২০ দিনত ডিব্ৰুগড় প্ৰশাসনে জব্দ কৰিলে ৪.৭৭ লাখ টকাৰ অবৈধ সুৰা

Illegal Liquor

ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিনিধিত্বমূলক চিত্ৰ

লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ অন্যান্য জিলা সমূহৰ লগতে ডিব্ৰুগড় জিলা প্ৰশাসনেও অবৈধ সুৰাৰ প্ৰচলন ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট উল্লেখনীয় সফলতা লাভ কৰিছে। বিগত ২০ দিনত প্ৰশাসনে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৪.৭৭ লাখ টকাৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে অহা ১১ এপ্ৰিলত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশত আবকাৰী বিভাগে যোৱা ১১ মাৰ্চৰ পৰাই জিলাখনৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ প্ৰচলন ৰোধ কৰাৰ ক্ষেত্ৰত অভিযান আৰম্ভ কৰিছিল।

আবকাৰী বিভাগে এই সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি যোৱা পাঁচ দিনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা মুঠ ৩২৩.৭৩ লিটাৰ বিদেশত নিৰ্মিত, ১৬.৫ লিটাৰ বিয়েৰ আৰু ৪২০০ লিটাৰ দেশীয় সুৰা জব্দ কৰিবলৈ সক্ষম হয়।

অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনত যাতে জিলাখনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিলাখনত এনে ধৰণৰ অভিযান অব্যাহত ৰাখিছে বুলি জিলা উপায়ুক্ত পল্লব গোপাল ঝাই জনায়।

উল্লেখ্য যে অবৈধ সুৰাৰ বিৰুদ্ধে জিলাখনৰ ৬১টা স্থানত অভিযান চলোৱাৰ উপৰি অবৈধ সুৰা ব্যৱসায়ৰ সৈতে জড়িত ৮জন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।