NORTHEAST NOW (Assamese)

ডিব্ৰুগড়ত উত্তেজনা ! ৰাজপথত উদ্ধাৰ এটা মৰ্টাৰৰ খোলা

September 19, 2021 1:20 pm · এন ই নাও নিউজ
Updated: September 19, 2021 1:25 pm

আজি পুৱা ডিব্ৰুগড়ৰ বকপাৰা চাৰি আলিৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথত ডিব্ৰুগড় আৰক্ষীয়ে এটা মৰ্টাৰৰ খোলা উদ্ধাৰ কৰে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অঞ্চলটোৰ এজন স্থানীয় বাসিন্দাই পুৱা খোজ কাঢ়িবলৈ আহোঁতে এই মৰ্টাৰৰ খোলাটো দেখিবলৈ পায় ।

এই ঘটনাই অঞ্চলটোৰ বাসিন্দা সকলৰ মাজত এক চেঁপা উত্তেজনাৰ সৃষ্টি কৰে।

উদ্ধাৰ হোৱা মৰ্টাৰৰ খোলাটো বহু পুৰণি আৰু মামৰে ধৰি ক্ষয় যোৱা বুলি জানিব পৰা গৈছে।

ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক বিপুল চেতিয়াই এই সম্পৰ্কে কয়, “ আমি ডিব্ৰুগড়ৰ ৰাজপথৰ পৰা এই মৰ্টাৰৰ খোলাটো উদ্ধাৰ কৰিছো। এই বিষয়ত বৰ্তমান তদন্ত আৰম্ভ কৰিছো।”

তেওঁ লগতে সন্দেহ প্ৰকাশ কৰি কয় যে, কোনোবাই এই খোলাটো নিজৰ ঘৰত ৰাখিছিল আৰু পুলিচ অনুসন্ধানৰ আশংকাত মৰ্টাৰটো পথত পেলাই থৈ যায়।

বৰ্তমান এই খোলাটো মানকটা অঞ্চলত ৰখা হৈছে আৰু আৰক্ষীৰ বিশেষ বোমা বাহিনীয়ে মৰ্টাৰৰ খোলাটো পৰ্যবেক্ষণ কৰে বুলি জানিব পৰা গৈছে।

উদ্ধাৰ হোৱা মৰ্টাৰৰ খোলাটো আলফা(স্বাধীন) – এ সেনা বাহিনীৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল বুলি সন্দেহ কৰা হৈছে।

Related News