দৰে এইবাৰো ৰং-তুলিকাৰে মুখৰিত কৰি নতুন বৰণেৰে সজাই পৰম্পৰাগত ভাৱেই বেদীত স্থাপন কৰি অৰ্চন-বন্দন কৰা হ’ব যদিও পোন প্ৰথমবাৰৰ বাবে ভক্তপ্ৰাণ ৰাইজে অতিশয় লক্ষ্যণীয়ভাবে মানি চলিব লগীয়া হ’ব কিছু বাধ্যবাধকতা।