তিনিচুকীয়া ধলাৰ হত্যাকাণ্ডৰ আঁৰত জেহাদীৰ ছাঁ দেখা পালে ৰাজেন গোহাঁয়ে

ৰাজেন গোহাঁই

কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো

তিনিচুকীয়াৰ ধলা খেৰবাৰীত পাঁচজনকৈ নিৰীহ লোকক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে।

আজি নগাঁৱত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কালিৰ ঘটনাটো অসমীয়া জাতিক দুৰ্বল কৰাৰ বাবে ষড়যন্ত্ৰমূলকভাৱে কৰিছে বুলিছে কয়।

লগতে ৰাজেন গোহাঁইয়ে একাংশই নাগৰিকত্ব সংশোধনী বিধেয়কৰ ভুল বাখ্যা দিয়া বুলি উল্লেখ কৰি এই বিধেয়কে হিন্দুসকলক সুৰক্ষাহে দিব বুলি কয়।

আনহাতে তিনিচুকীয়াৰ ধলাৰ হত্যাকাণ্ডত আলফা(স্বা) জড়িত নহয় বুলি কোৱাৰ পিছত মন্ত্ৰী গৰাকীয়ে এই ঘটনাত জেহাদী জড়িত থাকিব পাৰে বুলি কয়।

ইফালে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ো উক্ত ঘটনাক ধিক্কাৰ  দিয়াৰ লগতে কাপুৰুষালি আখ্যা দিয়ে।

তাৰোপৰি ধলা খেৰবাৰীৰ ঘটনাক লৈ নগাঁৱৰ বিভিন্ন দল-সংগঠনেও গৰিহণা দিয়াৰ লগতে এই ঘটনাৰ লগত জড়িত সকলক কঠোৰ শাস্তি বিহিবলৈ চৰকাৰক দাবী জনাইছে।

এই ঘটনাৰ প্ৰতিবাদত আজি হিন্দু বাঙালী নাগৰিক মঞ্চই নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মৌন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

মুখত ক’লা কাপোৰ পিন্ধি প্ৰতিবাদকাৰী সকলে তিনিচুকীয়া ঘটনাৰ লগত জড়িতসকলক কঠোৰ শাস্তি বিহাৰ দাবী জনায়।

পিছত মঞ্চৰ সভাপতি সৌমেন দত্ত আৰু সম্পাদক ভাস্কৰ দাসে নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ দিয়া এক স্মাৰকপত্ৰত এই ঘটনাৰ লগত জড়িতসকলক কৰায়ত্ত কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়।

তাৰোপৰি অসম গণ পৰিষদৰ ভাষিক সংখ্যালঘু পৰিষদ, সদৌ অসম আদিবাসী জাতীয় মহাসংঘ, অসম জন মৰ্চা, আম আদমী পাৰ্টিৰ নগাঁও জিলা সমিতি, নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছআত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, অসম গণ পৰিষদৰ নগাঁও জিলা সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে এই নৃশংসা ঘটনাৰ গৰিহণা দিয়ে।