• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন মোৰ লৈছে ধিং ধৰ্ষণ কাণ্ডই : পানীত পৰি মৃত্যু হোৱা তফাজ্জুল ধৰ্ষণকাৰী নাছিল!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 17, 2024 2:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন মোৰ লৈছে ধিং ধৰ্ষণ কাণ্ডই। আৰক্ষীৰ ব্যৰ্থতা ফাদিল হৈছে ন্যায়ালয়ত! গুৱাহাটী উচ্চ ন্যায়ালয়ত ফাদিল হৈছে অসম আৰক্ষীৰ অন্য এক জঘন্য দিশ। ফাদিল হৈছে স্মাৰ্ট অসম আৰক্ষী অন্য এক কদৰ্য চৰিত্ৰ।

আৰক্ষীৰ জিম্মাত থাকোতে পানীত পৰি মৃত্যু হোৱা তাফজ্জুল ধৰ্ষণকাৰী তাফজ্জুল নহয়। চিত্ৰপট সলনি হৈছে ধিং ধৰ্ষণ কাণ্ডৰ। আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা তফাজ্জুল ইছলাম ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত নহয়। মূল অভিযুক্ত তফাজ্জুল ইছলাম আৰু আৰক্ষীৰ জিম্মাত পুখুৰীত পৰি মৃত্যু হোৱা তফাজ্জুল ইছলামদুজন ভিন্ন ব্যক্তিহে বুলি দাবী কৰা হৈছে। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এই সম্পৰ্কীয় এখন আবেদন শুনানি গ্ৰহণ কৰাৰ পাছতে এই কথা পোহৰলৈ আহিছে।

উল্লেখ্য যে ধিং ধৰ্ষণ কাণ্ডৰ পাছতে তফাজ্জুল ইছলাম নামৰ এজন যুৱকক ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মূল অভিযুক্ত বুলি দাবী কৰিছিল। আৰু আৰক্ষীৰ জিম্মাতে হাতকেৰেয়া লগা অৱস্থাতে তফাজ্জুল ইছলামৰ পুখুৰীত জঁপিয়াই মৃত্যু হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছিল। ইফালে এই ঘটনাক ৰাজ্যৰ সচেতন মহলে আৰক্ষীৰ অবৈধ এনকাউণ্টাৰৰ নতুন কৌশল বুলি আখ্যা দিছিল।

ইফালে আৰক্ষীৰ জিম্মাত তফাজ্জুল ইছলাম মৃত্যু হোৱাৰ পাছতে পিতৃয়ে ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত তফাজ্জুল ইছলাম একেজন যুৱক নহয় বুলি দাবী কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰে। এই আবেদনৰ ভিত্তিত ৰুজু হোৱা ডব্লিউ পি (চি) ৪৬৬২/২০২৪ নম্বৰৰ গোচৰটোৰ শুনানি গ্রহণ কৰি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে অসম চৰকাৰলৈ স্থিতি স্পষ্ট কৰাৰ বাবে জাননী জাৰি কৰিছে।

তফাজ্জল ইছলামৰ পিতৃয়ে দাখিল কৰা আবেদনখনত দিয়া আৰ্জিৰ সন্দৰ্ভত গোচৰীয়া অধিবক্তা জুনেইড খালিদে সংবাদ মাধ্যমত জানিবলৈ দি কয় যে ধিং কাণ্ডত জড়িত বুলি তফাজ্জল ইছলাম নামৰ এজন যুৱকৰ ফটো সংবাদ মাধ্যমত প্রকাশ পাইছিল। সেই সময়ত আৰক্ষীয়ে অভিযুক্তজনৰ ফটো ৰাজহুৱা কৰা বুলি উল্লেখ কৰা হৈছিল।

কিন্তু উক্ত ধৰ্ষণৰ ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে আটক কৰি নিয়া আৰু আৰক্ষীৰ জিম্মাত থকা অৱস্থাত ৰহস্যজনকভাবে পুখুৰীত পৰি মৃত্যু হোৱা তফাজ্জল ইছলাম আৰু সংবাদ মাধ্যমত অভিযুক্ত বুলি প্ৰচাৰ হোৱা তফাজ্জল ইছলাম একেজন ব্যক্তি নাছিল। যিজন তফাজ্জল ইছলাম আৰক্ষীৰ জিম্মাত মৃত্যু হয়, তেওঁ ধিঙৰ ধৰ্ষণ কাণ্ডত যে জড়িত তাৰো কোনো প্রমাণ নাই।

ভুক্তভোগী কিশোৰীগৰাকীয়েও আইনৰ গণ্ডীৰ ভিতৰত সেই যুৱকজনে ধৰ্ষণ কৰা বুলি চিনাক্ত কৰা নাছিল। তদুপৰি আন কোনো প্রত্যক্ষদর্শীয়েও মৃত তফাজ্জলক অভিযুক্ত হিচাপে চিনাক্ত কৰা নাছিল। তদুপৰি তফাজ্জল যে অভিযুক্ত তাৰ কোনো আইনগত ডি এন এ পৰীক্ষা হোৱা নাছিল। আনকি যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ সন্দর্ভত আজিলৈকে পৰিয়ালক আৰক্ষীয়ে নিয়ম মাফিক এৰেষ্ট মেম‘ দিয়া নাই। লগতে মৰণোত্তৰ পৰীক্ষাৰো প্রতিবেদন এই পর্যন্ত পৰিয়ালৰ লোকে লাভ কৰা নাই বুলি অভিযোগ কৰিছে। ইফালে তফাজ্জুলৰ গ্ৰেপ্তাৰ সময়ত আৰক্ষীয়ে ন্যায়ালয়ৰ কেতবোৰ গুৰুত্বপূৰ্ণ  নিৰ্দেশনা উলংঘা কৰাৰো গুৰুতৰ অভিযোগ উঠিছে।

আনকি পুৱা ৫ বজাতে আটক কৰি নিশা পর্যন্ত আৰক্ষীয়ে তফাজ্জলক এবাৰলৈ স্বাস্থ্য পৰীক্ষাও কৰা নাছিল। এই ঘটনাৰ নিৰপেক্ষ তদন্ত স্বার্থত ভুক্তভোগী পিতৃয়ে ন্যায়িক তদন্তৰ লগতে পুত্ৰৰ মৃত্যুৰ উপযুক্ত ক্ষতিপূৰণ বিচাৰি আবেদন জনাইছে। উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্রহণ কৰি অসম চৰকাৰ, গৃহ বিভাগৰ প্ৰধান সচিব, নগাঁও জিলা আয়ুক্ত, নগাঁও আৰক্ষী অধীক্ষক আৰু ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ জাননী প্ৰেৰণ কৰিছে। গোচৰটোৰ ৪ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ন্যায়ালয়ে।

এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই শুনানিৰ পিছতে ধিং ধৰ্ষণকাণ্ডত আৰক্ষীয়ে লোৱা ভূমিকাকৈ কেতবোৰ বিস্ফোৰক প্ৰশ্নৰ উত্থাপন হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd