অৰ্জুন বঁটাৰ বাবে মনোনীত বক্সাৰ লাভলিনা বৰগোঁহাইক সম্বৰ্ধনা ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ

লাভলিনাৰ ঘৰৰ চৌহদত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত স্থাপন কৰা হ'ব এটা বক্সিং ৰিং

ফটো : নৰ্থ-ইষ্ট নাও

ক’ৰ’না আতংক আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত বিগত প্ৰায় তিনি মাহ ধৰি গোলাঘাট জিলাৰ বৰপথাৰৰ নিজ গৃহতে আৱদ্ধ হৈ আছে আগন্তক টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হোৱা আন্ত:ৰাষ্ট্ৰীয় বক্সাৰ অসম কণ্যা লাভলিনা বৰগোঁহাই।

নিজৰ ঘৰতে থাকি কঠোৰ অনুশীলন অব্যাহত ৰাখিছে লাভলিনাই। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অসমৰ প্ৰথম গৰাকী মহিলা খেলুৱৈ লাভলিনালৈ লকডাউনৰ মাজতে আহিছে আন এক সুখবৰ।

অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হৈছে সুদক্ষ বক্সাৰ অসম কন্যা লাভলিনা বৰগোঁহাইৰ নাম। তেওঁৰ এনে সাফল্য আৰু সুখবৰে গৌৰৱাম্বিত কৰিছে ৰাজ্যবাসীৰ লগতে ধনশিৰি মহকুমা বাসীক।

অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা বক্সাৰ গৰাকীক সোমবাৰে বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ ঘৰত সম্বৰ্ধনা জনাই ধনশিৰি জিলা ক্ৰীড়া সন্থাই।

ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম কো অপাৰেটিভ এপেক্স বেংকৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ যুৱ নেতা বিশ্বজিৎ ফুকনৰ নেতৃত্বত ধনশিৰি জিলা ক্ৰীড়া সন্থা আৰু অসম ৰাজ্যিক পৰিবহন বিভাগৰ গোলাঘাট কাৰ্য্যালয়ৰ তৰফৰ পৰা ফুলাম গামোছা, স্মাৰক আৰু একোখন প্ৰসস্তি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

লগতে খ্যাতি সম্পন্ন বক্সাৰ গৰাকীৰ ঘৰৰ চৌহদত ধনশিৰি জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা শীঘ্ৰে এটি বক্সিং ৰিং নিৰ্মাণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে বিশ্বজিৎ ফুকনে।

উল্লেখ্য যে মহামাৰী ক’ভিড ১৯ আৰু লকডাউনৰ বাবে অনুশীলন শিৱিৰ বন্ধ হৈ আছে লাভলীনাৰ। ফলত নিজৰ ঘৰতে লাভলিনাই পুৱা গধুলী অব্যাহত ৰাখিছে অনুশীলন।

ইতিমধ্যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ তৰফৰ পৰা লাভলীনাৰ বাবে প্ৰেৰণ কৰা হৈছে অনুশীলনৰ সামগ্ৰী। অত্যন্ত আত্ম বিশ্বাসী টিকেন বৰগোঁহাই আৰু মামনী বৰগোঁহাইৰ কনিষ্ঠ কন্যা লাভলিনাৰ এতিয়া একমাত্ৰ লক্ষ্য আগন্তক টকিঅ’ অলিম্পিকত দেশৰ হৈ পদক অৰ্জন কৰা।