নতুন মোৰ লৈছে ধিং ধৰ্ষণ কাণ্ডই। আৰক্ষীৰ ব্যৰ্থতা ফাদিল হৈছে ন্যায়ালয়ত! গুৱাহাটী উচ্চ ন্যায়ালয়ত ফাদিল হৈছে অসম আৰক্ষীৰ অন্য এক জঘন্য দিশ। ফাদিল হৈছে স্মাৰ্ট অসম আৰক্ষী অন্য এক কদৰ্য চৰিত্ৰ।
আৰক্ষীৰ জিম্মাত থাকোতে পানীত পৰি মৃত্যু হোৱা তাফজ্জুল ধৰ্ষণকাৰী তাফজ্জুল নহয়। চিত্ৰপট সলনি হৈছে ধিং ধৰ্ষণ কাণ্ডৰ। আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা তফাজ্জুল ইছলাম ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত নহয়। মূল অভিযুক্ত তফাজ্জুল ইছলাম আৰু আৰক্ষীৰ জিম্মাত পুখুৰীত পৰি মৃত্যু হোৱা তফাজ্জুল ইছলামদুজন ভিন্ন ব্যক্তিহে বুলি দাবী কৰা হৈছে। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এই সম্পৰ্কীয় এখন আবেদন শুনানি গ্ৰহণ কৰাৰ পাছতে এই কথা পোহৰলৈ আহিছে।
উল্লেখ্য যে ধিং ধৰ্ষণ কাণ্ডৰ পাছতে তফাজ্জুল ইছলাম নামৰ এজন যুৱকক ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মূল অভিযুক্ত বুলি দাবী কৰিছিল। আৰু আৰক্ষীৰ জিম্মাতে হাতকেৰেয়া লগা অৱস্থাতে তফাজ্জুল ইছলামৰ পুখুৰীত জঁপিয়াই মৃত্যু হোৱা বুলি আৰক্ষীয়ে দাবী কৰিছিল। ইফালে এই ঘটনাক ৰাজ্যৰ সচেতন মহলে আৰক্ষীৰ অবৈধ এনকাউণ্টাৰৰ নতুন কৌশল বুলি আখ্যা দিছিল।
ইফালে আৰক্ষীৰ জিম্মাত তফাজ্জুল ইছলাম মৃত্যু হোৱাৰ পাছতে পিতৃয়ে ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত তফাজ্জুল ইছলাম একেজন যুৱক নহয় বুলি দাবী কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰে। এই আবেদনৰ ভিত্তিত ৰুজু হোৱা ডব্লিউ পি (চি) ৪৬৬২/২০২৪ নম্বৰৰ গোচৰটোৰ শুনানি গ্রহণ কৰি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু ন্যায়াধীশ সৌমিত্র শইকীয়াৰ খণ্ড বিচাৰপীঠে অসম চৰকাৰলৈ স্থিতি স্পষ্ট কৰাৰ বাবে জাননী জাৰি কৰিছে।
তফাজ্জল ইছলামৰ পিতৃয়ে দাখিল কৰা আবেদনখনত দিয়া আৰ্জিৰ সন্দৰ্ভত গোচৰীয়া অধিবক্তা জুনেইড খালিদে সংবাদ মাধ্যমত জানিবলৈ দি কয় যে ধিং কাণ্ডত জড়িত বুলি তফাজ্জল ইছলাম নামৰ এজন যুৱকৰ ফটো সংবাদ মাধ্যমত প্রকাশ পাইছিল। সেই সময়ত আৰক্ষীয়ে অভিযুক্তজনৰ ফটো ৰাজহুৱা কৰা বুলি উল্লেখ কৰা হৈছিল।
কিন্তু উক্ত ধৰ্ষণৰ ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে আটক কৰি নিয়া আৰু আৰক্ষীৰ জিম্মাত থকা অৱস্থাত ৰহস্যজনকভাবে পুখুৰীত পৰি মৃত্যু হোৱা তফাজ্জল ইছলাম আৰু সংবাদ মাধ্যমত অভিযুক্ত বুলি প্ৰচাৰ হোৱা তফাজ্জল ইছলাম একেজন ব্যক্তি নাছিল। যিজন তফাজ্জল ইছলাম আৰক্ষীৰ জিম্মাত মৃত্যু হয়, তেওঁ ধিঙৰ ধৰ্ষণ কাণ্ডত যে জড়িত তাৰো কোনো প্রমাণ নাই।
ভুক্তভোগী কিশোৰীগৰাকীয়েও আইনৰ গণ্ডীৰ ভিতৰত সেই যুৱকজনে ধৰ্ষণ কৰা বুলি চিনাক্ত কৰা নাছিল। তদুপৰি আন কোনো প্রত্যক্ষদর্শীয়েও মৃত তফাজ্জলক অভিযুক্ত হিচাপে চিনাক্ত কৰা নাছিল। তদুপৰি তফাজ্জল যে অভিযুক্ত তাৰ কোনো আইনগত ডি এন এ পৰীক্ষা হোৱা নাছিল। আনকি যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ সন্দর্ভত আজিলৈকে পৰিয়ালক আৰক্ষীয়ে নিয়ম মাফিক এৰেষ্ট মেম‘ দিয়া নাই। লগতে মৰণোত্তৰ পৰীক্ষাৰো প্রতিবেদন এই পর্যন্ত পৰিয়ালৰ লোকে লাভ কৰা নাই বুলি অভিযোগ কৰিছে। ইফালে তফাজ্জুলৰ গ্ৰেপ্তাৰ সময়ত আৰক্ষীয়ে ন্যায়ালয়ৰ কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা উলংঘা কৰাৰো গুৰুতৰ অভিযোগ উঠিছে।
আনকি পুৱা ৫ বজাতে আটক কৰি নিশা পর্যন্ত আৰক্ষীয়ে তফাজ্জলক এবাৰলৈ স্বাস্থ্য পৰীক্ষাও কৰা নাছিল। এই ঘটনাৰ নিৰপেক্ষ তদন্ত স্বার্থত ভুক্তভোগী পিতৃয়ে ন্যায়িক তদন্তৰ লগতে পুত্ৰৰ মৃত্যুৰ উপযুক্ত ক্ষতিপূৰণ বিচাৰি আবেদন জনাইছে। উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্রহণ কৰি অসম চৰকাৰ, গৃহ বিভাগৰ প্ৰধান সচিব, নগাঁও জিলা আয়ুক্ত, নগাঁও আৰক্ষী অধীক্ষক আৰু ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ জাননী প্ৰেৰণ কৰিছে। গোচৰটোৰ ৪ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে ন্যায়ালয়ে।
এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই শুনানিৰ পিছতে ধিং ধৰ্ষণকাণ্ডত আৰক্ষীয়ে লোৱা ভূমিকাকৈ কেতবোৰ বিস্ফোৰক প্ৰশ্নৰ উত্থাপন হৈছে।