ডিব্রুগড়ত ১.১৪ কেজি হেৰোইনসহ ১৯.৫৫ লাখ টকা জব্দ

ডিব্ৰুগড় আৰক্ষীয়ে আজি এক অভিযান চলাই নগৰখনৰ কালিবাৰী অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ হেৰোইনৰ লগতে নগদ ১৯.৫৫ লাখ টকা জব্দ কৰে।

আৰক্ষীয়ে জনোৱা মতে জব্দ কৰা হেৰোইনখিনিৰ ওজন ১.১৪ কিলোগ্ৰাম তথা ইয়াৰ বজাৰ মূল্য প্ৰায় ৭০ লাখ টকা হ’ব।

প্ৰাপ্ত তথ্য অনুসৰি আজি পুৱা প্ৰায় ৩ বজাত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কালিবাৰীৰ এটা ঘৰত উক্ত অভিযান চলাই।

আনহাতে হেৰোইন মজুত ৰখা ৰাজা আলী নামৰ ঘৰটোৰ গৰাকীজনে ঘৰৰ প্ৰথম মহলাৰ পৰা জপিয়াই পলায়ন কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰাজা আলীৰ পত্নী ৰাণু বেগমক আটক কৰে।

ডিব্ৰুগড় আৰক্ষী থানাত ৰাজু আলী আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ এটা গোচৰ ৰুজু কৰা হয়।

এক সূত্ৰৰ পৰা জানিব পৰা মতে ২০১৬ চনত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ইলাহী শ্বেইখক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছৰ পৰা ৰাজা আলীয়ে ড্ৰাগছৰ ব্যৱসায় চলায় আছে।

উজনি অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বেপাৰ চলাই অহা  ৰাজাই তেওঁৰ এই অধৈধ ব্যৱসায়ত যুৱপ্ৰজন্মক নিয়োগ কৰে বুলি সূত্ৰটোত প্ৰকাশ।