NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধৰ বাবে মাত্ৰ ১ লাখ টকাৰ সাহায্য ধোনীৰ

March 27, 2020 4:56 pm · এন ই নাও নিউজ
মহেন্দ্ৰ সিং ধোনী

৮৫০ কোটি টকাৰ সম্পত্তিৰ গৰাকী ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে মাত্ৰ ১ লাখ টকাৰ বৰঙণি আগবঢ়াইছে।

কোভিদ-১৯-ৰ বাবে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ পাছত ১০০ টা পৰিয়ালক ১৪ দিনৰ সহায়ৰ বাবে ধোনীয়ে পুনেৰ মুকুল মাধৱ ফাউণ্ডেশ্যনক ১ লাখ টকা বৰঙণি যোগায়।

ভাৰতবৰ্ষৰ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ৰাজ্য সমূহৰ ভিতৰত মহাৰাষ্ট্ৰ অন্যতম, পুনেত প্ৰায় ৩০ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

ক’ৰ’না ভাইৰাছৰ ফলত ক্ষতিগ্ৰস্ত হোৱা দিন হাজিৰা কৰা পুনেৰ লোকসকলক প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰা কামত ধোনীৰ অৰ্থ সাহায্য ব্যৱহাৰ কৰা হ’ব।

কিন্তু ভাৰতৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকলে ধোনীৰ ক্ষুদ্ৰ বৰঙণিৰ বাবে ক্ষোভ ব্যক্ত কৰা দেখা গৈছে।

আনহাতে, ভাৰতীয় ক্ৰিকেটৰ নক্ষত্ৰ শচীন টেণ্ডুলকাৰে শুকুৰবাৰে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে ৫০ লাখ টকাৰ সাহায্য ঘোষণা কৰে।

শচীন টেণ্ডুলকাৰে ২৫ লাখ প্ৰধান মন্ত্ৰী সহায্য পুঁজিলৈ আৰু ২৫ লাখ মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়ায়।

বিশ্বৰ ধনী খেলুৱৈ সকলৰ ভিতৰত মহেন্দ্ৰ সিং ধোনী অন্যতম। ধোনীয়ে আই এছ এলৰ চেন্নাই এফ চি, হ’কী ক্লাৱ ৰাঞ্চি ৰেয়ছকে ধৰি বহুকেইটা দলৰ মালিকীস্বত্ত ক্ৰয় কৰি আছে।

তদুপৰি, ধোনী পেপছি, অ’ৰিয়েণ্ট পিএছপিঅ’, স্পাৰ্টান স্পোৰ্টছ, ৰিবক, বুষ্ট, এমিটি য়ুনিভাৰ্চিটি, গাল্ফ অইল, অমৰাপল্লী গ্ৰুপ, অশোক লেলেণ্ড, মেকড’নাল্ডছ চ’ডা, বিগ বাজাৰ, এক্সাইড বেটাৰী, টিভিএছ মট’ৰছ, চোনী ব্ৰভিয়া, চ’নাতা ঘড়ী, মেক্স মোবাইল আদিৰ দৰে প্ৰতিষ্ঠানৰ ব্ৰাণ্ড এম্বেছাদৰ হৈ আছে।

Related News