ক’ৰবাত কোনোৱাই পইচা লুটিব, পুলিচ বহি থাকিব নোৱাৰে: ডিজিপি ভাস্কৰজ্যোতি মহন্ত

ৰাজ্যৰ বিদ্যালয় সমূহত চলি আছে গুণোৎসৱ।

গুণোৎসৱ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আজি শিৱসাগৰত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত।

অসমৰ দ্বিতীয়খন চৰকাৰী বিদ্যালয় শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ত আজি গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিৱসাগৰৰ সুযোগ্য সন্তান তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ভাস্কৰজ্যোতি মহন্তই আজি পুনৰ বিদ্যালয়খনত প্ৰৱেশ কৰি নষ্টালজিক হৈ পৰে। এসময়ত বিদ্যালয়খনত অধ্যয়ন কৰাৰ সময়ৰ বহু স্মৃতি ৰোমন্থন কৰে প্ৰাক্তন ছাত্ৰ ভাস্কৰজ্যোতি মহন্তই।

সেই সময়ৰ বহু কেইজন শিক্ষা গুৰুৰ নাম স্মৰণ কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰাৰ লগতে বিদ্যালয়খনৰ বাৰ্ষিক আলোচনী ৰংপুৰ উন্মোচন কৰে।

বিদ্যালয়ৰ এনচিচিৰ ছাত্ৰ ছাত্ৰী সকলে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক অভিবাদন প্ৰদান কৰে।

শেহতীয়াকৈ আলফা স্বাধীনৰ উত্থনৰ সম্পৰ্কত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব্য।

”আমি চিন্তা কৰিছোঁ আমাৰ মানুহৰ কোনো লোকচান নহওঁক। অসম পুলিচ বহি থাকিব নোৱাৰে। কোনোবাই ক’ৰবাত বম দিব, ক’ৰবাত কিডনেপ কৰিব, পইচা লুটিব , গতিকে অসম পুলিচে কাউন্টাৰ মেচেজখিনি ল’বই লাগিব। ৰাইজে সেইটো বিচাৰে”।

শিৱসাগৰত গুণোৎসৱত অংশগ্ৰহণ কৰাৰ অন্তত শেহতীয়াকৈ আলফা স্বাধীনৰ উত্থানকলৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।

আনহাতে পৰেশ বৰুৱাৰ টেলিভিচনত ইন্টাৰভিউৰ ক্ষেত্ৰতো মন্তব্য ডিজিপি মহন্তৰ।

তেওঁ কয়, ”প্ৰেছৰ স্বাধীনতাৰ ক্ষেত্ৰত কিছুমান সিদ্ধান্ত আমি হঠাৎ লৈ নলও। যিখিনি বৈধ ব্যৱস্থাপনা আছে ,তাত অভিযোগৰ বাবে পৰীক্ষা-নিৰীক্ষা চলি আছে” বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ডিজিপিয়ে।