NORTHEAST NOW (Assamese)

নগাঁৱৰ ৰূপহীহাটত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ; ক্ৰিকেট বেটেৰে প্ৰহাৰ দুৰ্বৃত্তৰ

February 20, 2025 4:04 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 20, 2025 4:05 pm

নগাঁৱৰ ৰূপহীহাটত ধুবুৰীৰ সাংসদ সাংসদ ৰকিবুল হুছেইনক অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

জানিব পৰা মতে, সাংসদগৰাকীয়ে গুণাবাৰীৰ এখন দলীয় কৰ্মী সভালৈ গৈছিল। দুৰ্বৃত্তই ক্ৰিকট বেটেৰে বৰ্তমান ধুবুৰীৰ সাংসদ তথা চামগুৰিৰ প্ৰাক্তন বিধায়ক ৰকিবুল হুছেইনক প্ৰহাৰ কৰে।

মটৰ চাইকেলেৰে যোৱা সাংসদগৰাকীক ৰূপহীহাটত একাংশ লোকে ক’লা পতাকা প্ৰদৰ্শন কৰে। তাৰ মাজতে মুখত ক’লা কাপোৰ বান্ধি কেইবাজনো দুৰ্বৃত্তই সাংসদগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰে।

অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে সাংসদগৰাকীক প্ৰহাৰ কৰাৰ পাছত তেওঁৰ সুৰক্ষীকৰ্মীকো আক্ৰমণ কৰে।

পৰিস্থিতি অধিক অৱনতি হোৱাৰ সময়ত সাংসদগৰাকীৰ দেহৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। এই ঘটনাত সাংসদগৰাকীৰ লগতে তেওঁৰ দেহৰক্ষীগৰাকীও আহত হৈছে।

আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ সময়ত সাংসদ ৰকিবুল হুছেইনৰ লগত তেওঁৰ পুত্ৰ তানজিল হুছেইনো আছিল। ৰূপহীহাটৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাও সাংসদগৰাকীৰ সৈতে আছিল।

জানিব পৰা মতে, আক্ৰমণকাৰীৰ পৰা হাত সাৰিবলৈ পলাবলৈ লওঁতে স্কুটীৰ পৰা পথৰ ওপৰত পৰি যায় ৰকিবুল হুছেইন।

ইপিনে, বিজেপি কৰ্মীৰ বিৰুদ্ধে সাংসদগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। 

Related News