ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ : ICCত অভিযোগ দাখিল শিক্ষাৰ্থীৰ

index

পুনৰ শিক্ষাৰ্থীৰ ওপৰত যৌন শোষণ চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে উজনি অসমৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে।

বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ এগৰাকী অধ্যাপকৰ বিৰুদ্ধে তেওঁৰে এগৰাকী গৱেষিকা শিক্ষাৰ্থীয়ে যৌন উৎপীড়ন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

অসমীয়া বিভাগৰ পিএইছ ডিৰ গৱেষিকা শিক্ষাৰ্থীগৰাকীয়ে তেওঁৰ তত্বাৱধায়ক তথা বিভাগৰ অধ্যাপকগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে যৌন উৎপীড়নৰ ঘটনাৰ সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ Internal Complaints Committee(ICC)ত অভিযোগ দাখিল কৰিছে।

বিশষে সূত্ৰে জানিব পৰা অনুসৰি গৱেষিকা শিক্ষাৰ্থীগৰাকীয়ে মাৰ্চৰ চতুৰ্থ সপ্তাহতে অভিযুক্ত অধ্যাপকগৰাকীৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ Internal Complaints Committee(ICC)ত অভিযোগ দাখিল কৰে যদিও কমিটিৰ তদন্ত কোন পৰ্যায়ত আছে সেয়া জানিব পৰা হোৱা নাই।

অৱশ্যে তিনিগৰাকী শিক্ষাৰ্থী প্ৰতিনিধি থকা ৯ নজনীয়া Internal Complaints Committee-এ অভিযোগকাৰী গৱেষিকা শিক্ষাৰ্থীগৰাকীৰ জবানবন্দী গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

আনহাতে নৰ্থইষ্ট নাওৰ ফালৰ পৰা উক্ত কমিটিৰ প্ৰিজাইডিং বিষয়া ডঃ দ্বীপশিখা বড়াৰ লগতে এগৰাকী শিক্ষাৰ্থী প্ৰতিনিধিৰ সৈতে ঘটনাটোৰ তদন্তৰ অগ্ৰগতিৰ সম্পৰ্কে যোগাযোগ কৰি জানিবলৈ বিচৰা হৈছিল যদিও বিষয়াগৰাকীসহ শিক্ষাৰ্থী প্ৰতিনিধিগৰাকীয়ে এই সন্দৰ্ভত কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও বিশ্ববিদ্যালয়খনৰ অধ্যাপকৰ বিৰুদ্ধে শিক্ষাৰ্থীয়ে যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপনৰ উদাহৰণ আছে।

বিগত বৰ্ষত বিশ্ববিদ্যালয়খনৰ ইতিহাস বিভাগৰ তদানীন্তন মুৰব্বী অধ্যাপকগৰাকীৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ উত্থাপন হৈছিল আৰু বিশ্ববিদ্যালয়খনৰ Internal Complaints Committeeত ভুক্তভোগী বুলি দাবী কৰা শিক্ষাৰ্থীগৰাকীয়ে অভিযোগ দাখিল কৰিছিল।

ইতিহাস বিভাগৰ তদানীন্তন মুৰব্বী অধ্যাপক ডঃ ডম্বৰুধৰ নাথৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ উত্থাপন কৰা ছাত্ৰীগৰাকীয়ে বিগত বছৰ নৱেম্বৰ মাহত সোণাৰী আৰক্ষী থানাৰ দ্বাৰস্থও হৈছিল।

অভিযোগ আছিল যে ২০১৬ বৰ্ষতে ছাত্ৰীগৰাকীক অধ্যাপক ডঃ নাথে যৌন উৎপীড়ন চলাইছিল। যৌন শোষণৰ অভিযোগটো বিশ্ববিদ্যালয়ৰ তদানীন্তন Internal Complaints Committeeত বিচাৰাধীন অৱস্থাতে অধ্যাপক ডঃ নাথে স্বাস্থ্যজনিত কাৰণত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি বিশ্ববিদ্যালয়খন ত্যাগ কৰিছিল।

ইয়াৰ পিছতে অধ্যাপক ডঃ ডম্বৰুধৰ নাথক অসম চৰকাৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় উপাচাৰ্য হিচাপে নিযুক্তি দি পুৰস্কৃত কৰিছিল।