ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে বৃহস্পতিবাৰে বিশ্ববিদ্যালয়খনৰ উপচাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

বিশ্ববিদ্যালয়ৰ চৌহদৰ উপাচাৰ্য্যৰ কাৰ্য্যালয়ৰ সন্মুখত আছু গোটৰ ছাত্ৰ কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

উপাচাৰ্য্য ৰঞ্জিত তামুলীৰ বিৰুদ্ধে বিত্তীয় অপব্যৱহাৰ আৰু অনিয়মৰ অভিযোগ তুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে এই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ উপাচাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ আচাৰ্য্য তথা ৰাজ্যপালক এই সংক্ৰান্তত উচ্চ পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰিবলৈ দাবী জনায়।

ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধি সকলে উপাচাৰ্য্য ৰঞ্জিত তামুলীৰ বিৰুদ্ধে ক্ষমতাৰ প্ৰয়োগেৰে ৰাজহুৱা ধনৰ অপব্যৱহাৰৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।

‘‘ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰাজহুৱা ধনৰ অপব্যৱহাৰ আৰু অনিময়ৰ ক্ষেত্ৰত আমি ইতিমধ্যে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলো যদিও এতিয়ালৈ কোনো ধৰণৰ তদন্ত ঘোষণা কৰা হোৱা নায়। শীঘ্ৰেই আমি এখন উচ্চস্তৰীয় সমিতি গঠন কৰি এই সম্পৰ্কত তদন্ত কৰিবলৈ আহ্বান জনাইছো,’’ নৰ্থ-ইষ্ট নাওৰ আগত পি জি এছ য়ুৰ সাধাৰণ সম্পাদক আৰু বৰ্তমানৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক ডেভিড হাজৰিকাই এইদৰে কয়।

অলপতে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থায়ো ৰাজ্যপালৰ ওচৰত বিশ্ববিদ্যালয়খনত সংঘটিত হোৱা বিত্তীয় অনিময় সম্পৰ্কত এখন উচ্চস্তৰীয় সমিতি গঠন কৰি তদন্ত ঘোষণা কৰিবলৈ এখন আবেদন দাখিল কৰিছিল।