NORTHEAST NOW (Assamese)

ধুবুৰীৰ ধীৰঘাটত আৰক্ষীৰ অভিযান; বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

February 7, 2019 10:36 am · এন ই নাও নিউজ

ধুবুৰী আৰক্ষীয়ে বুধবাৰে নিশা জিলাখনৰ চাপৰৰ অন্তৰ্গত ধীৰঘাটত এক অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ৫০ কেজি হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

প্ৰাপ্ত তথ্য মতে চাপৰৰ চক্ৰ বিষয়াৰ সহযোগত আৰক্ষীয়ে ধীৰঘাটৰ গাঞ্জা ব্যৱসায়ী চুৰত জামালৰ ঘৰত অভিযান চলাই উক্ত গাঞ্জাখিনি জব্দ কৰে। অৱশ্যে আৰক্ষীয়ে গৈ পোৱাৰ আগতে গাঞ্জা ব্যৱসায়ী গৰাকীয়ে সেইস্থানৰ পৰা পলায়ন কৰে।

প্ৰায় ৩ লক্ষাধিক টকা বজাৰ মূল্যৰ উক্ত গাঞ্জাখিনি মণিপুৰি গাঞ্জা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষীয়ে গাঞ্জা ব্যৱসায়ী চুৰত জামালক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা সময়লৈকে তেওঁক আটক কৰিবলৈ সক্ষম হোৱা নাই।

Related News