NORTHEAST NOW (Assamese)

শচীন-সেহৱাগৰ লগতে কিয় গম্ভীৰকো দলৰ পৰা বাদ দিব বিচাৰিছিল ধোনীয়ে?

July 19, 2019 2:27 pm · এন ই নাও নিউজ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ক্ৰিকেট ভৱিষৎ কি হ’ব তাক লৈ সৰৱ চৰ্চা চলি থকাৰ সময়তে এক বিস্ফোৰণ ঘটাইছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বাওঁহতীয়া বেটছমেন তথা বৰ্তমানৰ সাংসদ গৌতম গম্ভীৰে।

২১ জুলাই অৰ্থাৎ দেওবাৰে ভাৰতীয় দল ঘোষণাৰ বাবে মিলিত হ’ব নিৰ্বাচক মণ্ডলী। ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে ঘোষণা কৰিব লগীয়া দলত ধোনীয়ে দলত স্থান লাভ কৰি নে নাই সেয়া সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ সময়তে আৱেগক একাষৰীয়া কৰি দল নিৰ্বাচনত গুৰুত্ব দিব লাগে বুলি গম্ভীৰে মন্তব্য কৰিছে।

‘ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰখাটো গুৰুত্বপূৰ্ণ। ধোনী যেতিয়া দলৰ অধিনায়ক আছিল, তেওঁ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিনিয়োগ কৰিছিল। ধোনীয়ে অষ্ট্ৰেলিয়াত কোৱা মোৰ এতিয়াও মনত আছে যে মই, শচীন আৰু সেহৱাগ একেলগে তিনিওজনে চি বি ছিৰিজ খেলিব নোৱাৰো। কিয়নো তাৰ ষ্টেডিয়াম সমূহ যথেষ্ট ডাঙৰ’।  এটা নিউজ চেনেলৰ আছুতীয়া সাক্ষাৎকাৰত এইদৰে কয় গম্ভীৰে।

ইফালে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্ব সন্দৰ্ভতো প্ৰাক্তন বাঁওহতীয়া বেটছমেন গৰাকীয়ে কেতবোৰ গুৰত্বপূৰ্ণ মন্তব্য কৰে।

‘যদি আপুনি পৰিসংখ্যা চাই তেন্তে নিশ্চিত ভাৱে ধোনী শ্ৰেষ্ঠ অধিনায়ক। কিন্তু সেইটোৱে এইটো নুবুজায় যে আন আন ভাৰতীয় অধিনায়ক সকল ব্যৰ্থ হৈছে। ভাৰতীয় ক্ৰিকেটত সৌৰভ গাংগুলীৰ অৰিহনাও গুৰুত্বপূৰ্ণ। আমি তেওঁৰ নেতৃত্বতে বিদেশত ছিৰিজ জয় হৈছিলো। বিৰাট কোহলিৰ নেতৃত্বত ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাত এদিনীয়া শৃংখলা আৰু অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ী হৈছে’। এই মন্তব্য গম্ভীৰৰ।

তেওঁ লগতে কয়, ‘এইটো সঁচা যে ধোনীৰ নেতৃত্বত ভাৰতে ২০০৭ টি টুৱেণ্টি আৰু ২০১১ত এদিনীয়া বিশ্বকাপ জয়ী হৈছে। কিন্তু তাৰ মানে এইটো ঠিক নহয় যে সফলতাৰ সকলো কৃতিত্ব তেওঁকে দিব আৰু বিফলতাৰ বাবেও তেওঁকে দোষাৰোপ কৰিব’।

Related News