• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত জামাতুল মুজাহিদিনৰ উপস্থিতি সম্পৰ্কে দিল্লীক সকীয়াই দিছে ঢাকাই

জেএমবিৰ এজন শীৰ্ষ কমাণ্ডাৰ ছালাহুদ্দিন ছালেহিনে প্ৰায় পোন্ধৰজন সন্ত্ৰাসবাদী সদস্যক লৈ আত্মগোপন কৰি আছে অসমত

 ছৈয়দ বছিৰ by ছৈয়দ বছিৰ
December 1, 2018 2:56 pm
bangladesh-3-jmb-story_647_072917100456-750x375

গ্ৰেপ্তাৰ হোৱা জেএমবিৰ তিনি সদস্য (ফাইল ফটো)। ফটো : ইণ্ডিয়া টুডেৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ধুবুৰী আৰু বৰপেটা অঞ্চলত বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদিন বা জেএমবিৰ এটা গোটৰ উপস্থিতি সম্পৰ্কে ভাৰতক বাংলাদেশৰ চোৰাংচোৱাই সকীয়াই দিছে। জেএমবিৰ এজন শীৰ্ষ কমাণ্ডাৰ ছালাহুদ্দিন ছালেহিনে প্ৰায় পোন্ধৰজন সন্ত্ৰাসবাদী সদস্যক লৈ এই অঞ্চলত শিবিৰ পাতিছে বুলি বাংলাদেশ চোৰাংচোৱাৰ শীৰ্ষ বিষয়াই জানিবলৈ দিছে।

তেওঁ কয় যে ভাৰতীয় চোৰাংচোৱাক জনোৱা হৈছে। ‘’ আমি তেওঁলোকৰ সঠিক অৱস্থিতি নাজানো আৰু তেওঁলোকে ইঠাইৰ পৰা সিঠাইলৈ যাব পাৰে। কিন্তু বাংলাদেশলৈ উভতি অহা তেওঁলোকৰ আন সদস্যলৈ কৰা ফোন ধৰা পেলাই পশ্চিম অসমৰ এই অঞ্চলৰ কথা জানিব পৰা গৈছে,’’- নিজৰ গোপনীয়তা ৰক্ষাৰ চৰ্তত বিষয়াগৰাকীয়ে ‘নৰ্থইষ্ট নাও’ৰ আগত এইদৰে কয়।

তেওঁ জানিব দিয়ে যে জেএমবি সদস্যৰ দ্বাৰা গঠিত এই জেএমবিৰ গোটটোৱে কিছুদিন ধৰি ভাৰতত লুকাই আছে।

তেওঁলোকে বেছিভাগ সময় দক্ষিণ ভাৰত আৰু পশ্চিমবংগত লুকাই আছিল যদিও এই ৰাজ্যসমূহত শেহতীয়াভাৱে চলোৱা তালাচী অভিযানৰ লগতে ইয়াৰ শীৰ্ষ বিস্ফোৰণ বিশেষজ্ঞ জাহিদুল ইছলাম ওৰফে বোমা মিজানকে ধৰি কিছু জেএমবি সদস্য গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁলোকে অসমলৈ গতি কৰিছে। মিজানক বাংগালোৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

চোৰাংচোৱা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে অসমত আত্মগোপন কৰি থকা এই গোটটোৱে অহা ৩০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ আগেয়ে কূটাঘাত সংঘটিত কৰাৰ বাবে বাংলাদেশত প্ৰৱেশ কৰিব পাৰে। ছালেহিন আৰু মিজানে ২০১৩ চনত এখন কাৰাগাৰৰ পৰা মৈমনসিঙৰ তেইশালৰ আদালতলৈ লৈ যোৱাৰ সময়ত বাংলাদেশৰ পৰা পলায়ন কৰাৰ পৰাই অধিকাংশ সময় ভাৰততে আত্মগোপন কৰি আছে।

দুবছৰ আগতে ঢাকাৰ এখন ৰেষ্টোৰাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত বহুকেইজন বিদেশী আৰু স্থানীয় লোক নিহত হোৱা ঘটনাৰ পাছত সংগঠনটোৰ বিৰুদ্ধে ৰাষ্ট্ৰজুৰি চলা ব্যাপক অভিযানৰ পৰাই বাংলাদেশত জেএমবিৰ কৰ্মীসকল গভীৰ চাপত আছে।

 ছৈয়দ বছিৰ

ছৈয়দ বছিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd