কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index

ৰাজ্যত মহামাৰী কোভিড১৯ৰ ক্ৰমবৰ্ধান সংক্ৰমণৰ পৰিপ্ৰেক্ষিত চৰকাৰে জিলা প্ৰশাসনক নতুন নিৰ্দেশনা আদি জাৰি কৰাৰ কৰ্তৃত্ব দিয়াৰ সমান্তৰালভাৱে উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ে স্নাতকোত্তৰ আগন্তুক পৰীক্ষা সূচী স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে।

উচ্চ শিক্ষানুষ্ঠানখনৰ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰণক ডঃ এ বৰুৱাৰ স্বাক্ষৰিত এক জাননীত কোৱা হৈছে বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ মহলাৰ সকলো ছেমিষ্টাৰৰ অহা ১৯ আৰু ২০ এপ্ৰিলত অনুষ্ঠিতব্য পৰীক্ষা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত ৰখা হৈছে।

“ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ সকলো বিভাগ, অধ্যয়ন কেন্দ্ৰ আৰু অনুমোদিত মহাবিদ্যালয়/প্ৰতিষ্ঠানসমূহৰ স্নাতকোত্তৰ মহলাৰ পৰীক্ষা স্থগিত ৰখা হৈছে। স্থগিত কৰা পৰীক্ষাসমূহৰ নতুন তাৰিখবোৰ যথা সময়ত জাননী যোগে প্ৰকাশ কৰা হ’ব।” জাননীখনত এইদৰে উল্লেখ কৰা হৈছে।

উল্লেখ্য যে অসমতো কোভিড১৯ত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে। শনিবাৰৰ দিনটোত ৰাজ্যখনত ৮৭৬ গৰাকী লোক কোভিড১৯ত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ পাইছে।

ইপিনে কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যখনৰ কেবাখনো জিলাত মাস্ক পৰিধান নকৰা লোকক ১০০০ টকা জৰিমনা বিহাৰ নিৰ্দেশনা দিছে জিলা প্ৰশাসনসমূহে।