এডভাণ্টেইজ আছাম শীৰ্ষক বিনিয়োগ সন্মিলন পতা অসম চৰকাৰক ধুবুৰীস্থিত জুইশলা উদ্যোগটো পুনৰুজ্জীৱিত কৰিবলৈ আহ্বান জনাইছে।
উদ্যোগ মন্ত্ৰীয়ে জিলাখন ভ্ৰমণ কৰাৰ সময়ত ৭ ডিচেম্বৰত তেওঁক কেইবাজনো জ্যেষ্ঠ নাগৰিকৰ দ্বাৰা স্বাক্ষৰিত এখন স্মাৰক পত্ৰ দিয়ে ধুবুৰী জিলা বিজেপিৰ সভাপতি ড০ দেবময় সান্যালৰ নেতৃত্বৰ এটা দলে।
স্মাৰকপত্ৰখনত নাগৰিকসকলে বৰ্তমান বন্ধ হৈ থকা অসমৰ একমাত্ৰ জুইশলা উদ্যোগটো (Western India Match Company- WIMCO) পুনৰ সক্ষম কৰিবলৈ অথবা তাৰ ঠাইত এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক গঢ়ি তুলিবলৈ মন্ত্ৰীজনক আহ্বান জনায়।
মন্ত্ৰীজনক সাক্ষাৎ কৰা প্ৰতিনিধি গোটটোৱে কয় যে যদিহে উদ্যোগটো পুনৰ সক্ষম কৰি তুলিব পৰা যায়, তেতিয়া জিলাখনৰ অৰ্থনীতি আৰু নিয়োগৰ পৰিস্থিতিত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখা যাব।
অসমৰ এসময়ৰ গৌৰৱপূৰ্ণ উদ্যোগটো বৰ্তমান আই টি চি বিজনেছ গ্ৰুপৰ হাতত আছে আৰু এইটো গ্ৰুপটোৰ হাতলৈ অহাৰ পূৰ্বেই ১৯৯৭ চনৰ পৰা বন্ধ হৈ আছে।
উদ্যোগটো প্ৰায় ১৭৫ বিঘা ভূমি সামৰি ১৯২৬ এটা ছুইডিছ কোম্পানিয়ে স্থাপন কৰিছিল তেতিয়াৰ অবিভক্ত গোৱালাপাৰা জিলাত। তেতিয়া ইয়াক আছাম মেচ্চ ফেক্টৰি নামেৰে জনা গৈছিল। তথ্য মতে, অসমত ইয়াতেই প্ৰথম শ্ৰমিক দিৱস পতা হৈছিল ১৯৩৫ চনত।
ইয়াৰ পিছত ১৯৭৯ চনত উদ্যোগটো দুজন উদ্যোগপতি এছ কে জটিয়া আৰু আৰ কে জটিয়াই দখল কৰে আৰু পুৰণি নামটো সলাই Western India Match Company (WIMCO) কৰে।
১৯৯৭ চনত উচ্চতম ন্যায়ালয়ে গছ কটা বন্ধ কৰিবলৈ দিয়া নিৰ্দেশটোৰ সুবিধা লৈ তেওঁলোকে উদ্যোগটো সম্পূৰ্ণকৈ বন্ধ কৰি দিয়ে।
পিছত ২০০১ চনত উদ্যোগটো বৰ্তমানৰ গৰাকী আই টি চি বিজনেছ গ্ৰুপক বিক্ৰী কৰি দিয়ে।
প্ৰতিনিধি গোটটোৱে মন্ত্ৰীজনৰ আগত শংকা প্ৰকাশ কৰে যে উদ্যোগটো থকা বৃহৎ ভূমিখণ্ড মালিকপক্ষই বিক্ৰী কৰি দিব পাৰে বা ইয়াক ৰিয়েল এষ্টেটলৈ সলনি কৰিব পাৰে।