NORTHEAST NOW (Assamese)

পুনৰ ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ বিশাল ফুকন : কি হ’ব চুমি-তাৰ্কিকৰ?

September 20, 2024 4:26 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

পুনৰ ৪ দিনৰ বাবে আৰক্ষী জিম্মালৈ গ’ল বিশাল ফুকন। ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড ২২ বছৰীয়া বিশাল ফুকনৰ জিম্মা আৰু চাৰিদিনৰ বাবে আৰক্ষীৰ হাতত অৰ্পণ কৰিছে ডিব্ৰুগড় জিলা আৰু অধিৱেশন আদালতে ।

পূৰ্বৰ আৰক্ষী জিম্মাৰ সময়সীমা শেষ হোৱাৰ পিছত আৰক্ষীয়ে তেওঁক আদালতত হাজিৰ কৰাৰ পিছত আদালতে পুনৰ ৪ দিনৰ বাবে আৰক্ষী জিম্মালৈ বিশাল ফুকনক প্ৰেৰণ কৰে।

উল্লেখ্য যে আৰক্ষীয়ে বিশাল ফুকনৰ জিম্মা সাত দিনৰ বাবে বিচাৰিছিল যদিও আদালতে মাত্ৰ চাৰি দিনৰ বাবেহে তেওঁৰ জিম্মা আৰক্ষীক গতাই দিছিল।

ইয়াৰ পূৰ্বে আজি ডিব্ৰুগড় থানাত উপস্থিত হয় বিশাল ফুকনৰ সহযোগী তথা চুমি বৰাৰ ভগ্নী জিংকি মিলি। জিংকি মিলিয়ে ইতিমধ্যে এই গোচৰত অন্তৱৰ্তীকালিন জামিন লাভ কৰিছে। ইফালে চুমি বৰা আৰু তাৰ্কিক বৰা বৰ্তমানেও আৰক্ষীৰ জিম্মাতে আছে।

Related News