বোকাখাতত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় ফুটবল প্ৰতিযোগিতা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চলিত বৰ্ষৰ আন্তঃমহাবিদ্যালয়ৰ ফুটবল প্ৰতিযোগিতাৰ গোলাঘাট মণ্ডলৰ যোগ্যতা নিৰ্ধাৰক খেল সমূহ আজিৰে পৰা বোকাখাতত অনুষ্ঠিত হয় ৷

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ খেলপথাৰত আজি বিয়লি অনুষ্ঠিত প্ৰথমখন খেল আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জে ডি এছ জি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অখিল বৰুৱাই ৷

মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰে ৷ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ তথা ক্ৰীড়া পেঞ্চনাৰ লোকেশ্বৰ শইকীয়া আৰু মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ড৹ অৰুণ বৰা ৷

উপস্থিত অতিথিসকলক খেলৰ প্ৰাকক্ষণত সমূহ খেলুৱৈৰ সৈতে পৰিচয় কৰোৱা হয় ৷ উদ্বোধনী খেলখনত প্ৰতিদ্বন্দ্বিতা কৰে জে ডি এছ জি মহাবিদ্যালয় আৰু গোলাঘাটৰ ডনবস্কো মহাবিদ্যালয়ে ৷

খেলখনত ডনবস্কো মহাবিদ্যালয়ে জে ডি এছ জি মহাবিদ্যালয়ক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী পৰ্যায়লৈ উন্নীত হয় ৷

আজিৰ খেলখনত ডনবস্কো মহাবিদ্যালয়ৰ হৈ লাবিন দাউ কামছনে ২ টা আৰু এন পায়োয়ে ১ টা গ’ল দিয়াৰ বিপৰীতে জে ডি এছ জি মহাবিদ্যালয়ৰ হৈ অনুৰসিং তেৰাং আৰু ভাইটী টকবিয়ে ১ টা কৈ গ’ল দিয়ে ৷ খেলখন পৰিচালনা কৰে দ্বীপেন শইকীয়া,  দ্বীপৰাজ ছেত্ৰী,  কৃষ্ণ ওৰাং আৰু খগেন তাঁতীয়ে ৷

ইফালে বিধি বহিৰ্ভূত ভাৱে খেলাৰ বাবে জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাকেশ লোহাৰ আৰু প্ৰণৱ জ্যোতি মৰাঙক ৰেফাৰীয়ে হালধীয়া কাৰ্ড প্ৰদৰ্শন কৰে।