সোণাৰিত বিদ্যালয়ৰ দেৱাল খহি আহত ছাত্ৰৰ ডিব্ৰুগড়ৰ চিকিৎসালয়ত মৃত্যু

37a2d4f3-b290-4fbc-bbc4-4fdfdef273e0

চাৰি দিন ধৰি মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে সোণাৰিৰ ছেণ্ট যোছেফ ডনবস্ক’ বিদ্যালয়ৰ ছাত্ৰ ৰংগ ৰঞ্জ মহনে। দেওবাৰে নিশা প্ৰায় ১১.৪০ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মহনে মৃত্যুক আঁকোৱালি লয়।

উল্লেখযোগ্য যে যোৱা ৯ আগষ্টত সোণাৰিৰ ছেণ্ট যোছেফ ডনবস্ক’ বিদ্যালয়ত এক দুৰ্ঘটনা সংঘটিত হৈছিল।

প্ৰাপ্ত তথ্য মতে উক্ত দিনা বিদ্যালয়খনৰ জিৰণিৰ সময়ছোৱাত এখন পকী দেৱাল খহি পৰিছিল। আৰু এই পকী দেৱাল খহি পৰাত গুৰুতৰভাৱে আহত হৈছিল ৰংগ ৰঞ্জ মহন আৰু প্ৰিয়াঞ্চু পল নামৰ দুজনকৈ ছাত্ৰ।

ঘটনা সংঘটিত হোৱাৰ লগে লগে বিদ্যালয়খনৰ আহত দুয়োগৰাকী ছাত্ৰকে তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

দুৰ্ঘটনাটোত আহত প্ৰিয়াঞ্চু পলক সোণাৰিৰ প্ৰাথমিক চিকিৎসালয়ত ৰখাৰ বিপৰীতে আনজন ছাত্ৰ ৰংগ ৰঞ্জ মহনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল।

কিন্তু দুৰ্ভাগ্যবশত চিকিৎসালয়খনত চাৰিদিন মৃত্যুৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় ছাত্ৰজন।

আনহাতে ছাত্ৰজনৰ মৃত্যুত দুদিনৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।

আনহাতে স্থানীয় একাংশই ঘটনাটো বিদ্যালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। স্থানীয় লোকে জনোৱা অনুসৰি পকী দেৱালখন বহু পুৰণি হোৱা সত্ত্বেও বিদ্যালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাছিল।

অৱশ্যে প্ৰাশসনে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে। তদন্তৰ অন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।