ধুবুৰীত ১০ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱা শিক্ষকক গ্ৰেপ্তাৰ

651212-rape-1

প্ৰতিনিধিত্বমূলক ফটো।

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে ১০ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এগৰাকী বিদ্যালয় শিক্ষকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, গৌৰীপুৰ থানাৰ অন্তৰ্গত পিয়াজবাৰীত বৃহস্পতিবাৰে ঘটনাটো সংঘটিত হয়।

বৃহস্পতিবাৰে সন্ধিয়া অভিযুক্ত শিক্ষকগৰাকীয়ে ঘৰত অকলে থকা অৱস্থাত নাবালিকা গৰাকীক তেওঁৰ ঘৰলৈ মাতি আনি যৌন নিৰ্যাতন চলায়।

স্থানীয় লোকে জানিবলৈ দিয়ে যে ইয়াৰ মাজতে নাবালিকাগৰাকীৰ মাতৃয়ে ছোৱালীজনীক বিচাৰি অভিযুক্তৰ ঘৰত উপস্থিত হয় আৰু শিক্ষকগৰাকীৰ কবলৰ পৰা ছোৱালীজনীক ৰক্ষা কৰে।

ঘটনাটোৰ বিষয়ে জানিব পাৰি স্থানীয় লোকে অভিযুক্ত শিক্ষকগৰাকীৰ ঘৰ ঘেৰাও কৰে আৰু শিক্ষকগৰাকীক উত্তম-মধ্যম শোধাই স্থানীয় আৰক্ষীক গতাই দিয়ে।

অভিযুক্ত শিক্ষকগৰাকীক গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পিয়াজবাৰী এম ই স্কুলৰ এগৰাকী শিক্ষক হাছেম আলী (৫৪) বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বলি নাবালিকাৰ মাতৃয়ে গৌৰীপুৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৪২/৩৭৬ এ বি / ৫১১ আৰ ডব্লিউ আৰু পস্ক’ আইনৰ ধাৰা ৮ৰ অধীনত এখন এজাহাৰ দাখিল কৰিছে।

‘’আমি ঘটনাৰ বলি নাবালিকাগৰাকীৰ ভাষ্য লিপিবদ্ধ কৰিছো আৰু অভিযুক্ত গ্ৰেপ্তাৰ কৰিছো। পৰৱৰ্তী তদন্ত অব্যাহত আছে,’’- গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়।